May 1, 2025 9:30 PM

views 18

পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পহলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ বাবে আহ্বান জনাইছে। তেওঁ কয়, যে ৰাষ্ট্ৰৰ স্বাৰ্থ সকলো স্বাৰ্থতকৈ উর্ধত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চুন'তিয়া মুঝে পছন্দ হে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বত ভাৰতৰ প্রভাৱ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে। এই গ্ৰন্থখন ৰাজ্যপাল আনন্দিবেন পেটেলৰ অনুপ্ৰেৰণাময় যাত্ৰাৰ আধাৰত ৰচনা কৰা হৈছে। গ্রন্থ উন্মোচনী অনুষ্ঠানত উপ-ৰাষ্ট্রপতি শ্রী ধনখড়ে উত্তৰ-প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰশংসা কৰে। এই ...

March 9, 2025 8:08 PM

views 13

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত উপস্থিত হৈ উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্বাস্থ্যৰ বুজ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুস্বাস্থ্য তথা আশু আৰোগ্য কামনা কৰে। উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক শাৰীৰিক অসুস্থতাৰ পৰিপ্ৰেক্ষিতত কালি নিশা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সম্প্ৰতি সুস্থিৰ অৱস্থাত থকা বুলি প্ৰকাশ কৰা হৈছে।

January 5, 2025 8:39 PM

views 21

দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়ঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়। দিল্লীত আজি এন চি চি গণৰাজ্য দিৱস শিবিৰ মুকলি কৰি শ্ৰীধনখড়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে জাতীয়তাবাদ সংস্থা আৰু ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ প্ৰয়োজন। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দেশৰ ৰূপান্তৰ ৫ টা বুনিয়াদি স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰে। সেইসমূহ হৈছে সামাজিক একতা, তৃণমূল পৰ্যায়ৰ পৰা দেশপ্ৰেমৰ প্ৰমূল্য যোগাই তোলা, পৰিবেশৰ প্ৰতি সজাগতা, আত্মনিৰ্ভৰশীলতা আৰু সামাজিক দায়বদ্ধতা। উপ...

November 4, 2024 8:03 PM

views 15

এদিনীয়া ভ্রমণসূচীৰে বুধবাৰে চত্তিশগড়লৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ এদিনীয়া ভ্রমণসূচীৰে চত্তিশগড়লৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীধনখড়ে ৰায়পুৰত অনুষ্ঠিত চত্তিশগড় ৰাজ্যিক মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

November 4, 2024 8:02 PM

views 28

দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছেঃ জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ৰাজহুৱা প্ৰশাসনৰ সৈতে জড়িত লোকসকল ৰাষ্ট্ৰবাদ, বিকশিত আৰু সংঘবদ্ধ ভাৰতবৰ্ষৰ ধাৰণা আৰু পক্ষপাতিত্ব অবিহনে দেশৰ সকলো নাগৰিককে সেৱা আগবঢ়োৱাৰ প্ৰমূল্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। নতুন দিল্লীত আজি ৰাজহুৱা প্ৰশাসনৰ ভাৰতীয় প্ৰতিষ্ঠান-আই আই পি এৰ সাধাৰণ পৰিষদৰ ৭০ সংখ্যক বাৰ্ষিক বৈঠকত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয় যে, দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, তথ্য হৈছে সমাজৰ প্ৰয়োজনসমূহ মূল্যায়ন কৰাৰ প্ৰা...

October 6, 2024 11:18 AM

views 6

উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবিঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নতুন দিল্লীত কালি এটা ব্যক্তিগত অনুষ্ঠানত ভাষণ দি কয় যে, উত্তৰ- পূৰ্বাঞ্চল দেশৰ হৃদয় আৰু আত্মা। তেওঁ কয় যে, উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয় বৰঞ্চ ভাৰতৰ সাৰমৰ্মক মূৰ্ত কৰি তোলা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এখন সজীৱ ছবি। উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য তথা ইয়াৰ সজীৱ সংস্কৃতি, খাদ্যাভ্যাস আৰু মানৱীয় শক্তিৰ প্ৰশংসা কৰে। শেহতীয়াকৈ অসমীয়া ভাষাটো ধ্রুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ বিষয়তো উপ-ৰাষ্ট্ৰপতিগৰাকীয়...

September 15, 2024 8:18 PM

views 17

ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ছাত্র-ছাত্রীসকলক কেৱল চৰকাৰী চাকৰিয়ে নহয়, প্ৰযুক্তিৰ ক্ষেত্ৰতো সুযোগ বিচাৰি উলিয়াবলৈ আহ্বান জনায়। ডিজিটেল টাৱাৰৰ দৰে আন্তঃগাঁথনি এনে সুযোগৰে উদাহৰণ বুলি তেওঁ উল্লেখ কৰে। নাগপুৰৰ ৰামদেও বাবা বিশ্ববিদ্যালয়ৰ ডিজিটেল টাৱাৰ উদ্বোধন কৰাৰ পাছত এই উপলক্ষে ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন, উপ-মুখ্যমন্ত্রী দেবেন্দ্র ফাদনৱীছ, পঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিত উপস্থিত থাকে। উল্লেখযোগ্য যে ১২ মহলীয়া...

September 15, 2024 8:14 PM

views 14

গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ ৪৩৪টা ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰৰ সংবিধান মন্দিৰসমূহ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্রী ধনখড়ে কয় যে, সংবিধান হৈছে গণতন্ত্ৰৰ আত্মা আৰু সংসদ হৈছে ইয়াৰ সংৰক্ষক। তেওঁ আৰু কয় যে, সংবিধান পঢ়ি আৰু হৃদয়ঙ্গম কৰি ইয়াৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰা উচিত। গণতান্ত্রিক প্রমূল্য আৰু সাংবিধানিক আদর্শসমূহ উদ্ভাসিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ সকলো প্ৰতিষ্ঠানক একগোট হৈ কাম কৰি যাবলৈ ...

September 1, 2024 8:30 PM

views 14

কলকাতাত মহিলা চিকিৎসকৰ সৈতে সংঘটিত ঘটনাক উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ গৰিহণা

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কলকাতাত এগৰাকী মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক গৰিহণা দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে ধৰণৰ অপৰাধমূলক ঘটনাৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। উত্তৰা খণ্ডৰ ঋষিকেশত আজি সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী তথা কৰ্মচাৰীসকলক সম্বোধন কৰি দিয়া ভাষণত উপৰাষ্ট্ৰপতিগৰাকীয়ে এনে বৰ্বৰ অপৰাধেৰে মানৱতাক লজ্জানত কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে চিকিৎসক, নার্চ, কম্পাউণ্ডাৰ তথা অন্যান্য স্বাস্থ...

September 1, 2024 1:43 PM

views 23

সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অভিহিত

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সৈনিক বিদ্যালয়ত ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্তক যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্রতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয়, আৰ আই এম চি ৰ কেডেটসকলক সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ছোৱালীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে বিশ্ব কল্যাণৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পৰাকৈ সাজু কৰি তোলা হৈছে। ইয়াৰ পূর্বে শ্রীধনখড়ে মহাবিদ্যাল...