August 15, 2024 8:28 PM

views 29

দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

 উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰী ধনখড়ে হায়দৰাবাদৰ কানহা শান্তি বনমলৈ যাব। দ্বিতীয় দিনা অন্ধ্রপ্রদেশত স্বৰ্ণ ভাৰত ন্যাসৰ ২৩ সংখ্যক বার্ষিকীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তেওঁ লগতে অকশৰা বিদ্যালয় চৌহদ আৰু দক্ষতা বিকাশ কেন্দ্ৰ আৰু মোপ্পাবাৰাপু ফাউণ্ডেচনলৈ যাব।

July 12, 2024 9:44 AM

views 32

মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাষণ দিব

■ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মুম্বাইৰ নৰছি মোনজি ব্যৱস্থাপনা অধ্যয়ন প্ৰতিষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষার্থীসকলক সম্বোধন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সবল ভাৰত : ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা প্রতিষ্ঠানসমূহৰ ভূমিকা শীর্ষক মূল ভাষণ প্ৰদান কৰিব। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ বেইছ আৰু ৰাজ্যসভাৰ সাংসদ প্রফুল পেটেল এই অনুষ্ঠানত উপস্থিত থাকিব। বিকশিত ভাৰত ২০৪৭ উদ্যম অনুসৰি দেশৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত...

June 8, 2024 1:29 PM

views 37

বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছেঃ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বহু বছৰৰ পাছত কোনো এগৰাকী প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ইনটান শ্বীপ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ১৯৬২ চনত শেষবাৰৰ বাবে পণ্ডিত জৱাহৰলাল নেহেৰুৱে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কয় যে, সংসদ, গণতন্ত্ৰৰ মন্দিৰ, আলাপ-আলোচনা, তৰ্কৰ স্থান। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, যেতিয়াই তেওঁলোকৰ সন্দেহ হয় তেতিয়াই ভাৰতীয় সংবিধানৰ সহায় ল'ব লাগে।

May 15, 2024 11:21 AM

views 17

নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নাগৰিকসকলক ৰাষ্ট্ৰৰ স্বাৰ্থত সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সংসদ ভৱনত কালি ভাগৱত গীতা সন্দৰ্ভত ড০ সুভাষ কাশ্যপৰ ব্যাখ্যাত্মক ধাৰা বিৱৰণী উন্মোচন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পৱিত্র গ্রন্থ গীতাই আধ্যাত্মিকতা, ধার্মিকতা আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ পথ দেখুৱাই আহিছে।