November 4, 2024 1:02 PM

views 24

উত্তৰাখণ্ডত এখন যাত্রীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি

উত্তৰাখণ্ডৰ আলমোৰা জিলাত আজি এখন যাত্রীবাহী বাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ২৩ জন লোকৰ প্রাণহানি হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি গাৰোৱালৰ পৰা কুমাও অভিমুখে গৈ থকা বাছখন আলমোৰাৰ কুপি গাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয়। প্রায় ৪০ জন যাত্রী থকা বাছখন ২০০ মিটাৰ দ' খাৱৈত বাগৰি পৰাৰ ফলত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকলে ইতিমধ্যে দূর্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই দুৰ্ঘটনা...

September 10, 2024 1:06 PM

views 32

উত্তৰাখণ্ডত শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত

উত্তৰাখণ্ডত কালি সন্ধিয়া সোণপ্রয়াগ-মুংকটীয়া অঞ্চলৰ ভূমিস্খলন প্ৰৱণ এলেকাত পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুগৰাকী লোক আহত হয়। আহত লোক দুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। উদ্ধাৰ অভিযান এতিয়াও চলি আছে আৰু চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে বুলি তেওঁ...

April 8, 2024 5:30 PM

views 28

উত্তৰাখণ্ডত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত উত্তৰাখণ্ডৰ পাঁচোখন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা গড়ৱাল লোকসভা আসনখনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটদাতাসকলৰ সমৰ্থন তথা বিশ্বাস জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত তুমূল প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিজেপিৰ অন...

April 4, 2024 6:08 PM

views 42

জে পি নাড্ডা দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ’ব

♦ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰক শক্তিশালী কৰি তুলিবলৈ আৰু ভোটাদাতাৰ সমৰ্থন আদায় কৰিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত হ'ব। শ্রীনাড্ডাই আজি ভ্ৰমণৰ প্ৰথম দিনটোত আলমোৰা লোকসভা সমষ্টিৰ পিথোৰাগড় আৰু তেহৰী লোকসভা সমষ্টিৰ বিকাশনগৰত বিজেপি প্রার্থীৰ সমৰ্থনত আয়োজিত সভাত ভাষণ দিয়াৰ কথা আছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি তেওঁ আজি পিথোৰাগড়ত এখন সভাত ভাষণ দিব। ইয়াৰ পাছতে তেওঁ বিয়লি প্রায় ৪ বজাত ডেৰাডুনৰ বিকাশ নগৰত আন এখন ...

April 2, 2024 8:38 PM

views 38

উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। নাইনিতাল উধমসিং নগৰ সংসদীয় সমষ্টিৰ ৰুদ্ৰপুৰত উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে আজি এই সংকল্পৰ কথা দোহাৰে। Read More News : লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ  কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা  আগন্তুক ৭দিনত পশ্চ...

April 2, 2024 7:23 PM

views 29

উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত নির্বাচনী প্ৰচাৰ সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ নাইনিটাল উধমসিং নগৰ লোকসভা সমষ্টিৰ অধীনৰ ৰুদ্ৰপুৰত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমষ্টিটোত দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ৰাজ্যমন্ত্ৰী অজয় ভাটৰ হৈ প্ৰচাৰ চলায়। ৰাজ্যখনৰ ৫টা লোকসভা সমষ্টিৰ বাবে অহা ১৯ এপ্ৰিলত নির্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত মুঠ ৮৩ লাখ ৩৭ হাজাৰ ৯১৪ গৰাকী ভোটদাতাই ৫৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব।