September 7, 2024 12:17 PM

views 20

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত হোৱা দুৰ্ঘটনাত ১২ জন নিহত হোৱাৰ লগতে ১৬ জন আহত

উত্তৰ প্ৰদেশৰ হাথৰছ জিলাত কালি এখন ৰোডৱেজ বাছ আৰু মিনি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত চাৰিটি শিশুসহ কমেও ১২ জন লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ১৬ জন আহত হয়। হাথৰছৰ জিলাধিপতিগৰাকীয়ে কৈছে যে, চন্দপা আৰক্ষী থানাৰ অধীনৰ মীতই গাঁৱৰ সমীপত ৯৩ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দূৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যম যোগে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ...

June 1, 2024 1:03 PM

views 32

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু

উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্রীষ্ম প্রবাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ ৭ গৰাকী জোৱানকে ধৰি মুঠ ১৩ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মীর্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুশাম্বীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নির্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইবাজনো লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইগৰাকীমানৰ চিকিৎসালয়লৈ যোৱাৰ পথতে মৃত্যু হয়। উল্লেখযোগ্য যে, মীর্জাপুৰত আজি ভোটগ্রহণ অনুষ্ঠিত হৈছে।

April 1, 2024 11:13 AM

views 35

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ

উত্তৰ প্ৰদেশত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে কংগ্ৰেছে দলে তাৰকা প্ৰচাৰকসকলৰ এখন তালিকা প্রকাশ কৰিছে। দলৰ সভাপতি মল্লিকার্জুন খার্গে, জ্যেষ্ঠ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা, ডি কে শিৱকুমাৰ, দিগ্বিজয় সিং, শচীন পাইলট আৰু অন্যান্য সকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে জম্মু-কাশ্মীৰৰ বাবেও দলে তাৰকা প্ৰচাৰকসকলৰ তালিকা প্রকাশ কৰিছে।