June 5, 2025 9:30 PM June 5, 2025 9:30 PM

views 8

গুবাহাটীৰ সাপ্তাহিক বজাৰত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলক কোনো ধৰণৰ মাচুল নিদিয়াকৈ ব্যৱসায়ৰ সুবিধা

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনৰ সাপ্তাহিক বজাৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি কৰা অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ মহিলাসকলে লেচী বজাৰসমূহত কোনো ধৰণৰ মাচুল নিদিয়াকৈ এতিয়াৰ পৰা ব্যৱসায় কৰিব পাৰিব বুলি ঘোষণা কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি বেলতলা সাপ্তাহিক বজাৰত এই নতুন ব্যৱস্থাৰ শুভাৰম্ভ কৰে। শ্ৰী শৰণীয়াই কয়, যে গুৱাহাটী মহানগৰৰ ডাক বন্দোবস্তি বজাৰসমূহত কোনো ধৰণৰ মাচুল অবিহনে সেই মহিলাসকলে ব্যৱসায় কৰিব পাৰিব। এই মহিলা ব্যৱসায়ীসকলৰ বাবে ২৫ শতাংশ আসন ...