March 2, 2025 9:37 PM

views 24

তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

তিনিচুকীয়াৰ সমগ্ৰ  শিক্ষা কোষে আজি ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্রী আদর্শ প্রাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৬২ জন বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীক হুইল চেয়াৰ, ট্রাই চাইকেল, শিকন-শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে ৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ সহকাৰী আয়ুক্ত মাধুৰিমা দিহিঙ্গীয়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, জিলা প্রাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ ...

February 9, 2025 7:38 PM

views 24

তিনিচুকীয়া জিলাৰ শদিয়াত শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়াত আজি শিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। সদ্যপ্রয়াত শিল্পীগৰাকীৰ টোপচিঙা গাঁৱত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক সমবেত হৈছে। ধৰ্মীয় পৰম্পৰাৰে আয়োজিত আদ্যশ্ৰাদ্ধ উপলক্ষে এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়। এই সভাত শিল্পী মহেন্দ্ৰ হাজৰিকা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই অংশগ্ৰহণ কৰে। প্ৰয়াত শিল্পীগৰাকীৰ ন্যাসৰ এটা বিত্তীয় লেনদেন ক'ড মহেন্দ্ৰ হাজৰিকাই উন্মোচন কৰে।

January 11, 2025 9:11 PM

views 23

তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলা, ২০২৫ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ

গ্রাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলা, ২০২৫ কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। ঐতিহাসিক দুৱাৰমৰা নৈৰ পাৰত অনুষ্ঠিত এই পৰ্যটন মেলাৰ কাইলৈ সামৰণি পৰিব। সপ্তম বৰ্ষত ভৰি দিয়া এই পর্যটন মেলাত স্থানীয় জাতি-জনগোষ্ঠীৰ নৃত্য, পৰম্পৰাগত খাদ্য, সাজ-পাৰ তথা অন্যান্য লোককৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।

January 8, 2025 8:47 PM

views 67

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা

মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ মোৱামৰীয়া গুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে কাইলৈ তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে আজি এই কথা সদৰি কৰে। কাইলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয় মহাবিদ্যালয় বন্ধ থাকিব। অৱশ্যে পূৰ্ব নিৰ্ধাৰিত পৰীক্ষা, প্রার্থী বাছনিৰ সাক্ষাৎকাৰ, নিৰ্বাচনী প্ৰশিক্ষণ আৰু জৰুৰী সেৱাসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব।

December 14, 2024 10:51 AM

views 48

তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। ২২টা জিলা পৰিষদ সমষ্টিৰ অধীনৰ ৭টা আঞ্চলিক পঞ্চায়ত আৰু ৮৬খন গাঁও পঞ্চায়ত সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮লাখ ২৮ হাজাৰ ৩২৫। ইয়াৰে ৪লাখ ৬হাজাৰ ৭৮৭জন পুৰুষ আৰু ৪লাখ ২১ হাজাৰ ৫০৭গৰাকী মহিলা। কোনো লোকে ভোটাৰ তালিকাৰ সন্দৰ্ভত কিবা দাবী বা আপত্তি দাখিল কৰিব বিচাৰিলে আজিৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া বা জিলা আয়ুক্ত কাৰ্যালয়ত অথবা অনলাইন যোগে দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্...

December 13, 2024 7:52 PM

views 29

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ সৌজন্যত কাইলৈ তিনিচুকীয়া জিলাত লোক আদালতৰ আয়োজন কৰা হৈছে। তিনিচুকীয়া জিলা ন্যায়িক আদালতৰ লগতে শদিয়া আৰু মাৰ্ঘেৰিটা সমজিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালত প্ৰাংগণত লোক আদালত অনুষ্ঠিত হ'ব। আদালতত চলি থকা বিভিন্ন গোচৰৰ লগতে গোচৰ যোগ্য বিবাদৰো এই লোক আদালতত মিমাংসা কৰা হ'ব।

November 28, 2024 8:03 PM

views 17

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

তিনিচুকীয়া জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী বাছনি সম্পৰ্কত আলোচনা কৰিবলৈ আজি জিলাখনৰ আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ নিৰীক্ষণ সমিতিৰ এই বৈঠকত কোনো যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুবিধা গ্ৰহণৰ পৰা বাদ পৰি নাযায় সেই বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে৷

October 4, 2024 11:10 AM

views 26

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

■ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা প্রশাসন তৎপৰ হৈ পৰিছে। এই ক্ষেত্ৰত যিসকল পৰিয়ালৰ বছৰি আয় ৪ লাখতকৈ কম আৰু কোনো চৰকাৰী ঠিকাভিত্তিক বা নিয়মীয়া চাকৰিয়াল নহয় অথবা পঞ্চায়ত আৰু পৌৰসভাৰ সদস্য নহয় তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিসহ আবেদন কৰিব পাৰিব। কোনো উপযুক্ত লোক যাতে ইয়াৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে বিভাগীয় বিষয়াসকলক নির্দেশ দিছে।

August 31, 2024 6:22 PM

views 25

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ

তিনিচুকীয়াৰ পেঙেৰীত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত সেনা বাহিনী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত এটা ৰাইফল, দুটা মেগজিন, গুলী আৰু বিস্ফোৰকসহ ভালেমান সামগ্রী জব্দ কৰা হৈছে। অস্ত্ৰ- শস্ত্রসমূহ উগ্রপন্থী আলফা স্বাধীনৰ বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত শুকুৰবাৰে নিশা আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত চলা অভিযানত মাৰণাস্ত্ৰখিনি জব্দ কৰা হয়।

July 6, 2024 6:32 PM

views 29

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতিৰে প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত ১০০ খন আসনত নামভৰ্তিত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেঁও লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে। ড° শৰ্মাই কয় যে চিকিৎসা ক্ষেত্ৰত এই মাইলৰ খুটিয়ে ৰাজ্যত স্বাস্থ...