July 4, 2024 9:21 PM

views 35

সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ৪ লাখ টকাৰ চেক পৰিয়ালবৰ্গক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে অঞ্চলটোৰ প্ৰাক্তন পঞ্চায়ত সভাপতিও উপস্থিত থাকে।

June 25, 2024 8:41 PM

views 32

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

June 14, 2024 6:31 PM

views 24

তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ

তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িৰ বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

May 31, 2024 7:52 PM

views 30

সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা তিনিচুকীয়া জিলা আয়ুক্তৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপনীল পালে আজি জিলাখনৰ সূর্যোদয় মুক্ত আশ্ৰয় গৃহ পৰিদৰ্শন কৰি শিশুগৃহৰ কৰ্মচাৰীৰ লগতে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। সূর্যোদয়ৰ সঞ্চালকগৰাকীয়ে আয়ুক্ত শ্রীপালক শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে শিশুগৃহৰ শিশুসকলক পায়স বিতৰণ কৰাৰ লগতে আশ্ৰয় গৃহলৈ অহা-যোৱা কৰা পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ আশ্বাস দিয়ে। 

April 3, 2024 5:51 PM

views 33

তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃতি মুকলি

♦ চলিত লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভঙ্কৰ এটি আজি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ কয় যে, তিনিচুকীয়া জিলাত যাতে এইবাৰৰ নিৰ্বাচনত এশ শতাংশ ভোটদান নিশ্চিত হয় তাৰবাবে এই সাৰথি বাইদেউ সকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটাধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’- এই শ্লোগান গাঁৱে-ভূঁঞে বিয়পাই দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-ক...