January 6, 2026 7:45 AM

views 13

সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সৰুপথাৰত ৭২ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সৰুপথাৰ বিধানসভা সমষ্টিৰ ২৩ হাজাৰ ৭৫৪ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ড° শৰ্মাই সৰুপথাৰত ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা লাভলীনা বৰগোহাঁই ক্রীড়া প্ৰকল্প উদ্বোধনৰ লগতে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, বৰপথাৰ শিশু উদ্যান আৰু গেলাবিল আৰু দুৰণি পথ উদ্বোধন কৰে। তেওঁ লগতে অসমমালাৰ...

December 4, 2025 7:20 PM

views 26

তিনিচুকীয়াত ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাই যৌথভাৱে তিনিচুকীয়াত আয়োজন কৰা ১০ দিনীয়া অসম গ্রন্থমেলাত আজি বিয়লি উন্মিলন শীর্ষক এখন যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। যুৱ লেখকসকলৰ মাজত গ্ৰন্থ সংস্কৃতি অধিক দৃঢ় কৰা আৰু পঠন অভ্যাস তথা বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। উন্মিলন অনুষ্ঠানত লেখকসকলৰ লগতে গীতিকাৰ-সুৰকাৰ, কণ্ঠশিল্পী-চিত্রশিল্পী আদিকো সামৰি লোৱা হয়। কবি-লেখক নৱজ্যোতি পাঠকে আজি এই অনুষ্ঠানৰ সঞ্চালনা কৰে। অনুষ্ঠানত ভালেসংখ্যক যুৱ...

November 29, 2025 10:08 PM

views 20

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ পুনৰ খচৰা প্ৰস্তাৱৰ জাননী

■ মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ বাবে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে আজি পুনৰ খচৰা প্ৰস্তাৱৰ জাননী জাৰী কৰিছে। পৰিষদৰ ৩০ টা সমষ্টিৰ বাবে জিলাখনৰ ৪১০ খন ৰাজহ গাওঁ অন্তর্ভুক্ত কৰি এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈৰ পৰা ২০ ডিচেম্বৰলৈ এই সম্পৰ্কত কাৰোবাৰ দাবী বা আপত্তি থাকিলে লিখিতভাৱে নডেল বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই দাবী আৰু আপত্তি সম্পৰ্কত ২১ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শুনানি অনুষ্ঠিত হ'ব আৰু ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।

November 13, 2025 1:04 PM

views 46

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

September 8, 2025 11:17 PM

views 42

কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত তিনিচুকীয়া জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী কার্যসূচী আদি কর্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত কাৰ্যসূচীত জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে বীৰচা মুণ্ডাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত দেশৰ ভিতৰুৱা অঞ্চলৰ অনগ্ৰসৰ জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে বিশেষ পদক্ষেপ গ্...

August 28, 2025 8:17 PM

views 22

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা ৩ দিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা তিনিদিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক ভাস্কৰ ডেকাই ডিগবৈৰ টি চি ডি চি চিৰ অধীনত পেঙেৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰৰ নেতৃত্ব দিছে। এই শিবিৰত দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা, উদ্ধাৰ কাৰ্য আৰু কৰণীয় কাম-কাজৰ বিষয়ে প্রশিক্ষণ দিয়া হৈছে। বিদ্যালয়খনৰ অর্ধশতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে শিবিৰত অংশগ্ৰহণ কৰিছে।

June 30, 2025 7:09 PM

views 30

তিনিচুকীয়াৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা দুৰ্যোগ প্রশমনৰ বিশেষ বুনিয়াদী প্রশিক্ষণ অনুষ্ঠিত হৈছে। সপ্তাহজোৰা এই প্ৰশিক্ষণত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিষয়া প্রশিক্ষকসকলে বানত ক্ষতিগ্ৰস্ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব। এই প্রশিক্ষণ কাৰ্যসূচীত আজি ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

May 6, 2025 8:59 AM

views 41

সোমবাৰৰ পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

—তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্ৰীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। সদৌ মৰাণ ছাত্ৰ ...

May 5, 2025 8:08 PM

views 15

আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। আজি কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হেজাৰ হেজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আ...

March 18, 2025 8:39 PM

views 26

তিনিচুকীয়াৰ ফিল’বাৰী অঞ্চলত ধুমুহাত কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ ভিন্ন স্থানত বিস্তৰ ক্ষতি

তিনিচুকীয়া জিলাত যোৱানিশা অহা এজাক ধুমুহাই ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ লগতে জিলাখনৰ আন কেইবাটাও স্থানত বিস্তৰ ক্ষতি কৰে। ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল’বাৰীৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তিকে ধৰি কেইবাখনো গাঁৱত গছ-গছনি, বিদ্যুতৰ খুঁটা আদি উভালি পৰে। ধুমুহাৰ ফলত কেইবাটাও বাসগৃহৰো ক্ষতি হয়। জিলাখনৰ আজাদ ৰোড, কলিয়াপানী, বিছাকুপি, কৰ্দৈগুৰি, বাৰেকুৰিকে ধৰি কেইবাটাও এলেকাত ধুমুহাই ক্ষতি কৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াৰ বিস্তীর্...