February 26, 2025 12:01 PM

views 23

অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখে

উচ্চতম ন্যায়ালয়ে অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় কালি সুৰক্ষিত ৰাখে। অসম চৰকাৰে এনকাউণ্টাৰসমূহৰ তদন্তৰ বাবে ২০১৪ চনৰ নীতি-নিৰ্দেশনাসমূহ মানি আহিছে আৰু এইক্ষেত্ৰত নিৰাপত্তা বাহিনীক অনাহকত লক্ষ্য কৰি লোৱাটো দুর্ভাগ্যজনক বুলি কালি সর্বোচ্চ ন্যায়ালয়ত প্ৰকাশ কৰাৰ পাছত ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছে। ৰাজ্যখনৰ ২০২১ চনৰ মে’ৰ পৰা ২০২২ চনৰ আগষ্টলৈ কমেও ১৭১টা ভুৱা এনকাউণ্টাৰ হোৱা বুলি উঠা অভিযোগৰ স্বতন্ত্ৰ তদন্ত বিচাৰি আবেদনকাৰীয়ে ন্যা...

December 29, 2024 11:59 AM

views 26

আমৰণ অনশনৰত কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে পঞ্জাব চৰকাৰক উচ্চতম ন্যায়ালয়ৰ গৰিহণা

উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক আমৰণ অনশন কৰি থকা কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে গৰিহণা দিছে। শ্ৰী ডালেৱালে পঞ্জাব-হাৰিয়ানা সীমান্তৰ খানাউৰীত শস্যৰ বাবে ন্যূনতম সমৰ্থন মূলৰ আইনী নিশ্চয়তা, ঋণ মাফ, কৃষি সংস্কাৰকে ধৰি দীৰ্ঘদিনৰ পৰা চলি থকা কৃষকসকলৰ দাবীৰ সমৰ্থনত আমৰণ অনশন কৰি আছে। ন্যায়াধীশ সূর্যকান্তৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাবৰ মহাধিবক্তা গুৰমিন্দৰ সিঙক আদালতৰ পূৰ্বৰ নিৰ্দেশ মানি চলিবলৈ কয়, য'ত ডালেৱালৰ স্বাস্থ্য সুস্থিৰ হৈ থকাটো নিশ্চিত কৰিবলৈ ৰাজ্...

December 19, 2024 5:26 PM

views 16

ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব

উচ্চতম ন্যায়ালয়ে আজি ৰাজধানী দিল্লী আৰু দেশৰ অন্যান্য চহৰসমূহত হোৱা বায়ু প্ৰদূষণ সন্দৰ্ভত শুনানি গ্রহণ কৰিব৷ ন্যায়াধীশ অভয় এছ ওকাৰ নেতৃত্বৰ এখন বিচাৰপীঠে দিল্লীৰ লগতে দেশৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰত ন্যায়াধীশ এ.এছ. ওকা আৰু এ জি মাছিহে দিল্লীৰ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নিৰীক্ষণ কৰি ৰাজধানী চহৰখনে গোটা আৱৰ্জনা ব্যৱস্থাপনা নীতি, ২০১৬ অনুসৰণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰিছিল। বিচাৰপীঠখনে দিল্লী চৰকাৰক এ...

November 12, 2024 8:04 AM

views 22

নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৱে নৈশ ভোজৰ আয়োজন কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি নতুন দিল্লীত দেশৰ নৱ নিযুক্ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক আদৰণি জনোৱাৰ উদ্দেশ্যে নৈশ ভোজৰ আয়োজন কৰে। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ, দেশৰ সদ্যবিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, দেশৰ উচ্চতম ন্যায়ালয়ৰ ভালেকেইগৰাকী ন্যায়াধীশ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

November 7, 2024 8:26 PM

views 21

চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায়ঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায় বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন পাঁচজনীয়া বিচাৰপীঠে আজি কয় যে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়ম মাজতে সাল-সলনি কৰিব পৰা নাযায়। বিচাৰপীঠখনে লগতে বাচনিৰ নিয়ম স্বেচ্চাছাৰী হোৱা উচিত নহয় আৰু এই নিয়ম সংবিধানৰ ১৪ নম্বৰ অনুচ্ছেদ অনুৰূপ হোৱা উচিত বুলি প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে স্বচ্ছতা আৰু নিৰপেক্ষতা ৰাজহুৱা নিযু...

November 5, 2024 2:00 PM

views 15

ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰেঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি এটা সংখ্যাগৰিষ্ঠ ৰায়েৰে সকলো ব্যক্তিগত সম্পত্তি সম্প্ৰদায়ৰ ভৌতিক সম্পদ অংশ নহয়, যিবোৰ সংবিধানৰ ৩৯ (খ) অনুচ্ছেদৰ অধীনত চৰকাৰে পুনৰ বিতৰণ কৰিব পাৰে। অৱশ্যে সম্প্ৰদায়ৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আৰু উপযোগী বুলি বিবেচিত হ’লে একাংশ ব্যক্তিগত সম্পত্তি এই শ্ৰেণীত অন্তৰ্ভুক্ত হ’ব পাৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন ৯জনীয়া বিচাৰপীঠৰ ৮ গৰাকী সদস্যই ৰায়টোৰ সপক্ষে মত প্ৰকাশ কৰে। বিচাৰপীঠখনৰ সদস্য ন্যায়াধীশ নাগৰত্নাই আংশিকভাৱে সন্মতি প্ৰকাশ কৰাৰ বিপৰীতে ন্যায়া...

September 29, 2024 8:11 PM

views 15

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্ৰহণ

উচ্চতম ন্যায়ালয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ নিজাববীয়া গোচৰৰ কাইলৈ শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে কাইলৈ গোচৰটোৰ শুনানি গ্রহণ কৰিব। ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে বিগত সপ্তাহত পশ্চিমবংগ চৰকাৰৰ অনুৰোধমৰ্মে গোচৰটোৰ শুনানি ২৭ ছেপ্তেম্বৰত স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে মহিলা চিকিৎসকসকলক নিশ...

September 17, 2024 8:25 PM

views 15

কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ উইকিপিডিয়াক নির্দেশ

উচ্চতম ন্যায়ালয়ে কলকাতাৰ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী চিকিৎসকৰ নামৰ সৈতে জড়িত পৃষ্ঠাসমূহ আঁতৰ কৰিবলৈ উইকিপিডিয়াক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই ঘটনাৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰ সংক্ৰান্তত শুনানি গ্ৰহণ কৰি আজি এইদৰে নিৰ্দেশ দিয়ে। মহান্যায়াভিকর্তা তুষাৰ মেহতাই শুনানিৰ সময়ত বিচাৰপীঠখনৰ আগত কয় যে, উইকিপিডিয়াই বর্তমা...

September 17, 2024 7:00 PM

views 19

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি  উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে আজি দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি এটা অন্তৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থানত অবৈধ দখলৰ ক্ষেত্ৰত এই আদেশ প্রযোজ্য নহ’ব বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। ন্যায়াধীশ ডি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ আদালতে আজি এই ৰায় দিয়ে।

August 4, 2024 7:21 PM

views 21

ন্যায়িক অনুশাসন বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায়সমূহ অতি গুৰুত্বপূৰ্ণ বুলি  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাৰ মত প্ৰকাশ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই আজি ভাৰতীয় আইন প্ৰতিষ্ঠানৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত গুৱাহাটীৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ আন্তৰাষ্ট্ৰীয় অতিথিশালাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ন্যায়াধীশগৰাকীয়ে ভাষণ প্ৰসংগত উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত প্ৰদান কৰা ৰায়সমূহে আন আদালতসমূহক গোচৰ মিমাংসাৰ ক্ষেত্ৰত সহায় কৰা সন্দৰ্ভত আলোকপাত কৰে। ন্যায়িক অনুশাসন বজাই ৰাখিবলৈ দৃষ্টান্তমূলক ৰায়সমূহ অতি গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধ...