July 4, 2025 6:41 PM

views 143

কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্কৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত সুকন্যা সোণোৱাল

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱালক কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্ক -চি ৱাই পি এ এনৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত কৰা হৈছে। চি ৱাই পি এ এন হৈছে কমনৱেলথ সদস্যভুক্ত ৰাষ্ট্ৰসমূহত সৃষ্টি হোৱা হিংসাত্মক উগ্ৰবাদক প্রতিহত কৰাৰ লগতে শান্তি, সন্মান আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে কাম কৰা যুৱক-যুৱতীৰ নেতৃত্বৰ এখন সমিতি। আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰা সুকন্যা সোণোৱালে ২০২৫ - ২৭ চনৰ কাৰ্যকালৰ বাবে এই সমিতিৰ এগৰাকী যোগ...