ডাউনলোড
মোবাইল এপ

android apple
signal

কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্কৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত সুকন্যা সোণোৱাল

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱালক কমনৱেলথ যুৱ শান্তি ৰাষ্ট্রদূত নেটৱৰ্ক -চি ৱাই পি এ এনৰ কাৰ্যবাহী কমিটিৰ নেতৃত্বৰ বাবে নিৰ্বাচিত কৰা হৈছে। চি ৱাই পি এ এন হৈছে কমনৱেলথ সদস্যভুক্ত ৰাষ্ট্ৰসমূহত সৃষ্টি হোৱা হিংসাত্মক উগ্ৰবাদক প্রতিহত কৰাৰ লগতে শান্তি, সন্মান আৰু বুজাবুজিৰ প্ৰসাৰৰ বাবে কাম কৰা যুৱক-যুৱতীৰ নেতৃত্বৰ এখন সমিতি। আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰা সুকন্যা সোণোৱালে ২০২৫ – ২৭ চনৰ কাৰ্যকালৰ বাবে এই সমিতিৰ এগৰাকী যোগাযোগকাৰী হিচাপে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ বাসিন্দা সুকন্যা সোণোৱালে বিগত ৪ বছৰে আই আই টি গুৱাহাটীৰ ফ্লেগশ্বিপ টেকনো মেনেজমেণ্ট ফেষ্টিভেল টেকনিচত মিডিয়া এণ্ড ব্ৰেণ্ডিং দলৰ মূল সদস্য হিচাপে কাম কৰি আছে।

অধিক পঢ়ক

সকলো চাওক