March 31, 2024 8:28 PM
46
আমেৰিকাৰ ডেনিয়েল কলিন্সে মায়ামি অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়ন
আমেৰিকাৰ বাছনিবিহীন খেলুৱৈ ডেনিয়েল কলিন্সে মায়ামি অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ফ্ল'ৰিডাত অনুষ্ঠিত ফাইনেল খেলখনত কলিন্সে চতুর্থ বাছনিৰ কাজাখাস্তানৰ এলেনা ৰিবাকিনাক ৭-৫, ৬-৩ৰ পোনপটীয়া ছেটৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজত আজি নিশা দ্বিতীয় বাছনিপ্ৰাপ্ত ইটালীৰ জেনিক ছিনাৰ একাদশ বাছনিৰ বুলগেৰিয়াৰ গ্ৰীগোৰ ডিমিট্ৰভৰ সম্মুখীন হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাখনৰ পুৰুষৰ ডাবলচৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে যুটী...