March 31, 2024 8:28 PM

views 51

আমেৰিকাৰ ডেনিয়েল কলিন্সে মায়ামি অ’পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়ন

আমেৰিকাৰ বাছনিবিহীন খেলুৱৈ ডেনিয়েল কলিন্সে মায়ামি অ'পেন টেনিছ প্রতিযোগিতাৰ মহিলা একক শাখাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ফ্ল'ৰিডাত অনুষ্ঠিত ফাইনেল খেলখনত কলিন্সে চতুর্থ বাছনিৰ কাজাখাস্তানৰ এলেনা ৰিবাকিনাক ৭-৫, ৬-৩ৰ পোনপটীয়া ছেটৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ খিতাপৰ যুঁজত আজি নিশা দ্বিতীয় বাছনিপ্ৰাপ্ত ইটালীৰ জেনিক ছিনাৰ একাদশ বাছনিৰ বুলগেৰিয়াৰ গ্ৰীগোৰ ডিমিট্ৰভৰ সম্মুখীন হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাখনৰ পুৰুষৰ ডাবলচৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ সৈতে যুটী...

March 30, 2024 9:13 PM

views 50

অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ফুটবলাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ নিৰ্দেশ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কৈছে যে গোৱাত চলি থকা ইণ্ডিয়ান মহিলা লীগৰ সময়ত মহিলা ফুটবলাৰৰ ওপৰত তেওঁলোকৰ প্ৰশিক্ষকে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তেওঁৰ মন্ত্ৰ্যালয়ে গুৰুত্বভাৱে লৈছে৷ আজি এটা ছংচিয়েল মিডিয়া পোষ্টত শ্ৰীঠাকুৰে কয় যে, অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ক্ষীপ্ৰতাৰে পদক্ষেপ লবলৈ আৰু ফুটবলাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ কয়, মন্ত্ৰ্যালয়ে খচ্ছুক কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে মন্ত্ৰ্যালয়ক অৱগত...

March 29, 2024 9:29 PM

views 50

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ, অসমৰ ৪টা সোণৰ পদক অৰ্জন

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত আজিৰে পৰা খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ছুইমিং ফেডাৰেচন অৱ ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত ছাইৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখনত ১১০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাৰ আজি প্রথম দিনা বংগই ৬টা সোণ, ৭টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক দখল কৰে। আনহাতে, অসমে ৪টা সোণ, ৩টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। কাইলৈ অন্তিম দিনা ১০টা ইভেণ্টৰ খেল অনুষ্ঠিত হ’ব।

March 29, 2024 8:11 PM

views 45

মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটি

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটিটো মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মার্চেল গ্রেণোলৰ্ছ আৰু আর্জেণ্টিনাৰ হোৰেচিয়ো জেবালোছৰ যুটিটোক ৬-১, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটিটো কাইলৈ ফাইনেলত আমেৰিকাৰ আষ্টিন ক্ৰাজিছেক আৰু ক্ৰ’ৱেছিয়াৰ ইভান ড’ডিকৰ সন্মুখীন হ'ব। এয়া হ'ব ৰোহন বোপন্নাৰ নিজৰ খেলুৱৈ জীৱনৰ চতুৰ্দশ এটিপি মাষ্টাৰ্ছ থাউজেণ্ড প্রতিযোগিতাৰ ফাইনেল। ...