May 11, 2024 2:54 PM

views 17

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই ...

May 9, 2024 8:54 PM

views 19

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উ...

May 7, 2024 1:50 PM

views 27

এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ

♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখাত কালি ভাৰতীয় বক্সাৰসকলে ৫টা সোণৰ, ৯টা ৰূপৰ, আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ ৪৮ কেজি ফাইনেলত ভাৰতৰ ব্ৰিজেশে তাজিকিস্তানৰ মুমিনোভ মুইনখোজ্জাৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰথমটো সো...

May 7, 2024 1:16 PM

views 40

ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্‌য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ নীনা মিট্টেলহেমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে মিক্সড ডাবলছত ভাৰতৰ য়শস্বীনী ঘৰপড়ে আৰু হাৰ্মিত দেশাইৰ যুটীটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁলোকে স্পেইনৰ মাৰিয়া জিয়াউ আ...

May 6, 2024 2:25 PM

views 21

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন

◊ ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৱে বাহামাচৰ নাচাওত বিশ্ব এথলেটিক্‌ছ ৰিলেৰ দ্বিতীয় ৰাউণ্ডৰ হিটত দ্বিতীয় স্থান লাভ কৰি পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ৰূপল চৌধাৰী, এম আৰ পুভাম্মা, জ্যোতিক শ্ৰী দান্দি আৰু শোভা ভেংকটেচনৰ দলটোৱে ৩ মিনিট ২৯.৩৫ চেকেণ্ডৰে জামাইকাৰ দলটোৰ পাছত দ্বিতীয় স্থান দখল কৰে। উল্লেখযোগ্য যে ভাৰতীয় দলটো প্ৰথম ৰাউণ্ডৰ কোৱালিফায়িং হিটত ৩ মিনিট ২৯.৭৪ ছেকেণ্ড সময়েৰে পঞ্চম স্থানত আছিল।

May 6, 2024 1:36 PM

views 32

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সক...

May 6, 2024 12:30 PM

views 23

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৮ দিনৰ ভিতৰত দহটা দলে মুঠ ২৩খন খেল খেলিব। ২০২৩ চনৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্রিকাই টি-২০ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৪ অক্টোবৰত ভাৰতীয় দলটো নিউজিলেণ্ডৰ মুখামুখি হ'ব।

May 5, 2024 8:51 PM

views 30

USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰৰ খিতাপ দখল

আমেৰিকাৰ আৰিজোনাৰ টাকচনত অনুষ্ঠিত USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰে খিতাপ দখল কৰিছে। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী তেজস্বিনে প্ৰথমটো প্ৰয়াসত ২.২৩ মিটাৰ স্পৰ্শ কৰি শীৰ্ষত স্থান নিশ্চিত কৰে। এই শিতানত আমেৰিকা আৰ্নি চিয়েৰে দ্বিতীয় আৰু মেক্সিকোৰ ৰবাৰ্টো ভিলছেচে তৃতীয় স্থান দখল কৰে।

May 4, 2024 1:31 PM

views 32

আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’

♦ পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিব বিচৰা ৰিলে দলসমূহৰ বাবে যোগ্যতা নির্ণয়কাৰী প্রতিযোগীতা- ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’ আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ২০২৩ চনৰ হাংঝু এছিয়ান গেমছৰ পুৰুষৰ 4x400 মিটাৰ ৰিলেৰ চেম্পিয়ন অলিম্পিয়ান আমোজ জেকব, মহম্মদ আনাছ ইয়াহিয়া, মহম্মদ আজমল আৰু ৰাজেশ ৰমেশে ভাৰতৰ নেতৃত্ব ল'ব। ভাৰতীয় মহিলাৰ চাৰি পুৰণ চাৰিশ মিটাৰ ৰিলে দলটো হাংঝু এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী বিথ্যা ৰামৰাজ, ঐচৰ্য্যা মিশ্র, প্রাচী আৰু সুভা ভেংকটেছনকে ধৰি মুঠ সাতগ...

May 3, 2024 12:52 PM

views 14

২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈৰ ছেমি ফাইনেলত স্থান নিশ্চিত

♦ কাজাখস্তানৰ আস্তানাত চলি থকা ২২ বছৰ অনুৰ্দ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী খেলুৱৈ পুৰুষৰ শাখাত ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। ৫১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মান্দেংবাম যদুমনি সিঙে ভূটানৰ প্ৰতিদ্বন্দ্বী ফুচ কিনলেক ৫-০ ফলাফলত পৰাস্ত কৰে। একেদৰে ৫৭ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ নিখিলে উজবেকিস্তানৰ বাৰ্তিয়োৰোভ আয়ুবখনৰ বিৰুদ্ধে ৪-০ ফলাফলত বিজয় সাব্যস্ত কৰে। Read More : আজি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত দিল্লীত যুটীয়া প্ৰতিৰক্ষা স...