August 1, 2024 1:35 PM

views 25

পেৰিছ অলিম্পিকত ভাৰতৰ স্বপ্নীল কুশাল পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত অৱতীৰ্ণ

ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত অৱতীৰ্ণ হ'ব। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন ৰু য়ুৰ বিৰুদ্ধে খেলিব। খেলখন দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত হ'ব। ছিট কৌৰ আৰু অঞ্জুম মুডগিলে মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানৰ যোগ্যতা নিৰূপণৰ ৰাউণ্ডৰ খেলেৰে বিয়লি চাৰে ৩ বজাত নিজৰ অভিযান আৰম্ভ কৰিব। ইপিনে...

August 1, 2024 1:32 PM

views 11

প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ দেহাৱসান

ভাৰতৰ প্ৰসিদ্ধ ক্রিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গায়কোৱাডৰ যোৱানিশা ৭১ বছৰ বয়সত দেহাৱসান ঘটে। খেলুৱৈগৰাকীয়ে ১৯৭৫ চনৰ পৰা ১৯৮৭ চনৰ সময়চোৱাত ভাৰতৰ হৈ ৪০ খন টেষ্ট আৰু ১৫ খন এদিনীয়া খেলত ভাগ লোৱাৰ উপৰি বৰোদাৰ হৈ ২০৬ খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। বৰোদা ক্রিকেট সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহল পাৰিখে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত খেলুৱৈগৰাকীয়ে যোৱানিশা প্ৰায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত গায়কোৱাডে কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰৰ সৈতে টেষ্ট মেচত দীৰ্ঘদিন ধৰি দেশৰ হৈ ব...

August 1, 2024 12:38 PM

views 27

পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ’ব

চলিত পেৰিছ অলিম্পিকত আজিৰে পৰা এথলেটিক্স প্রতিযোগিতা সমূহ অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি দিনৰ ১১ বজাত পুৰুষৰ ২০ কিলোমিটাৰ বেগাই খোজকঢ়া প্রতিযোগিতাত ভাৰতৰ অশদ্বীপ সিং, বিকাশ আৰু পৰমজিৎ সিঙে অংশ ল'ব। ইপিনে, দিনৰ ১২ বাজি ৫০ মিনিটত মহিলাৰ ২০ কিলোমিটাৰ খোজকঢ়া প্রতিযোগিতাত একমাত্ৰ ভাৰতীয় হিচাপে প্রিয়ংকা গোস্বামীয়ে অংশ ল'ব। উল্লেখযোগ্য যে, এই দুয়োবিধ খেলৰ আজিয়েই পদক নির্ণয় হ'ব। আনহাতে, আজি ভাৰতৰ আটাইকেইগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈয়ে নক আউট মেছত অংশ ল'ব। দিনৰ ১২ বজাত হ'ব লগা পুৰুষৰ একক শাখাত...

July 29, 2024 8:33 PM

views 27

পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালৰ সপ্তম স্থান দখল

আজি পেৰিছ অলিম্পিকত ভাৰতৰ অৰ্জুন বাবুটাই ১০মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। ইপিনে, ১০ মিটাৰ এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতৰ ৰমিতা জিন্দালে সপ্তম স্থান দখল কৰে। খেলত চীনৰ চেং লিহাওয়ে সোণৰ পদক, চুইডেনৰ ভিক্টৰ লিওগ্ৰীনে ৰূপ আৰু ক্ৰয়েছিয়াৰ মিৰান মেৰিকিকে ব্ৰঞ্জৰ পদক দখল কৰে।

July 29, 2024 8:30 PM

views 27

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব। আয়াৰলেণ্ড ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা খেলখনত ১-২ গলৰ ব্যৱধানত পৰাস্ত হৈছিল।

July 29, 2024 6:38 PM

views 37

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণুই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হার্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণ...

July 20, 2024 8:32 PM

views 25

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত থাইলেণ্ডৰ

থাইলেণ্ডে আজি বিয়লি শ্রীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত কৰে। মালয়েছিয়াই ১৩৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে থাইলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰে। ইপিনে একেখন ষ্টেডিয়ামতে অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত বাংলাদেশ আয়োজক দেশ...

July 20, 2024 6:25 PM

views 21

বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতীয় ল’ৰা দলৰ ব্ৰাজিলক ৩-০৩ পৰাস্ত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউছটনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল'ৰাৰ দলটোৱে ব্ৰাজিলক ৩-০৩ পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ তিনিটা দলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ'ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্রাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতীয় দলটোৱে গ্ৰুপ ডিৰ শেষৰখন লীগ মেচত হংকঙৰ বিৰুদ্ধে খেলিব।

July 18, 2024 7:39 PM

views 25

চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টনৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইৰ স্থান লাভ

শ্রীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ'বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছ আৰু ৫০ বছৰ উৰ্দ্ধৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছত বিজয় বৰ্মনৰ সৈতে অৰূপ বুঢ়াগোঁহাইয়ে যুটী বান্ধিব। উল্লেখযোগ্য যে ২০২৩ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো বিজয় বর্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছে।

July 18, 2024 5:31 PM

views 22

আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ

সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ বাছনি তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাড এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব'ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি- ২০ শৃংখলাত ৪-১ ফলাফলত জয়লাভ কৰাৰ বাবে শেহতীয়া বাছনি তালিকাত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে।