October 5, 2024 10:02 AM

views 24

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত

শ্বাৰজাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি ভাৰত নিউজিলেণ্ডৰ হাতত ৫৮ ৰানত পৰাস্ত হয়। প্রথমে বেট ধৰি নিউজিলেণ্ডে ৪টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত অভাৰত ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৯ অভাৰত মাত্ৰ ১০২ ৰানহে কৰিবলৈ সক্ষম হয়। নিউজিলেণ্ডৰ হৈ ৰোজ মেৰী মেয়ৰে চাৰিটা উইকেট লয়। ছোফি ডিবাইনে সর্বাধিক ৩৬টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰেণুকা সিঙে দুটা উইকেট লয়। ভাৰতে অহা ১৩ অক্টোবৰত যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব...

October 5, 2024 9:51 AM

views 16

অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব

অসম চৰকাৰৰ উদ্যোগত অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বৰপেটা জিলাৰ খেলুৱৈসকলক জিলা প্রশাসনে আহ্বান জনাইছে। বৰপেটা জিলা আয়ুক্তই এটা বিবৃতিৰ জৰিয়তে ক্রীড়াপ্ৰেমী ৰাইজলৈ আহ্বান জনাই কৈছে যে, খেল মহাৰণৰ বিভিন্ন প্রতিযোগিতাত যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে খেলুৱৈসকলে গুগল প্লে ষ্ট'ৰৰ খেল মহাৰণ দ্বিতীয় নামৰ এপটো ডাউনল'ড কৰি নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এইবাৰ অনুষ্ঠিত হ'বলগীয়া খেলসমূহ হ'ল- এথলেটিকছ, ভলীবল, ফুটবল, চাইক্লিং, কাব...

October 4, 2024 11:22 AM

views 18

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ মুখামুখি হ’ব

শ্বাৰৰ্জাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি ডুবাইত হৰমন প্রীত কৌৰ নেতৃত্বত নিজৰ প্ৰথমখন খেলত ছফী ডিভাইন নেতৃত্বাধীন নিউজিলেণ্ডৰ মুখামুখি হ'ব। আনহাতে, আজি বিয়লি হ'বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত এই খেলৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ খন দেশে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা অহা ২০ অক্টোবৰলৈ চলিব। গ্রুপ-এত ভাৰতৰ লগতে অস্ট্রেলিয়া, নিউজিলণ...

October 2, 2024 3:53 PM

views 13

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিঙত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীৰ সোণৰ পদক অৰ্জন

পেৰুৰ লীমাত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিং প্রতিযোগিতাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ কালি চতুর্থ দিনটোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ প্ৰতিযোগীগৰাকীক ইটালীৰ ক্ৰিষ্টিনা মাগনানীক পৰাভূত কৰি শীৰ্ষ স্থানত উপনীত হয়। এই প্রতিযোগিতাত ফ্ৰান্সৰ হেল'ইজ ফ'ৰে তৃতীয় স্থান দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ তেজস্বীনী আৰু বিভূতি ভাটিয়া লগ লাগি মহিলাৰ জুনিয়ৰ প্ৰতিযোগিতাৰ ২৫ মিটাৰ পিষ্টল শাখাত খিতাপ অৰ্জন কৰা দিবাংশীয়ে একেখন প্রতিযোগিত...

October 1, 2024 3:01 PM

views 27

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম দিনত ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰণি বাংলাদেশৰ

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰতে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে দুটা উইকেট হেৰুৱাই ৬০ ৰান সংগ্ৰহ কৰিছে। ভাৰতক খেলখনত জয়ী হোৱাৰ বাবে ৩৫ ৰানৰ প্ৰয়োজন।

October 1, 2024 2:57 PM

views 23

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতৰ পাৰ্থ ৰাকেশ মানেৰ ২ টা সোণৰ পদক অৰ্জন

পেৰুৰ লিমাত চলি থকা শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত বিজয়ী হৈ ভাৰতৰ পাৰ্থ ৰাকেশ মানে দুটা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত পার্থই সোণৰ পদক অৰ্জন কৰাৰ পাছত দলীয় শাখাত অজয় মালিক আৰু অভিনৱ শ্বৰ সৈতে সোণৰ পদক অৰ্জন কৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত গৌতমী ভানট, সম্ভৱী থ্ৰিছাগৰ আৰু অনুস্কা ঠাকুৰে ভাৰতৰ হৈ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে। পাৰ্থ মানে প্রতিযোগিতাৰ ফাইনেলত ২৫০.৭ পইণ্ট অৰ্জন কৰি পূৰ্বৰ এছিয...

October 1, 2024 10:38 AM

views 25

ভাৰত আৰু বাংলাদেশ টেষ্ট শৃংখলাৰ অন্তিম দিনা বাংলাদেশে ২ উইকেট ২৬ ৰান সংগ্ৰহৰ পৰা আজি খেল আৰম্ভ কৰিব

■ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে কালি ২ উইকেট ২৬ ৰান সংগ্ৰহ কৰি থকাৰ পৰা নিজৰ খেল আৰম্ভ কৰিব। কালি খেল সমাপ্তিৰ সময়ত বাংলাদেশৰ মমিনুল হক আৰু ছাদমান ইছলামে বেটিং কৰি আছিল। ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে দুয়োটা উইকেট দখল কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতে কালি ৯ উইকেট হেৰুৱাই ২৮৫ ৰান সংগ্ৰহ কৰাৰ পাছত প্ৰথম ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছিল। উল্লেখযোগ্য যে কালি ভাৰতীয় দলটোৱে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ৰান সংগ্ৰহৰ কেইবাটাও অভিলেখ স্থাপন কৰে। যশস...

September 28, 2024 8:26 PM

views 19

থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেল খেলখনত নেপালক ৪-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ বিশাল য়াদৱে দুটা আৰু ঋষি সিং আৰু হেমনেই চুং লুংকিমে এটাকৈ গ'ল কৰে। পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে ভাৰতে ৩০ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, ছাফ ১৭ বছৰ অনুৰ্ধৰ ফুটবল প্রতিযোগিতাখনত ভাৰতে পূৰ্বে ৫ বাৰকৈ বিজয়ীৰ খিতাপ দখল কৰিছে।

September 28, 2024 7:55 PM

views 34

ভাৰত আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বাংলাদেশে প্রথমে বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰি কালি প্ৰথম দিনাৰ খেলৰ অন্তত ৩ উইকেটৰ বিনিময়ত ১০৭ ৰান কৰিছিল। বাংলাদেশৰ হৈ মমিউল হকে ৪০ ৰাণ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি খেলি আছিল। ঘৰুৱা দল ভাৰতৰ হৈ আকাশ দীপে দুটা আৰু ৰবিচন্দ্রন অশ্বিনে এটা উইকেট দখল কৰে। ভাৰতে ইতিমধ্যে চেন্নাইত অনুষ্ঠিত প্রথমখন টেষ্টত ২৮০ ৰানত জয...

September 23, 2024 1:40 PM

views 23

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই দবা খেলৰ নতুন প্ৰজন্মক খেলত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।