September 7, 2024 9:22 PM September 7, 2024 9:22 PM
6
স্পেইনৰ প’ণ্টেৱেড্ৰাত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাত ভাৰতৰ মহিলা মল্লযোদ্ধা দলৰ এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থান লাভ
ভাৰতৰ মহিলা মল্লযোদ্ধা দলে স্পেইনৰ প’ণ্টেৱেড্ৰাত অনুষ্ঠিত ২০ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাত এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে সামগ্রিকভাৱে দ্বিতীয় স্থান লাভ কৰিছে। নিটিকাই কালি মহিলাৰ ৬২ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ৰূপৰ পদক অৰ্জন কৰে। নিটিকাই ফাইনেলত ইউক্রেইনৰ মল্লযোদ্ধা ইৰিনা বোন্দাৰাৰ হাতত ১-৪ ফলাফলত পৰাজিত হয়। একেদৰে, নেহাই হাংগেৰীৰ প্ৰতিদ্বন্দ্বীক ১০-৮ ফলাফলত পৰাভূত কৰি ৫৭ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে জ্যোতি বেৰৱালে মহিলাৰ ৭৬ কিলোগ...