November 4, 2024 6:20 PM

views 23

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা

ভাৰতীয় উইকেটকীপাৰ ৰিদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি কয় যে চলিত ৰঞ্জী ট্ৰফী শৃংখলাই তেওঁৰ অন্তিমখন খেল হ'ব। ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাৰ পাছত পশ্চিমবংগৰ ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰে। খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ঘোষণা কৰে যে ক্রিকেতৰ জগতত এটা বৰ্ণিল যাত্ৰা পাৰ কৰাৰ পাছত এই খেলখনেই তেওঁৰ অন্তিমখন খেল হ'ব। তেওঁ লগতে উল্লেখ কৰে যে অন্তিমবাৰৰ বাবে পশ্চিমবংগক প্রতিনিধিত্ব কৰিবলৈ পায় তেওঁ গৌৰৱ অনুভৱ কৰিছে...

November 2, 2024 7:42 PM

views 20

৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খন খেলৰ দ্বিতীয় দিনত ভাৰতৰ আটাইকেইটা উইকেট হেৰুৱাই ২৬৩ ৰান সংগ্ৰহ

ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত অনুষ্ঠিত ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খন খেলৰ আজি দ্বিতীয় দিনা আটাইকেইটা উইকেট হেৰুৱাই ২৬৩ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ ২৮ ৰানৰ অগ্ৰগতি অতিক্ৰম কৰি আলহী দলটোৱে দ্বিতীয় ইনিংছত ১৭১ ৰান সংগ্ৰহ কৰি ১৪৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ২৩৫ ৰাণত প্ৰথম ইনিংছ সামৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচ্চেলে ৮২ আৰু উইল ইয়ঙে ৭১ ৰাণ কৰে। ভাৰতৰ হৈ স্পীনাৰ ৰবীন্দ্ৰ জাদেজাই পাঁচটা আৰ...

November 2, 2024 5:34 PM

views 18

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ কৃশা বার্মাৰ স্বর্ণ পদক অৰ্জন

ভাৰতৰ কৃশা বার্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত চলি থকা ১৯ বছৰৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত কালি এটা স্বর্ণ পদক অৰ্জন কৰিছে। আনহাতে ভাৰতৰ আন ৫গৰাকী বক্সাৰ নিজৰ নিজৰ শাখাৰ ফাইনেলত পৰাস্ত হৈ স্বর্ণ পদকৰ পৰা বঞ্চিত হ'ল। কৃশাই ফাইনেলত জাৰ্মানীৰ লেৰিকা চাইমনক ৫-০ত পৰাস্ত কৰে। ভাৰতৰ চঞ্চল চৌধাৰীয়ে মহিলাৰ ৪৮ কিলোগ্রাম শাখাত ইংলেণ্ডৰ ৰূবী হোৱাইটৰ বিৰুদ্ধে পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। মহিলাৰ ৫৭ কিলোগ্রাম শাখাৰ ফাইনেলত অঞ্জলি সিং ইংলেণ্ডৰ মিয়া-টয়াহ আইটনৰ বিৰুদ্ধে পৰাজিত হয়। পুৰুষৰ ৭৫ কিলোগ্রাম ...

November 1, 2024 7:51 PM

views 24

অসম ভাৰোত্তোলন সন্থাৰ নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

অসম ভাৰোত্তোলন সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্রতিভা চিনাক্ত কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শিৱসাগৰ জিলাৰ ভাৰোত্তোলন সন্থাৰ সহযোগত অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰত নামতিত নতুন প্রতিভা বাছনি শিবিৰ অনুষ্ঠিত হ'ব। উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পোর্টছ একাডেমীয়ে সহযোগিতা কৰিবলগীয়া এই শিবিৰত টকিঅ' অলিম্পিকত ৰূপৰ পদক জয়ী মীৰাবাঈ চানু উপস্থিত থাকিব। শিবিৰলৈ ৮ বছৰৰ পৰা ১৩ বছৰ বয়সৰ ল'ৰা-ছোৱালীক প্ৰেৰণ কৰিবলৈ সকলো জিলা সন্থাকে ৰাজ্যিক সন্থাৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে আহ্বান জ...

October 26, 2024 9:09 PM

views 12

চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ

গোৱালপাৰা জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ সহযোগত আয়োজিত চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে আগিয়া ফুটবল দলক ৫-১ গলত পৰাজিত কৰে।

October 26, 2024 6:40 PM

views 27

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত

দৰং জিলাৰ দুনীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দুনী মুকলি দ্রুত দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুনী দবা একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সুদক্ষ দবা খেলুৱৈ তথা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক বিপুল শর্মাই প্রতিযোগিতাখন আজি উদ্বোধন কৰে। আজিৰ অনুষ্ঠানত জিলাখনৰ এসময়ৰ সুদক্ষ দবা খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জনোৱা হয়।

October 22, 2024 3:03 PM

views 10

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত

নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট ক্রিকেট শৃংখলাৰ পুনে আৰু মুম্বাইত হ'বলগীয়া পৰৱৰ্তী দুখন খেলৰ বাবে অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ পৰিষদৰ নিৰ্বাচক কমিটীয়ে এই ঘোষণা কৰিছে।

October 13, 2024 6:03 PM

views 8

আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ সোণ আৰু ৰূপৰ পদক লাভ

● অসমৰ দীতিমণি সোণোৱাল আৰু সুদিত্য বৰুৱাই হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আজি নিশা সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত অসমে এতিয়ালৈ ৫টা সোণ, ৫টা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ১৪টা পদক লাভ কৰিছে। পুৰুষৰ ৮৯ কিলোগ্রাম শাখাত সুদিত্য স্নেছত ১৪০ কেজি, ক্লিন এণ্ড জার্কত ১৭৫ কেজিসহ মুঠ ৩১৫ কিলোগ্রাম ভাৰোত্তোলনেৰে সোণৰ পদক অৰ্জন কৰে। একেদৰে দীতিমণিয়ে মহিলাৰ ৬৪ কিলোগ্রাম শাখাত মুঠ ২১০ কিলোগ্রাম ভাৰোত্তোলন কৰি ৰূপৰ প...

October 12, 2024 4:19 PM

views 30

সন্ধিয়া ৭ বজাত ভাৰত আৰু বাংলাদেশৰ মাজত টি-২০ ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃতিত্ব অর্জন কৰাৰ চেষ্ট চলাব। ভাৰতে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। ভাৰতে গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন খেলত ৭ উইকেটত বিজয় সাব্যস্ত কৰিছে।

October 12, 2024 4:06 PM

views 17

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত বুমৰাহ দলৰ উপ অধিনায়ক হ'ব।