January 1, 2026 1:18 PM

views 29

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ'ব। ৪৮ খন দেশৰ অংশগ্রহণেৰে হ'বলগীয়া এইবাৰৰ বিশ্বকাপ ফুটবল ইতিহাসৰ সৰ্ববৃহৎ প্রতিযোগিতাৰূপে পৰিগণিত হ'ব। ১১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্রতিযোগিতাখন ১৯ জুলাইত সামৰণি পৰিব...

December 29, 2025 12:18 PM

views 31

ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিৰ ব্ৰঞ্জৰ পদক

দোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ শাখাত ভাৰতৰ অৰ্জুন এৰীগাইছি আৰু কনেৰু হাম্পিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত মেগনাছ কাৰ্লছেন আৰু আলেকজেন্দ্ৰা গ'ৰয়াছকিনাই খিতাপ জয় কৰে। কনেৰু হাম্পিয়ে ২০১৯ আৰু ২০২৪ চনৰ এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল।

December 29, 2025 11:57 AM

views 23

মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত

● ত্ৰিৰৱনন্তপুৰমত অনুষ্ঠিত মহিলা টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত যোৱানিশা ভাৰতে, শ্রীলংকাক ৩০ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই শ্রীলংকাক ২২২ ৰানত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ স্মৃতি মান্ধানাই ৮০ আৰু শেফালি বাৰ্মাই ৭৯ ৰান কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৯১ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ চামাৰী আথাপটুৱে ৫২ ৰান কৰে। ভাৰতৰ অৰুন্ধতী ৰেড্ডী আৰু বৈষ্ণৱী শৰ্মাই দুটাকৈ উইকেট দখল কৰাৰ লগতে এন ছৰনীয়ে...

December 28, 2025 9:59 PM

views 19

বিজয়ৱাড়াত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ঋত্বিক সঞ্জীৱি এছ বিজয়ী

বিজয়ৱাড়াত অনুষ্ঠিত ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত আজি ঋত্বিক সঞ্জীৱি এছ বিজয়ী হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ বি. ৰাঘৱক ২১-১৬, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে। ঋত্বিকে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শীর্ষ বাছনি কিৰণ জৰ্জ ২১-১৬, ১৭-২১ আৰু ২২-২০ গেমত পৰাস্ত কৰি ফাইনেলত প্ৰবেশ কৰিছিল। পুৰুষৰ ডাবলছৰ ফাইনেলত এ হৰিহৰণ আৰু ৰুবেন কুমাৰে, মিথিলেশ কৃষ্ণণ আৰু প্ৰেজানক ২৪-২২, ২১-১৭ গেমত পৰাস্ত কৰি বিজয়ী হয়। মহিলাৰ ডাবলছত পূৰ্বৰ চেম্পিয়ন শিখা গৌতম আৰু অশ্বিনী ভাট কেৰ যু...

December 26, 2025 9:10 PM

views 32

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ্বোধন কৰে।

December 26, 2025 8:46 PM

views 23

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ

তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত হৈছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ্রীলংকাই ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৪ ৰাণ সংগ্ৰহ কৰিছে। আয়োজক দেশ ভাৰতে পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰি আছে। ভাৰতে প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত আৰু দ্বিতীয়খন খেলত আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰিছিল।

December 22, 2025 10:09 PM

views 16

ধেমাজিৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়

ধেমাজি জিলাৰ চিলাপথাৰ মহাবিদ্যালয় খেল পথাৰত আজি সাংসদ খেল মহোৎসৱৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত হোৱা এই খেলসমূহত মুঠ ৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেল মহোৎসৱৰ চূড়ান্ত খেলত দৌৰ, কাবাদী, দবা আৰু ভলীবল প্ৰতিযোগিতাত বাচনি লাভ কৰা খেলুৱৈসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলসমূহত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব বুলি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মন্তব্য কৰে খেল মহোৎসৱৰ চূড়ান্ত প্রতিযোগিতাত সাংসদ শ্ৰী বৰুৱাৰ স...

December 22, 2025 7:44 PM

views 28

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০

বিশাখাপট্টনমত কাইলৈ ভাৰত-শ্ৰীলংকাৰ মহিলা দলৰ দ্বিতীয়খন টি-২০ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব। দেশ দুখনৰ মাজৰ পাচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে জয়লাভ কৰি শৃংখলাটোত ১-০ ৰ অগ্ৰগতি লাভ কৰি আছে। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত প্রথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে।

December 18, 2025 4:54 PM

views 27

কাইলৈ সন্ধিয়া ৭ বজাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে, যোৱানিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত চতুৰ্থখন খেল ঘন কুঁৱলীৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। আম্পায়াৰে কেইবাবাৰো পৰ্যবেক্ষণৰ অন্তত কম পোহৰৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰে। ভাৰত শৃংখলাত ২-১ ফলাফলত আগবাঢ়ি আছে।

December 10, 2025 12:09 PM

views 36

টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত ভাৰতৰ

■ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে টি- টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেলতো কালি অদমনীয় প্ৰদৰ্শনেৰে উজ্জ্বলি উঠে। কটকৰ বাৰাবতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে আলহী দলটোক ১০১ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ আমন্ত্রণ মর্মে প্রথমে বেট ধৰা ভাৰতে নিৰ্ধাৰিত অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান কৰে। হার্দিক পাণ্ডিয়াই ২৮টা বলত ৪টা ৬ আৰু ৬টা চাৰিৰ সহায়ত ৫৯ ৰানৰ বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে। প্ৰত্যুত্তৰত আৰম্ভণিৰে পৰা উইকেট হেৰুৱাই বি...