January 1, 2026 1:18 PM
22
নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত
নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ'ব। ৪৮ খন দেশৰ অংশগ্রহণেৰে হ'বলগীয়া এইবাৰৰ বিশ্বকাপ ফুটবল ইতিহাসৰ সৰ্ববৃহৎ প্রতিযোগিতাৰূপে পৰিগণিত হ'ব। ১১ জুনৰ পৰা আৰম্ভ হ'বলগীয়া প্রতিযোগিতাখন ১৯ জুলাইত সামৰণি পৰিব...