December 18, 2024 1:31 PM

views 15

বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা

বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ভাৰতৰ হৈ ৩৮ বছৰীয়া অশ্বিনে ১০৬ খন টেষ্ট খেলি ৫৩৭ টা উইকেট অধিকাৰ কৰিছিল। অনিল কুম্বলেৰ পাছত তেওঁ হৈছে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ দ্বিতীয় সর্বাধিক উইকেট দখল কৰোতা। আজি ব্ৰীছবেনৰ গাবাত তৃতীয় টেষ্টৰ সামৰণিত ৰচিন্দ্রন অশ্বিনে তেওঁৰ অৱসৰ গ্ৰহণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁৰ গৌৰৱোজ্জ্বল খেলুৱৈ জীৱনত অশ্বিনে ১১ খন টেষ্ট খেলত প্লেয়াৰ অব্ দা মেচ সন্মান অৰ্জন কৰিছিল। অল ৰাউণ্ডাৰ হিচাপেও পৰি...

December 18, 2024 1:27 PM

views 20

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট অমীমাংসিতভাৱে সমাপ্ত

ব্ৰীছবেনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন ক্রিকেট টেষ্ট আজি অমীমাংসিতভাৱে সমাপ্ত হৈছে। খেলখনৰ আজি অন্তিম দিনা ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮৯ ৰান কৰি নাটকীয়ভাৱে ইনিংছ সমাপ্তি ঘোষণা কৰে আৰু ভাৰতক দ্বিতীয় ইনিংছত ২৭৫ ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি কোনো উইকেট নেহেৰুৱাকৈ ৮ ৰান কৰা অৱস্থাত বৰষুণৰ বাবে খেলৰ সমাপ্তি ঘোষণা কৰা হয়। ইয়াৰ আগতে ভাৰতে কালি ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫২ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰ...

December 14, 2024 3:27 PM

views 20

ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীচবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। অস্ট্রেলিয়াই আজি প্রথমে বেট ধৰি বৰষুণৰ আগলৈকে ২৮ ৰান সংগ্ৰহ কৰে।

December 13, 2024 8:41 PM

views 17

কাইলৈ পুৱা ৫ বাজি ৫০ মিনিটত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে বৰ্তমানলৈ একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত ২৯৫ ৰাণত জয়লাভ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়াই দ্বিতীয়খন খেলত ১০ উইকেটত জয়লাভ কৰিছে।

December 13, 2024 7:50 PM

views 17

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্ধৰ কুমিটে-৩৪ কিলোগ্রাম শাখাত আৰু ৰশ্মি প্রধানে কুমিটে-৪২ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই প্রতিযোগিতাখন যোৱা ১১ ডিচেম্বত আৰম্ভ হৈছে আৰু অহা ১৭ ডিচেম্বৰত সামৰণি পৰিব। সদৌ অসম কাৰাট...

December 13, 2024 6:34 PM

views 20

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমীনে শুভাৰম্ভ কৰে। যোৰহাট জিলাৰ মৰিয়নিতো খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।

December 13, 2024 6:01 PM

views 23

বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেলছ বেডমিণ্টনত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত পৰাস্ত

চীনৰ হাংঝৌত অনুষ্ঠিত বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ ফাইনেল বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ গ্ৰুপ পৰ্যায়ৰ তৃতীয়খন খেলত আজি ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ নামি মাছুয়ামা আৰু ছিহাৰু ছিদাৰ যুটীৰ হাতত ১৭-২১, ১৩-২১ গেমত পৰাস্ত হয়।এই প্রতিযোগিতাখনত প্ৰতিনিধিত্ব কৰা ভাৰতৰ একমাত্ৰ যুটীটোৰ পৰাজয়ৰ পাছতে বি ডব্লিউ এফ ৱাৰ্ল্ড টুৰ ফাইনেলত ভাৰতৰ অভিযানৰ অন্ত পৰে।

December 11, 2024 12:55 PM

views 17

পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলৰ শীর্ষস্থান দখল

ওড়িশাৰ পুৰীত অনুষ্ঠিত নৱম বাৰ্ষিক ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপত অসমৰ দলে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নলবাৰী জিলাৰ আঠগৰাকী খেলুৱৈয়ে মুঠ ১৪টা পদক অর্জন কৰিছে। ৰণবীৰ তালুকদাৰে দুটা সোণ, ৰূপজ্যোতি তালুকদাৰে এটা সোণ আৰু এটা ব্ৰঞ্জ, হৰ্ষিত বৰুৱাই এটা ব্রঞ্জ, ছয়নিকা দেৱীয়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জ, সঞ্জয় তালুকদাৰে এটা ব্ৰঞ্জ, ৰাণু দাস আৰু বৰ্ণাভ কাশ্যপে এটাকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ অৰ্জন কৰিবলৈ সমৰ্থ হয়।

December 11, 2024 12:53 PM

views 15

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা ৩ দিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই খেল মহাৰণ প্ৰতিযোগিতাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ২ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভৱানীপুৰৰ বিধায়কে হাতত অগ্নিশিক্ষা লৈ কালি খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

December 11, 2024 12:50 PM

views 20

হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় মহিলা দল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰতীয় মহিলা দলটো আজি চীনৰ হংকঙত চলি থকা বিশ্ব স্কোৱাচ চেম্পিয়নশ্বিপ ২০২৪ৰ প্ৰি- কোৱাৰ্টাৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোৱে কালি ইটালীক ৩-০ পইণ্টত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছিল। ভাৰতৰ আকাংক্ষা চলুংখে, অনাহাতে সিং আৰু নিৰূপমা ডুবেই তেওঁলোকৰ খেলত জয়লাভ কৰিছে। আজিৰ খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৯.৩০ বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলটোৱে কলম্বিয়া আৰু ইটালীৰ বিৰুদ্ধে জয়লাভ কৰাৰ লগতে বেলজিয়ামৰ বিৰুদ্ধে পৰাস্ত হৈ গ্ৰুপ চিত দ্বিতীয়...