February 7, 2025 6:55 PM

views 32

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ

শিৱসাগৰত আজিৰে পৰা খেল মহাৰণ ২.০ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। শিৱসাগৰ নগৰৰ বোর্ডিং খেলপথাৰত এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টিৰ প্ৰায় ১,৫০০ খেলুৱৈয়ে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব। ৩ দিনীয়াকৈ আয়োজিত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব। ইপিনে, ওদালগুৰি...

January 31, 2025 3:22 PM

views 16

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ

উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্রা পাং য়িং আৰু ৫৬ কিলোগ্রাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত ...

January 30, 2025 2:10 PM

views 18

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত শিতানত অসমৰ প্ৰতিদ্বন্দ্বিতা

অসমে আজি উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত আজি ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ ছোৱালীৰ বীচ্চ হেণ্ডবল দল আজি ছেমি ফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা প্ৰায় ১০ বজাত আৰম্ভ হ'ব। স্কোৱাছত মনশ্ৰী ৰাজস্থানৰ ছাৱিৰ সন্মুখীন হ'ব। এই শিতানৰ মহিলাৰ দলীয় শাখাত অসম, তামিলনাডুৰ আৰু পুৰুষৰ দলীয় শাখাত অসম উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰোত্তোলনত আজি পঞ্চমী সোণোৱাল আৰু বৰ্ণালী বৰাই প্ৰতিদ্ব...

January 28, 2025 9:06 PM

views 18

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ ৩৩১ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসম ক্রিকেট সন্থাৰ শীৰ্ষ কৰ্মকৰ্তাৰ উপস্থিতিত সন্থাৰ কেইবাগৰাকী অভিজ্ঞ প্রশিক্ষকে শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ খেলৰ বিভিন্ন দিশ পৰীক্ষা কৰে। এই শিবিৰৰ পৰা ১৫ ...

January 27, 2025 3:38 PM

views 30

একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত

মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ইটালীৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৯৯২-৯৩ বৰ্ষত জিম কুৰিয়ৰৰ পিছত একাধিক অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। তৃতীয়খন গ্ৰেণ্ড শ্লেমৰ ফাইনেল খেলা ছিনাৰৰ এইটো তৃতীয়টো বৃহৎ খিতাপইফালে, প্ৰতিযোগিতাৰ মহিলাৰ ডাবলছৰ ফাইনেলত আমেৰিকাৰ টেইলৰ টাউনচেণ্ড আৰু চেক খেলুৱৈ কেটেৰিন...

January 22, 2025 8:14 PM

views 26

ইডেন গার্ডেনছত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গার্ডেনছত বৰ্তমান চলি আছে। পাঁচখন খেলৰ এই শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলত প্রবীণ পেচ বলাৰ মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তন ঘটিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে ১৩.৩ অভাৰত ৬ উইকেট হেৰুৱাই ৯৬ ৰাণ সংগ্ৰহ কৰিছে।

January 2, 2025 4:49 PM

views 31

হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল টাইগাৰৰ হৈ ৰুপিন্দৰ পাল সিঙে দুয়োটা গ’ল দিয়ে।

January 2, 2025 10:12 AM

views 31

২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছৰ গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ওড়িশাৰ ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত চলি থকা ২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত দ্বিতীয়খন খেলত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছে গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰে।

December 30, 2024 12:48 PM

views 26

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ সামৰণি

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত অসম ৰছীটনা প্রতিযোগিতাৰ কালি সামৰণি পৰে। দুশৰো অধিক প্ৰতিযোগিৰ অংশগ্রহণেৰে অনুষ্ঠিত প্রতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ শাখাত গোলাঘাট চেম্পিয়ন হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ জিলা হিচাপে শোণিতপুৰ আৰু ডিমাহাচাও নিৰ্বাচিত হয়।

December 28, 2024 7:56 PM

views 30

অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান

৬ গৰাকী খেলুৱৈক এন আৰ এল-অইল বঁটা প্ৰদান ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে আজি বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ আজি ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এনআৰএল-অইল বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ ৬ গৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক বঁটাৰ লগতে চেক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰা খেলুৱৈসকল হ’ল ক্ৰমে ৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈ জনঞ্জয় জ্যোতি হাজৰিকা, ৰাষ্ট্ৰীয় ট্ৰায়থলন খেলুৱৈ দেৱিকা শৰ্...