April 4, 2025 6:10 PM

views 26

সন্ধিয়া ৭.৩০ বজাত আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছান ৰাইজাৰ্ছ হায়দাবাদক ৮০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দাবাদে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে কৰিবলৈ সমৰ্থ হয়।

April 4, 2025 6:02 PM

views 22

২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিঙৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত ভাৰতীয় বক্সাৰ হিতেশ

ভাৰতীয় বক্সাৰ হিতেশ, ব্রাজিলত অনুষ্ঠিত ২০২৫ বৰ্ষৰ বিশ্বকাপ বক্সিং প্রতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাৰ পুৰুষৰ ৭০ কিলোগ্রাম শাখাত তেওঁ ফ্ৰান্সৰ মাকান ট্ৰাওৰেক ৫-০ ব্যৱধানত পৰাস্ত কৰে। এই প্রতিযোগিতাৰ ৫০ কিলোগ্রাম শাখাত যদুমণি সিং, ৬০ কিলোগ্রাম শাখাত শচীন ছিৱাচ আৰু ৯০ কিলোগ্রাম শাখাত বিশালে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

April 3, 2025 8:34 PM

views 26

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈৰ ১৫টা পদক লাভ

খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাসমূহ কালিৰেপৰা অনুষ্ঠিত হৈছে। কালি খেলৰ প্ৰথম দিনা সাঁতোৰত যোৰহাট জিলাৰ খেলুৱৈয়ে ১৫টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ৮টা শাখাৰ ভিতৰত ৫টাতে যোৰহাটৰ খেলুৱৈয়ে স্বর্ণ পদক জয় কৰাৰ লগতে ৮টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে, শিৱসাগৰ জিলাই ২টা সোণ আৰু ৩টা ব্ৰঞ্জ, কামৰূপ মহানগৰ জিলাই এটা সোণ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সাঁতোৰৰ উপৰি কালি এথলেটিকছ, ফুটবল, কাবাড়ী আৰু দবাৰ প্ৰাথমিক প...

April 3, 2025 8:28 PM

views 24

১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A তৃতীয়খন খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত

  অসম ক্রিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৪ বছৰ অনূর্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ মধ্য অসম মণ্ডলৰ গ্ৰুপ-A আজি তৃতীয়খন খেল মৰিগাঁও জিলা ক্রীড়া সন্থাৰ আতিথ্যত আৰু ক্ৰিকেট উপ-সমিতিৰ তত্বাৱধানত অনুষ্ঠিত হৈছে। আজিৰ খেলত মৰিগাঁও জিলা ক্রীড়া সন্থাই তিতাবৰ জিলা ক্রীড়া সন্থাক ৪৯ ৰাণত পৰাস্ত কৰি মধ্য অসম মণ্ডলৰ গ্ৰুপ-এৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে মাণ্ডলিক ফাইনেলত প্ৰৱেশ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাই প্ৰথমে বেট ধৰি ২৬ অভাৰত ৮৬ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত তিতাববে ২২ অভাৰত আটাই...

April 1, 2025 12:32 PM

views 15

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ ৮ উইকেটত পৰাস্ত

● আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাৰ এখন খেলত কালি নিশা মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে মাত্র দুটা উইকেট হেৰুৱাই ১২ অভাৰ আৰু ৫ টা বলত ১১৭ ৰানৰ লক্ষ্য ভেদ কৰে। দলটোৰ হৈ অ 'পেনাৰ ৰায়ন ৰিকেলটনে ৪১টা বলত আউট নোহোৱাকৈ ৬২ ৰান সংগ্ৰহ কৰে। আনহাতে সূৰ্য্যকুমাৰ যাদৱে মাত্র ৯টা বলত ২৭ ৰান কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি কলকাতা নাইট ৰাইডাৰ্ছে ১৬ অভাৰ আৰু দুটা বলত ১১৬ ৰান সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুওৱাই। কলকাত...

March 30, 2025 3:40 PM

views 24

চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেটত আই আই টি গুৱাহাটীৰ বিজয়ৰ খিতাপ

■ ডিব্ৰুগড় বিশ্ববিদ্যালয় খেলপথাৰত কালি অনুষ্ঠিত চতুর্থ বার্ষিক নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় টি-২০ ক্রিকেট প্রতিযোগিতাত আই আই টি গুৱাহাটীয়ে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত চূড়ান্ত খেলত আই আই টি গুৱাহাটীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ তত্বাৱধানত কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

March 27, 2025 12:15 PM

views 19

খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি

■ খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্‌চ, পেৰা বেডমিণ্টন পেৰা পাৱাৰ লিফটিং আৰু টেবল টেনিছকে ধৰি ৬টা শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷

March 27, 2025 12:10 PM

views 21

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে ১৫২ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কুইণ্টন ডি ক’কে কলকাতা নাইট ৰাইডাৰ্ছৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ক’কে ৬১টা বলত ৯৭ ৰান কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ১...

March 20, 2025 5:03 PM

views 24

দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়াম খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ’ব

নতুন দিল্লীৰ ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত আজি বিয়লি খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ মুকলি কৰা হ'ব। প্ৰচাৰ ভাৰতীৰ স্পোর্টছ ইউটিউব চেনেলত এই উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। এইবাৰৰ খেলো ইণ্ডিয়া পেৰা গেমছত ১,৩০০ অধিক এথলীটে মুঠ ৬বিধ ক্রীড়াত অংশ ল’ব।

March 20, 2025 4:38 PM

views 15

আই পি এল টি-২০ ক্রিকেটত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত ৰিয়ান পৰাগে নেতৃত্ব বহন কৰিব

অসমৰ প্ৰতিভাসম্পন্ন খেলুৱৈ ৰিয়ান পৰাগে আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ দলৰ প্ৰথম তিনিখন খেলত নেতৃত্ব বহন কৰিব। দলটোৱে আজি আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। এই অনুসৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২৬ মাৰ্চত আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩০ মাৰ্চত হ'বলগীয়া খেলকেইখনত ৰিয়ানে অধিনায়কৰ দায়িত্ব পালন কৰিব। পৰৱৰ্ত্তী পৰ্যায়ত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পাছত সঞ্জু ছেমচনে দলটোৰ নেতৃত্ব বহন কৰিব বুলিও ঘোষণা কৰা হৈছে। একেদৰে, মুম্বাই...