July 24, 2025 8:10 PM

views 11

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্রাক্তন সাংসদ তপন কুমাৰ গগৈয়ে পতাকা উত্তোলন কৰা প্ৰতিযোগিতাখনৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শুভ উদ্বোধন কৰে। প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা লাভ কৰিব।

July 23, 2025 9:05 PM

views 28

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ’ৰ্ডত অনুষ্ঠিত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ'ৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত ১০১ ৰান সংগ্ৰহ কৰিছে। কে এল ৰাহুল ৪৬ ৰান কৰি আউট হোৱাৰ পাছত যশস্বী জয়ছোৱালে ৫০ আৰু ছাই সুদৰ্শন ২ ৰান কৰি খেলি আছে। প্রথম উইকেটৰ যুটীত কে এল ৰাহুল আৰু জয়ছোৱালে ৯৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ আজি বেগী বলাৰ অঞ্চল কমবোজৰ টেষ্ট অভিষেক ঘটিছে। আনহাতে কৰুণ নায়াৰৰ স্থানত বেটাৰ ছাই সুদৰ...

July 23, 2025 8:20 PM

views 30

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ-A ৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ- এৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী হৈছে। মৰিগাঁৱৰ ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় দিনা মৰিগাঁৱে তিতাবৰ ক্ৰিকেট সন্থাক এক ইনিংছ আৰু ৩৪ ৰানত পৰাস্ত কৰি বোনাছসহ সম্পূর্ণ পইণ্ট অৰ্জন কৰে। প্ৰতিযোগিতাৰ কাইলৈৰ পৰা হ'বলগীয়া খেলত নগাঁও জিলাই কাৰ্বি আংলঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

July 19, 2025 12:32 PM

views 31

গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

● গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত আয়োজিত এই প্রতিযোগিতাৰ ল'ৰাৰ ১৪ বছৰ অনুৰ্থ শাখাত অসমৰ নিব্ৰাছ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক ৬-২, ৬-২ ব্যাৱধানত পৰাস্ত কৰাৰ উপৰি ডাবলছত অসমৰ চন্দ্ৰ মোহান্তিৰ সৈতে যুটী বান্ধি বিহাৰৰ ৰিক ৰাউট আৰু অবিনাশ ৰয়ক ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে । ইপিনে অসমৰ কৃষ্টি হালৈয়ে ডাবলছৰ ১২ বছৰ অনুৰ্থ শাখাৰ ফাইনেলত কৰ্ণাটকৰ আনিশ...

July 18, 2025 10:57 AM

views 28

অইল আইটা ছুপাৰ ছিৰিজ টেনিছত কৃষ্টি হালৈৰ ফাইনেলত প্ৰৱেশ

■ অসমৰ কৃষ্টি হালৈয়ে গুৱাহাটীত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্রতিযোগিতাৰ ছোৱালীৰ ছিংগলছৰ ১২ আৰু ১৪ বছৰ অনুৰ্থ উভয় শাখাৰে ফাইনেলত প্ৰৱেশ কৰিছে। কৃষ্টিয়ে কালি ১৪ বছৰ অনুৰ্থ শাখাৰ ছেমি ফাইনেলত অসমৰে সংস্কৃতি বৰাক ৬-১, ৬-৪ ছেটত পৰাস্ত কৰে।

July 14, 2025 11:40 AM

views 11

যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা

যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।

July 14, 2025 11:30 AM

views 19

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন

● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে ৩৩ ৰান কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি ১৩৫ ৰানৰ প্ৰয়োজন। চতুর্থ দিনৰ শেষৰটো বলত কালি ইংলেণ্ডৰ অধিনায়ক বেন ষ্টকছে আকাশ দীপক মাত্র ১ ৰানতে আউট কৰে। ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৯২ ৰান কৰে। ভাৰতৰ হৈ ৱাশ্বিংটন...

June 30, 2025 7:43 PM

views 29

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা ২০২৫ বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ

লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজিৰে পৰা চলিত বৰ্ষৰ তৃতীয়টো গ্ৰেণ্ডশ্লেম উইম্বলডন টেনিছ প্রতিযোগিতা আৰম্ভ হৈছে। এইবাৰৰ প্ৰতিযোগিতাত পুৰুষৰ ছিংগলচ্ শাখাত চলিত বৰ্ষৰ ফ্ৰেন্স অ’পেন খিতাপ অৰ্জন কৰা কাৰ্লছ আলকাৰাজ, বিশ্বৰ শীৰ্ষস্থানৰ জানিক ছিনাৰ আৰু ২৪ বাৰ গ্ৰেণ্ডশেম খিতাপ অৰ্জন কৰা ন’ভাক জ’ক’ভিচ অন্যতম তাৰকা খেলুৱৈ । আলকাৰাজ নিজৰ প্ৰথম ৰাউণ্ডৰ খেলত ফেবিঅ' ফগনিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথম ৰাউণ্ডৰ আন এখন খেলত ফ্ৰান্সৰ বেঞ্জামীন বনজিয়ে প্রতিযোগিতাৰ নৱম বাচনিপ্রাপ্ত তাৰকা খেলুৱৈ ডানিল মেদৱেদেৱক ৭-৬, ৩-৬...

June 23, 2025 5:40 PM

views 16

হেডিংলি টেষ্টৰ চতুর্থ দিনত ভাৰতে তৃতীয় দিনত সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব

হেডিংলি টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব। কালি দিনান্তত কে এল ৰাহুলে ৪৭ ৰান আৰু অধিনায়ক শুভমন গীলে ৬ ৰান কৰি বেট ধৰি আছিল৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ ৪৭১ ৰানৰ প্ৰত্যুতৰত আটাইকেইটা উইকেট হেৰুৱাই ৪৬৫ ৰান সংগ্ৰহ কৰে। ফলত ভাৰতে খেলখনত প্ৰথম ইনিংছত মাত্র ৬ ৰানৰ অগ্ৰগতি লাভ কৰে। বৰষুণৰ বাবে কালিৰ খেল কিছুসময়ৰ পূৰ্বে সামৰিবলগীয়া হৈছিল।

June 19, 2025 7:46 PM

views 34

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আদি কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ নাথাকিব যদিও প্রতিভাবান খেলুৱৈৰে গঠিত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ চলিত বতৰত ভাল খেল প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় টেষ্ট দলত পূৰ্বে বিৰাট কোহলিৰ চতুৰ্থ স্...