December 19, 2025 7:00 PM December 19, 2025 7:00 PM
3
শোণিতপুৰত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন
প্রশাসন ব্যৱস্থাত অধিক স্বচ্ছতা, গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহ অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত জনসাধাৰণৰ অভিযোগসমূহৰ খৰতকীয়া নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। জিলাখনৰ চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগীয় কার্যালয়ৰ চৌহদত বিশেষ অভিযোগ নিষ্পত্তি শিবিৰ অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধানৰ প্ৰয়াস কৰা হ'ব। জিলা প্রশাসনে লগতে সেৱা সেতু প'ৰ্টেলত থকা আবেদনসমূহৰো শীঘ্ৰে স...