December 19, 2025 7:00 PM

views 6

শোণিতপুৰত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন

প্রশাসন ব্যৱস্থাত অধিক স্বচ্ছতা, গতিশীলতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন জিলাত সুশাসন সপ্তাহ অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাত আজিৰে পৰা ২৫ ডিচেম্বৰলৈ পঞ্চম সুশাসন সপ্তাহৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত জনসাধাৰণৰ অভিযোগসমূহৰ খৰতকীয়া নিষ্পত্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। জিলাখনৰ চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিভাগীয় কার্যালয়ৰ চৌহদত বিশেষ অভিযোগ নিষ্পত্তি শিবিৰ অনুষ্ঠিত কৰি সমস্যাসমূহ সমাধানৰ প্ৰয়াস কৰা হ'ব। জিলা প্রশাসনে লগতে সেৱা সেতু প'ৰ্টেলত থকা আবেদনসমূহৰো শীঘ্ৰে স...

December 19, 2025 6:47 PM

views 11

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত ভূমি উচ্ছেদৰ বাবে জিলা প্রশাসনৰ বিশেষ পদক্ষেপ গ্রহণ

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত বনানীকৰণৰ বাবে নিৰ্ধাৰিত ভূমিত অবৈধভাৱে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ নেতৃত্বত আজি চৰকাৰী বিষয়াৰ এটা দলে দখলীকৃত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে, বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে ইতিমধ্যে আবণ্টিত প্রায় ছহেজাৰ দুশ বিঘা ভূমি বর্তমানো অবৈধ দখলকাৰীৰ কৱলত আছে। ৰাজহ চক্ৰ কাৰ্য্যালয় আৰু বন বিভাগৰ বিষয়াই ইতিপূর্বে এই অঞ্চল পৰিদৰ...

December 16, 2025 7:10 PM

views 9

শোণিতপুৰত কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা, মীন আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ পুংখানুপুংখভাবে আলোচনা কৰাৰ লগতে হিতাধিকাৰীসকলে যাতে চৰকাৰী আঁচনিৰ সুবিধা সময়মতে লাভ কৰিব পাৰে সেই সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। কৃষি, পশুপালন আৰু দুগ্ধ উন্নয়ন খণ্ডত ৰাজ্যখনক স্বাৱল...

November 23, 2025 6:40 PM

views 21

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শোণিতপুৰ জিলাৰ ৰাঙাপাৰা সমষ্টিৰ ২৮,৮২৭ গৰাকী হিতাধীকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত সমষ্টিটোৰ ২৮,৮২৭ গৰাকী আত্মসহায়ক গোটৰ হিতাধীকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মহিলা নেতৃত্বাধীন বিকাশ তথা গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ ৪১ টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ পথ প্ৰশস্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰ...

November 20, 2025 12:23 PM

views 22

শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত বিদেশী ন্যায়াধীকৰণৰ

বিদেশী ন্যায়াধীকৰণে শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে। জিলাখনৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট থানাৰ অধীনৰ ধোৱাকটা গাঁৱৰ এই মহিলাকেইগৰাকী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰে। জিলাখনৰ আয়ুক্ত আনন্দ কুমাৰ দাসে দিয়া নির্দেশনা অনুসৰি এই তথ্য পোহৰলৈ আহিছে। চিনাক্ত কৰা মহিলা কেইগৰাকী ফাতেমা, মনোৱাৰা, হানুফা, মৰিয়মনেচা আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে। এই মহিলাকেইগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে।

October 31, 2025 7:34 PM

views 26

আনন্দ কুমাৰ দাসৰ সভাপতিত্বত শোণিতপুৰ জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত

শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অসম্পূর্ণ প্রকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি অংশীদাৰ বিভাগসমূহক সক্রিয়তাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। এই সভাতেই কৃষি বিভাগে কৃষক পঞ্জীয়ন আৰু ডিজিটেল শস্য জৰীপৰ অগ্রগতি সন্দৰ্ভত প্রতিবেদন দাখিল কৰে। লোক নির্মাণ গৃহ বিভাগৰ অধীনত চলি থকা বৃহৎ আন্তঃগাথনিগত প্রকল্পসমূহ বিশেষকৈ জিলা পুথিভড়াল প্রেক্ষাগৃহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা...

September 16, 2025 7:06 PM

views 19

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন

শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আজি জনসাধাৰণৰ বাবে উন্নত সেৱা প্ৰদানৰ বাবে দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ কেতবোৰ স্বাস্থ্য আৰু শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ঠেলামৰাৰ নাহৰবাৰী নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ স্বাস্থ্য প্রতিষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থা, সা-সুবিধা আৰু সেৱা প্ৰদানৰ মান সন্দৰ্ভত পর্যালোচনা কৰে। চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ৰোগীসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীদাসে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ আশ্বাস দিয়ে। এই কাৰ্যসূচীৰ অধীনত পাঁচ মাইল...

September 5, 2025 12:07 PM

views 17

শোণিতপুৰত চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি শোণিতপুৰ জিলাৰ ডুৰুং চাহ বাগিচাত ৰূপায়ণ কৰা চাহ পৰ্যটন আন্তঃগাঁথনি প্ৰচাৰ আৰু বিকাশ প্ৰকল্পৰ শুভাৰম্ভ কৰে। চাহ বাগিচাসমূহক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বাগিচাৰ বাংলোসমূহক অতিথিশালালৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বিনিয়োগকাৰী তথা বিলাসী হোটেলৰ গোটসমূহক উদগণি যোগোৱাৰ বাবে নীতি প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ অংশ হিচাপে ডুৰুং চাহ বাগিচাৰ পুৰণি বাংলো আৰু অতিৰিক্ত ভূমিত দা পোষ্টকার্ড হোটেল ম...

September 4, 2025 12:19 PM

views 13

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকিব। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শি...

July 11, 2025 7:59 PM

views 8

প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত শোণিতপুৰ জিলাত বিনামূলীয়া এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

 ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত নামভৰ্তিৰ বাবে অভিযান চলোৱা হ'ব বুলি শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তই এখন পত্রযোগে প্ৰকাশ কৰিছে। অহা ১৬ জুলাই পুৱা ১১ বজাৰ পৰা তেজপুৰত থকা জিলা নিয়োগ বিনিময় কেন্দ্ৰত এই নামভৰ্তি ...