বিদেশী ন্যায়াধীকৰণে শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছে। জিলাখনৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট থানাৰ অধীনৰ ধোৱাকটা গাঁৱৰ এই মহিলাকেইগৰাকী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰে। জিলাখনৰ আয়ুক্ত আনন্দ কুমাৰ দাসে দিয়া নির্দেশনা অনুসৰি এই তথ্য পোহৰলৈ আহিছে। চিনাক্ত কৰা মহিলা কেইগৰাকী ফাতেমা, মনোৱাৰা, হানুফা, মৰিয়মনেচা আৰু আমজাদ আলী বুলি চিনাক্ত কৰা হৈছে। এই মহিলাকেইগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে।
Assamese | November 20, 2025 12:23 PM | sonitpur
শোণিতপুৰ জিলাৰ ৫ গৰাকী মহিলাক বিদেশী বুলি চিনাক্ত বিদেশী ন্যায়াধীকৰণৰ