December 17, 2025 12:21 PM

views 13

শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত

অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত শিৱসাগৰ জিলাৰ শুকান পুখুৰী বৰ্ণ কুটিৰ শিল্পগ্রামত দহদিনীয়া বিশেষ মুখা প্রশিক্ষণ অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম উপাদান মুখা নিৰ্মাণৰ সকলো দিশ সামৰি লোৱা এই শিবিৰত ১০ গৰাকী প্রশিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। এই প্রশিক্ষণত ভাওনাত ব্যৱহাৰ কৰা মুখাসমূহ স্থানীয়ভাবে পোৱা সামগ্রী বাঁহ, খেৰ, বোকামাটি, গোবৰ আদিৰে সাজি উলিওৱাৰ ব্যৱহাৰিক কৌশল প্রণালীবদ্ধভাবে শিকোৱা হৈছে। মুখাশিল্পী সুজিত বৰুৱাই এই কাৰ্যসূচীত মুখ্য প্রশিক্ষক হিচাপে অংশ লৈছে। ২৪...

October 10, 2025 8:02 PM

views 23

শিৱসাগৰত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী উদযাপন

শিৱসাগৰ নগৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী আজি দৌল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি তর্পণ, সম্বর্ধনা অনুষ্ঠান আদিৰে আৰম্ভণি হোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দৰ্ভত আলোচনাৰো আয়োজন কৰা হয় ৷

July 2, 2025 8:06 PM

views 20

শিৱসাগৰত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনৰ উদ্ধাৰ অভিযান অব্যাহত

শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমুৰীয়া ঘাটত কালিৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰ কৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চলাই আছে। দিখৌ নৈত গা ধুবলৈ যোৱা একেখন বিদ্যালয়ৰ ৬ জন কিশোৰৰ দুজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই।  আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিশোৰ দুজনৰ চাইকেল, স্কুল বেগ আৰু কাপোৰ উদ্ধাৰ কৰিছে ৷

June 30, 2025 12:25 PM

views 16

শিৱসাগৰৰ ডিমৌ-মৰাণ অংশৰ বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-মৰাণ অংশৰ বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ কৰা হৈছে। যুদ্ধবিমান ৰাফেল, মিগ, তেজশ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ই এল এফ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এই বিশেষ স্থান পৰিদৰ্শন কৰি এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰিছে।

June 16, 2025 1:38 PM

views 18

শিৱসাগৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব বুলি পীযূষ হাজৰিকাৰ ঘোষণা

শিৱসাগৰ বিধানসভাৰ এলেকাৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ'ব বুলি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই ঘোষণা কৰিছে। এ ডি বি আঁচনি অনুসৰি এই ২০০ কোটি টকাৰে শিৱসাগৰ সমষ্টিৰ ২০ কিলোমিটাৰ মথাউৰিৰ লগতে ছখন শুইছ গে’টৰ মেৰামতিৰ কামো কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালি সন্ধিয়া শিৱসাগৰ জিলাৰ মামল গড়ভঙাৰ শুইছ গে’ট পৰিদৰ্শন কৰি মন্ত্ৰী হাজৰিকাই এই কথা ঘোষণা কৰে। মন্ত্রী হাজৰিকাৰ পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ বানপ...

June 14, 2025 8:02 PM

views 24

শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ৰীগত হোৱা গেছৰ নির্গমন অব্যাহত

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছৰ নির্গমন আজিও অব্যাহত আছে। ৰীগটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন এতিয়ালৈ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে বুলি নিগমে প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেল কূপটোত গেছৰ নিগমন আৰম্ভ হয়। প্রচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ ৭০ টা পৰিয়ালক সেই অঞ্চল...

April 6, 2025 8:00 PM

views 27

শিৱসাগৰৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্রীড়াঙ্গন খেলপথাৰত ৯,৯৯৯ গৰাকী মহিলাই একেলগে সমসাজত বিয়ানাম পৰিবেশন

শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য ক্রীড়াঙ্গন খেলপথাৰত আজি ৯,৯৯৯ গৰাকী মহিলাই একেলগে সমসাজত বিয়ানাম পৰিবেশন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হয়। সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমৌ সন্মিলিত নাৰী সমাজৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসম বুক অৱ ৰেকৰ্ডছৰ বিষয়ববীয়া উপস্থিত থাকে। হেৰাই যাবলৈ ধৰা বিয়ানামক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে এই বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

January 20, 2025 1:17 PM

views 21

দিচাংমুখৰ পোহাৰাম পাংগিঙৰ ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যলৈ ৰপ্তানি

শিৱসাগৰ জিলাৰ দিচাংমুখৰ কৃষক পোহাৰাম পাংগিঙে ২০০ বিঘা মাটিত উৎপাদিত অন্যান্য শাক- পাচলিৰ লগতে ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ডুবাইলৈ ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। খেতিয়কগৰাকীয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ২৫ মেট্রিক টন পাচলি ডুবাইলৈ প্ৰেৰণ কৰিছিল। ইতিমধ্যে দিচাংমুখৰ শাক-পাচলিয়ে বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে। বিগত কেইবাদশক ধৰি দিচাংমুখৰ থলুৱা কৃষকসকলে সীমিত সুবিধাৰে দিখৌ, ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ চৰ-চাপৰিসমূহত বিভিন্ন ধৰণৰ ৰবি শস্যৰ উৎপাদন কৰি আহিছে। চাপৰিসমূহত উৎপাদন কৰা শাক-পাচলিয়ে শ...

October 22, 2024 6:35 PM

views 15

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হ’বলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি

শিৱসাগৰত অহা ২৫ অক্টোবৰৰ পৰা দুদিনীয়াকৈ হ'বলগীয়া নাক, কাণ আৰু ডিঙিৰ বিশেষজ্ঞ চিকিৎসকৰ বাৰ্ষিক সন্মিলনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৫০ গৰাকী প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বার্ষিক অধিৱেশনখনত নাক, কাণ আৰু ডিঙিৰ নতুন চিকিৎসা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। লগতে ভালেকেইগৰাকী সমল ব্যক্তিয়ে অধিৱেশনত গৱেষণা পত্র উপস্থাপন কৰিব। এই সন্মিলনতে চাৰিজন চিকিৎসকক জীৱনজোৰা সাধনাৰ বাবে বঁটা প্ৰদান কৰা হ'ব।

July 25, 2024 6:31 PM

views 27

শিৱসাগৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

ব’লবম উৎসৱৰ নামত একাংশই সৃষ্টি কৰা বিশৃংখল পৰিৱেশ, অসহনীয় উচ্চ প্রাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰ আদিৰ লগতে শিক্ষানুষ্ঠান, চিকিৎসালয়, ন্যায়ালয় আদিৰ কামত বাধাৰ সৃষ্টি হোৱা পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা আয়ুক্তই সমগ্ৰ জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে।