ডাউনলোড
মোবাইল এপ

android apple
signal

January 20, 2025 1:17 PM | Sibsagar

printer

দিচাংমুখৰ পোহাৰাম পাংগিঙৰ ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যলৈ ৰপ্তানি

শিৱসাগৰ জিলাৰ দিচাংমুখৰ কৃষক পোহাৰাম পাংগিঙে ২০০ বিঘা মাটিত উৎপাদিত অন্যান্য শাক- পাচলিৰ লগতে ৰঙালাউ আৰু কাজি নেমু দেশৰ কেইবাখনো ৰাজ্যৰ লগতে ডুবাইলৈ ৰপ্তানি কৰিবলৈ সমৰ্থ হৈছে। খেতিয়কগৰাকীয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ২৫ মেট্রিক টন পাচলি ডুবাইলৈ প্ৰেৰণ কৰিছিল। ইতিমধ্যে দিচাংমুখৰ শাক-পাচলিয়ে বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে। বিগত কেইবাদশক ধৰি দিচাংমুখৰ থলুৱা কৃষকসকলে সীমিত সুবিধাৰে দিখৌ, ব্ৰহ্মপুত্ৰ আৰু দৰিকাৰ চৰ-চাপৰিসমূহত বিভিন্ন ধৰণৰ ৰবি শস্যৰ উৎপাদন কৰি আহিছে। চাপৰিসমূহত উৎপাদন কৰা শাক-পাচলিয়ে শেহতীয়াকৈ বিদেশৰ বজাৰত সমাদৰ লাভ কৰাত কৃষকসকল উৎফুল্লিত হৈ পৰে।

অধিক পঢ়ক

সকলো চাওক