May 28, 2024 7:38 PM

views 17

পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজীৱন কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্রয়াত বীৰুবালা ৰাভাৰ গোৱালপাৰা জিলাৰ ঠাকুৰভিলাৰ বাসগৃহত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাভাৰ স্মৃতিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক সমবেদনা জ্ঞাপন কৰে। বীৰুবালা ৰাভাৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি আৰু জনসাধাৰণে কৰ্মৰ মাজেৰে তেওঁক জীয়াই ৰাখিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

May 24, 2024 8:51 PM

views 18

ৰাজ্যজুৰি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা বার্তাত অদম্য সাহস, কর্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজাগৰাকীৰ কৰ্মস্পৃহা আৰু দূৰদৰ্শী নেতৃত্ব তথা চিন্তাধাৰাৰে জাতীয় জীৱনৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি যাবলৈ ৰাজ্যৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত আয়োজিত এটা কাৰ্যসূচীত উপস্থিত থাকি মহান ৰজাগৰাকীৰ আদৰ্শৰে উদ্বুদ্ধ হৈ বৰ্...

April 5, 2024 7:36 PM

views 75

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

◊ ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নির্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ ...