August 7, 2024 1:02 PM

views 26

এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি অসমৰ পৰা নির্বাচিত এন ডি এৰ সাংসদসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে। সাক্ষাৎকাৰত তেওঁলোকে এইবাৰৰ বাজেটত অসমৰ বাবে বান ব্যৱস্থাপনাৰ ক্ষেত্ৰত দিয়া আৱণ্টন, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ তালিকাত চৰাইদেউ মৈদামক অন্তর্ভুক্তিকৰণ, জাগীৰোডত উত্তৰ-পূবৰ প্ৰথমটো ছেমি কনডাক্টৰ প্রকল্পৰ অনুমোদন আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰ অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। কেন্দ্রীয় মন্ত্রী সোণোৱালে সামাজিক মাধ্যমযোগে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ-প...

August 6, 2024 8:26 PM

views 16

যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে জনাইছে যে যোৱা ১০ বছৰত ১০৬ টা জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছে। ৰাজ্যসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, যোৱা ১০ বছৰত জলপথৰ জৰিয়তে কার্গো পৰিবহন ৬ গুণ বৃদ্ধি পাইছে। ২০১৩-১৪ বৰ্ষত ১ কোটি ৮০ লাখ মেট্রিক টনতকৈ অধিক সামগ্ৰী জলপথৰ জৰিয়তে পৰিবহন কৰা হৈছে। তেওঁ লগতে কয় যে ২০২৩-২৪ বৰ্ষত এই ক্ষমতা ১৩৩ মিলিয়ন মেট্রিকটনলৈ বৃদ্ধি হৈছে। জলপথ পৰিবহনৰ আটাইতকৈ সহজ মাধ্যম বুলিও শ্রীসোণোৱালে কয়।

August 6, 2024 8:25 PM

views 11

প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছেঃ সৰ্বানন্দ সোণোৱাল

চৰকাৰে কৈছে যে দেশৰ কোনো মুখ্য বন্দৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই আৰু ভূমি তথা জলপৃষ্ঠৰ মালিকীস্বত্ত চৰকাৰৰ হাতত আছে। বন্দৰ পৰিচালনা আৰু জাহাজ পৰিচালনাক লৈ ৰাজ্যসভাত এটা লিখিত উত্তৰত বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্রকল্প আৰু টার্মিনেলৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব ভিত্তিত মুখ্য বন্দৰসমূহত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে। শ্ৰীসোণোৱালে লগতে জনাই যে, ১২ টা মুখ্য বন্দৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু ২১৭ টা সাধাৰণ বন্দৰ ৰাজ্যিক সামুদ্রিক বোর্ডৰ অধীনত আ...

August 2, 2024 12:32 PM

views 27

কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

অসমৰ পৰিবহণ খণ্ডৰ উন্নয়নৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতা বিচাৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে মন্ত্ৰী মহন্তৰ অনুৰোধত ইতিবাচক সঁহাৰি জনাই ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা তথা গুৰুত্বপূৰ্ণ অঞ্চল অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰ...

July 21, 2024 11:54 AM

views 9

গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ অত্যাধুনিক প্রযুক্তিৰে কৃত্ৰিম বান সমাধানৰ আশ্বাস দিছে। নালিয়াপুলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ তেওঁ বানৰ পৰা ৰাইজক সকাহ দিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বেদখলকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ নাগৰিক সভাৰ পোষকতা কৰে। লগতে বিশেষজ্ঞসকলৰ মতামত, পৰামৰ্শ লৈ সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ...

July 20, 2024 7:38 PM

views 10

ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ অন্তৰ্গত এলেকাৰ উন্নয়ন সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, অসমৰ নদীপৃষ্ঠসমূহৰ বহনক্ষমতা ক্ৰমাৎ কমি আহিছে। এই ক্ষমতা বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ পৰিবহন বিভাগৰ ...

July 19, 2024 8:25 PM

views 8

মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ মাকুম পৌৰ সভাৰ পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া ৰক্তিম গগৈয়ে শ্ৰীসোণোৱালক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত সভানেত্রী বিপাশা বৰা, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সুৰেণ ফুকন, হাউচিং বোৰ্ডৰ অধ্যক্ষ পুলক গোহাই আদি উপস্থিত আছিল। ইফালে, তেওঁ ডিগবৈ পৌৰসভাৰো পদেন সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰ...

July 16, 2024 10:36 AM

views 21

উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

● উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১০১ নম্বৰ টিজু-জুংকি ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ কথা ঘোষণা কৰি কয় যে টিজু-জুংকি নদীক নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব, যাতে এই জলপথৰ জৰিয়তে সামগ্ৰী আৰু যাত...

June 30, 2024 12:18 PM

views 10

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত থকা উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰীসোণোৱালে সংশ্লিষ্ট বিষয়াসকলৰ লগতে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, অসম প্ৰান্তৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। উত্তৰ-পূব অঞ্চলৰ যুৱ প্ৰজন্মই যাতে সু-প্রশিক্ষণৰ জৰিয়তে সামুদ্রিক খণ্ডত পাৰদৰ্শিতা দাঙি ধৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা তীব্ৰতৰ কৰি তুলিবলৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ...

June 12, 2024 12:44 PM

views 13

পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা সর্বানন্দ সোণোৱালৰ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ তৃতীয়টো কাৰ্যকালত পুনৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰি পৰৱৰ্তী ১০০ দিনৰ কৰ্মসূচী পৰ্যালোচনা কৰে। মোডী কেবিনেটৰ জ্যেষ্ঠ সদস্যৰূপে দায়িত্ব গ্ৰহণ কৰি সোণোৱালে কালি তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ দেশৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ খণ্ডকে ধৰি সামুদ্রিক খণ্ডৰ বিকাশৰ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সকলোকে আহ...