February 28, 2025 1:25 PM

views 17

দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে সৰ্বানন্দ সোণোৱালৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্রিক আন্তঃগাঁথনি আধুনিকীকৰণৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিছে। মুম্বাইত সামুদ্রিক খণ্ডৰ বাবে কেন্দ্ৰীয় বাজেটত কৰা ঘোষণাসমূহক লৈ সংশ্লিষ্ট পক্ষসমূহৰ সৈতে হোৱা বৈঠকত কালি এই আঁচনিসমূহৰ শুভাৰম্ভ কৰা হয়। দেশৰ প্ৰধান বন্দৰসমূহত কার্যকলাপক সু-শৃংখলিত কৰাৰ বাবে তেওঁ ‘এখন ৰাষ্ট্ৰ, এটা বন্দৰ’ প্ৰক্ৰিয়াৰ মুকলি কৰে। অনুষ্ঠানত তেওঁ ভাৰত গ্ল’বেল স্পর্টছ কনচটিয়ামো মুকলি কৰে। দেশৰ সামুদ্রিক বিকাশ উদযাপনৰ উদ্দেশ...

February 27, 2025 7:53 PM

views 15

এডভান্টেজ আছাম সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহন আৰু জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা ৫ বছৰত ৪৮০০ কোটি টকাতকৈও অধিক ধন বিনিয়োগ কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম সন্মিলনত এই কথা প্ৰকাশ কৰে। কালি পথ পৰিবহন, ৰে'লৱে আৰু নদী বিষয়ক এখন আলোচনা সত্ৰত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প গ্ৰহণ কৰি দেশ নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে। অসমে এই পথেৰে আগবাঢ়ি যাব লাগিব বুলি শ্ৰীস...

February 18, 2025 7:01 PM

views 15

যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত যোগীঘোপা জল পৰিবহন টার্মিনেল বিষয়ক এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ১৫ একৰ ভূমি সামৰি এই...

February 18, 2025 1:15 PM

views 17

যোগীঘোপাত আজি আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল উদ্বোধন কৰে। এই অনুষ্ঠানত ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী নামগিয়াল দৰ্জী, ৰাজ্যৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিমল বৰা আৰু যোগেন মহনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ উদ্যোগত যোগীঘোপাৰ নৰনাৰায়ণ সেঁতুৰ কাষত ব্ৰহ্মপুত্ৰ নৈ পাৰত ১৫ একৰ ভূমি সামৰি এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ৮২ কোটি টকা ব্যয় ...

February 18, 2025 12:58 PM

views 17

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসম আৰু অসমীয়াৰ অস্তিত্ব ধৰি ৰাখিবলৈ অসম সাহিত্য সভাৰ বহু কাম কৰিবলগীয়া আছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড়ত তেওঁৰ বাসভৱনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সৈতে হোৱা বিশেষ আলোচনাত এই অভিমত প্ৰকাশ কৰে। অসম সাহিত্য সভাৰ পূৰ্বৰ গৌৰৱ ঘূৰাই অনাত গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমীয়া মানুহক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে তৰুণ প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি উৎসাহী কৰি তুলিব লাগিব। তেওঁ ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে স্বীকৃত অসমীয়া ভাষাক বিশ্বৰ প্ৰেক্ষাপটত জি...

February 12, 2025 8:38 PM

views 23

ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব – সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত ২০২৯ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে পৰিগণিত হব বুলি মন্তব্য কৰিছে। শ্ৰীসোণোৱালে আজি আগৰতলাত এখন সংবাদ মেলত ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা নীতি আৰু কাৰ্যসূচী সমূহে দেশৰ জনসাধাৰণৰ আৰ্থসামাজিক মানৰ উত্তৰণ ঘটাইছে। তেওঁ লগতে কয়, যে সুশাসনে দেশবাসীৰ বাবে মৰ্যদাপূর্ণ জীৱন সুনিশ্চিত কৰিছে। এই বাজেটত উল্লেখ কৰা ধৰণেই প...

February 10, 2025 1:21 PM

views 16

ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত সর্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত তিনি দিনীয়াকৈ আয়োজিত ভাৰত বোধ অভিৱৰ্তনৰ গুৱাহাটী সংস্কৰণৰ কাৰ্যসূচীত অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী সোণোৱালে কয়, যে মহান সভ্যতা-সংস্কৃতিৰে চহকী ভাৰতবৰ্ষ এতিয়া অনিৰুদ্ধ গতিৰে বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। দেশবাসীয়ে মূল্যবোধ আৰু উন্নয়নৰ ক্ষেত্ৰত নৱজাগৰণৰ অভিজ্ঞতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰত বোধ কাৰ্যসূচী দেশৰ সভ্যতা-সংস্কৃতি আৰু সামূহিক ৰাষ্ট্ৰ চেতনাৰ উদযাপন বুলি উল্লেখ কৰি শ্ৰী সোণোৱ...

December 13, 2024 10:10 AM

views 9

সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বত আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, যে সামুদ্ৰিক আৰু জাহাজ নির্মাণ ক্ষেত্ৰত ভাৰতক বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত কালি ভাৰতীয় সামুদ্রিক ঐতিহ্য সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীসোণোৱালে বন্দৰৰ কাম-কাজৰ পৰা আৰম্ভ কৰি বৃহৎ আন্তঃগাঁথনিৰ বিকাশলৈ দেশে বিশ্বমানৰ স্বীকৃতি লাভ কৰিছে বুলি মন্তব্য কৰে। শ্ৰীসোণোৱালে কয়, যে এই সন্মিলনে প্রাক্ ঐতিহাসিক জাহাজ নিৰ্মাণ আৰু ইয়াৰ সৈতে জড়িত আনুসংগিক পদ্ধতিত আলোকপাত কৰি আমাৰ বর্ণ...

November 21, 2024 7:40 PM

views 6

চৰাইদেউ মৈদামথলীত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন

চৰাইদেউ মৈদামথলীত পৰহিৰেপৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন কৰা হৈছে। অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আয়োজিত এই কার্যসূচী উপলক্ষে প্রতিদিনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আজি চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। আজি মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ ল...

November 19, 2024 12:05 PM

views 15

ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি ১ কোটি মেট্রিক টনলৈ বৃদ্ধিৰ লক্ষ্য লৈছে : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি এক কোটি মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত সাগৰমন্থন - দা গ্রেট অ'চেনছ ডাইলগ শীর্ষক অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বন্দৰৰ ক্ষমতা বৃদ্ধি, জাহাজৰ চলাচল তথা অন্তর্দেশীয় জলপথ বিকাশৰ বাবে ৮০ লাখ কোটি টকা বিনিয়োগেৰে সামুদ্রিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য গ্রহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতে ভৱিষ্যতে নিকা ইন্ধনেৰে চলা জাহাজ নিৰ্মাণৰ বা...