May 25, 2025 6:50 PM

views 13

ডিব্ৰুগড় জিলাৰ চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন, প্ৰতিমূৰ্তি উন্মোচন

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ সহযোগত আজি চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি চাবুৱাৰ কয়লাবাৰীত স্থাপন কৰা স্বৰ্গদেউগৰাকীৰ এটা প্ৰতিমূৰ্তি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে। এই উপলক্ষে চাবুৱাৰ সূৰ্য্যোদয় সংঘৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসোণোৱালে স্বৰ্গদেউগৰাকীৰ কৰ্ম আৰু আদৰ্শৰে জাতিক সমৃদ্ধ কৰিবলৈ নিষ্ঠাৰে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়। এই অনুষ...

May 24, 2025 6:50 PM

views 27

মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে বিশেষ কার্যসূচীৰ আয়োজন

মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মটক জনজাতি বসতিপ্রধান অঞ্চলসমূহত বিশেষ কার্যসূচীৰ আয়োজন কৰা হৈছে। সাহস, বীৰত্ব আৰু স্বদেশপ্ৰেমৰ অম্লান নিদর্শনেৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি যোৱা মটক ৰজাগৰাকীৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তাত মহান বীৰ পুৰুষগৰাকীৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ গাথা জাতিটোৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সৰ্বানন্দ সিংহই দেখুৱাই যোৱা স্বদেশপ্ৰেমৰ ভাৱ...