ডিব্ৰুগড় জিলাৰ চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন, প্ৰতিমূৰ্তি উন্মোচন

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ সহযোগত আজি চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি চাবুৱাৰ কয়লাবাৰীত স্থাপন কৰা স্বৰ্গদেউগৰাকীৰ এটা প্ৰতিমূৰ্তি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে। এই উপলক্ষে চাবুৱাৰ সূৰ্য্যোদয় সংঘৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসোণোৱালে স্বৰ্গদেউগৰাকীৰ কৰ্ম আৰু আদৰ্শৰে জাতিক সমৃদ্ধ কৰিবলৈ নিষ্ঠাৰে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত বিধায়ক পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।