January 6, 2026 12:26 PM

views 13

ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে ছদিনীয়া কাৰ্যসূচীৰে ফ্রান্স ভ্ৰমণ কৰিছে। ড° জয়শংকৰে ভ্ৰমণৰ প্রথম দিনা কালি পেৰিছত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ গাথা শীর্ষক এখন প্রদর্শনী পৰিদৰ্শন কৰে। এই প্রদর্শনীয়ে ভাৰতৰ বস্তু ঐতিহ্য আৰু সৃজনীশীলতাক প্রতিফলিত কৰাৰ লগতে দুয়োখন দেশৰ মাজত থকা শক্তিশালী সাংস্কৃতিক বান্ধোনৰ কথাও সোঁৱৰাই দিছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। উল্লেখযোগ্য যে, এই ভ্রমণকালত ড° জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃস্থানীয় লোকসকলক সাক্ষাৎ কৰাৰ লগতে ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ্যাঁ নবেল বেৰটৰ ...

December 19, 2025 7:57 PM

views 12

নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ ড০ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত নেডাৰলেণ্ডছৰ বৈদেশিক মন্ত্রী ডেভিদ ভেন বেলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত ড০ জয়শংকৰে কয় যে বৈঠকত উভয় দেশৰ বাণিজ্য, প্ৰতিৰক্ষা, জাহাজ পৰিবহন, জল, কৃষি, স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ছেমিকণ্ডাক্টৰ, প্ৰতিভাৰ বিকাশ তথা নবীকৰণযোগ্য আদি ক্ষেত্ৰত নতুন সুযোগৰ বিষয়েও নেতা দুগৰাকীয়ে আলোচনা কৰে বুলি তেওঁ প্রকাশ কৰে। দেশ দুখনৰ বহুপাক্ষিক সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দর্ভতো...

November 18, 2025 8:29 PM

views 20

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা এছ চি অ'ৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° জয়শংকৰে কয় যে শেহতীয়া কেইটামান বছৰত সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্রবাদজনিত পৰিস্থিতি অৱনিত ঘটিছে আৰু এই ভাবুকি আওকান কৰিব পৰা নাযায়। তেওঁ লগতে জলবায়ু পৰিৱৰ্তন, মহামাৰী আৰু সংঘৰ্ষৰে ভৰা বৰ্তমান সময়ত মানৱীয় সহযোগ অতিকে গুৰুত্...

November 1, 2025 12:25 PM

views 83

ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে- ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্ক এটা জটিল ঐতিহাসিক সহযোগিতাৰ পৰা বিকাশ ঘটি গতিশীল আৰু দূৰদৰ্শী অংশীদাৰিত্বলৈ পৰিণত হৈছে। নতুন দিল্লীত কালি ব্রিটেইনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ড০ জয়শংকৰে কয়, যে দুয়োখন ৰাষ্টই কেৱল প্রযুক্তি সুৰক্ষা পদক্ষেপৰ অধীনত সহযোগিতা বৃদ্ধি কৰাই নহয়, বৰং যোগাযোগ, কৃত্রিম বুদ্ধিমত্তা আৰু গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰতো সহযোগিতা সুদৃঢ় কৰিছে। তেওঁ উল্লেখ কৰে যে, ব্রিটেইনৰ ৯ খন আগশাৰীৰ বিশ্ববিদ্যালয়ক ভাৰতত ইয়াৰ চৌহদ স্থাপনৰ বাবে অনুমোদন...

June 30, 2025 11:44 AM

views 23

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকা ভ্ৰমণলৈ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকালৈ যাব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক' ৰুবিঅ'ৰ নিমন্ত্রণমৰ্মে কাইলৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ড° জয়শংকৰ আমেৰিকালৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত মুক্ত আৰু স্বতন্ত্ৰ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সমূহীয়া দৃষ্টিভংগী আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে পেহেলগাম আক্ৰমণৰ পাছত কোৱাড মন্ত্ৰীসকলৰ এইখনেই প্ৰথমখন বৈঠক হ'ব। এই ...

June 6, 2025 12:50 PM

views 25

কাজাখস্তানৰ উপ-প্রধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিউৰ সৈতে ড° এছ জয়শংকৰৰ বৈঠক অনুষ্ঠিত

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কাজাখস্তানৰ উপ-প্রধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিউৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ড° জয়শংকৰে ভাৰত আৰু কাজাখস্তানৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। তেওঁ ৰাজনীতি, বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ সহযোগিতা আদিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। ড° জয়শংকৰে লগতে মধ্য এছিয়া অঞ্চলত যোগাযোগ বৃদ্ধি কৰা বিষয়ত বাৰ্তালাপ কৰে ৷ বৈদেশিক পৰিক্ৰমা মন্...

May 6, 2025 7:33 PM

views 8

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে – ড° এছ জয়শংকৰ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভাৰ যথেষ্ট সমাদৰ আছে আৰু ভাৰত এনে প্ৰতিভাৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ সমৰ্থ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত Global Access to Talent from India - চমুকৈ গতিৰ শুভাৰম্ভ কৰি ড° জয়শংকৰে কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ কৰ্মসংস্থান বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদেশত সুযোগ সন্ধান কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ কয়, যে সমসাময়িক খণ্ডত ভাৰতীয় লোকসকলক অধিক কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে দক্ষতা, প্ৰশ...

April 12, 2025 1:07 PM

views 30

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ প্ৰশংসা ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাৰ প্ৰশংসা কৰিছে। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল খলনায়ক তহববুৰ হুছেইন ৰাণাৰ প্ৰত্যপূৰ্ণ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰদেশ সচিব মার্কো ৰুবিঅ'ৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰ দি ড° জয়শংকৰে কয়, যে এই আক্ৰমণৰ ভুক্তভোগী লোকসকলৰ প্ৰতি ন্যায় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এয়া নিশ্চিতভাৱে এটা বৃহৎ পদক্ষেপ। শ্ৰীৰুবিঅ'ই তেওঁৰ বাৰ্তাত উল্লেখ কৰে যে তহববুৰ ৰাণাক ২০০৮ চনৰ মুম্বাই সন্ত্রাসবাদী আক্ৰমণৰ পৰিকল্...

April 10, 2025 8:30 PM

views 22

এছিয়া বিজনেচ কাউন্সিল স্প্রীং ফ’ৰাম ২০২৫ ত ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি নতুন দিল্লীত অনুষ্ঠিত এছিয়া বিজনেচ কাউন্সিল স্প্রীং ফ'ৰাম ২০২৫ত উপস্থিত থাকে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত চলি থকা পৰিৱৰ্তন, গোলকীয় দক্ষিণত ইয়াৰ প্ৰভাৱ আৰু এই পদক্ষেপক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা সম্পৰ্কে অনুষ্ঠানত আলোচনা কৰা হয় ৷

February 28, 2025 12:54 PM

views 26

দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত ড° এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰ আৰু দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই কালি নতুন দিল্লীত বসুধৈৱ কুটুম্বকম শীৰ্ষক দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত অংশগ্ৰহণ কৰে। এই মহোৎসৱত ড° জয়শংকৰ আৰু ছাক্সেনাই দেশৰ লগতে ৰাছিয়া, মংগোলীয়া আৰু ৰাৱাণ্ডাৰ শিল্পীসকলৰ নৃত্য-গীত উপভোগ কৰে ৷