বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কাজাখস্তানৰ উপ-প্রধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিউৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ড° জয়শংকৰে ভাৰত আৰু কাজাখস্তানৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। তেওঁ ৰাজনীতি, বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ সহযোগিতা আদিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। ড° জয়শংকৰে লগতে মধ্য এছিয়া অঞ্চলত যোগাযোগ বৃদ্ধি কৰা বিষয়ত বাৰ্তালাপ কৰে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কাজাকস্তানৰ উপ-প্রধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ স্থিতিক দোহাৰাৰ বাবে ভূয়সী প্রশংসা কৰিছে।