April 28, 2024 8:29 PM

views 30

কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ওড়িশাৰ কেন্দ্ৰপাৰা লোকসভা সমষ্টিৰ চালিপুৰত নির্বাচনী প্ৰচাৰ চলায়। শ্রীগান্ধীয়ে কংগ্ৰেছ ক্ষমতালৈ আহিলে নিবনুৱা যুৱকসকলৰ বাবে সংস্থাপন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পূৰ্বে তেওঁ কটক জিলাৰ সত্যভামাপুৰত উৎকল গৌৰৱ মধুসুধন দাসৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে। আনহাতে, জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মানু সিংভিয়ে শাসনাধিস্থ বিজেপিক গণতন্ত্র প্রতিহত কৰা বুলি অভিযোগ উত্থাপন কৰে। আহমেদাবাদত আজি এখন সংবাদমেল সম্বোধন কৰি শ্রীসিংভিয়ে শেহতীয়া...

April 17, 2024 8:08 PM

views 24

গাজিয়াবাদত আজি ৰাহুল গান্ধী আৰু অখিলেশ য়াদৱৰ যুটীয়া সংবাদমেল

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰবী অখিলেশ য়াদৱে আজি গাজিয়াবাদত এখন যুটীয়া সংবাদমেলক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাহুল গান্ধীয়ে এয়া ভাৱাদৰ্শৰ নির্বাচন বুলি উল্লেখ কৰি কয় যে, আই এন ডি আই মিত্ৰজোট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্রতিশ্রুতিবদ্ধ। লোকসভা নিৰ্বাচনৰ পাছত মিত্ৰজোটৰ চৰকাৰ হ'ব বুলি দাবী কৰি তেঁও কয় যে এই চৰকাৰে দৰিদ্ৰ মহিলাসকলক এক লাখ টকা সাহায্য আগবঢ়োৱাৰ লগতে নিবনুৱাসকললৈ সৰ্বাধিক নিয়োগৰ সুবিধা আগবঢ়োৱাৰ লক্ষ্য লৈছে। কৃষকসকলক উপকৃত কৰাৰ ...

April 11, 2024 8:25 PM

views 25

ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় যে, দেশত নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ দৰে দুটা গভীৰ সমস্যা থকাৰ পাছতো অন্যান্য বিষয়সমূহকহে গুৰুত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে দেশত পিছপৰা শ্ৰেণী, জনজাতি, দলিত, সংখ্যালঘু আৰু দৰিদ্ৰ লোকৰ সংখ্যা ৯০ শতাংশতকৈ অধিক। কিন্তু ভাৰতৰ ২০০টা বৃহৎ কোম্পানীৰ মালিক আৰু জ্যেষ্ঠ পৰিচালক পিছপৰা শ্ৰেণীৰ নহয়। তেওঁ কৈছে যে, দেশত ৩০ লাখ চৰকাৰী পদ খাদী হৈ আছে। কংগ্ৰেছ চৰকাৰ আহিলে ৩০ লাখ লো...

April 9, 2024 11:57 AM

views 28

মধ্যপ্ৰদেশৰ চিউনী আৰু শ্বাহদোলত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কালি মধ্যপ্ৰদেশৰ জনজাতি অধ্যুষিত চিউনী আৰু শ্বাহদোলত দুখন ৰাজহুৱা সভা সম্বোধন কৰি মধ্যপ্ৰদেশত দলৰ হৈ নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰে। ভাষণত শ্ৰীগান্ধীয়ে কংগ্ৰেছ দলে নির্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবোৰ উল্লেখ কৰে। তেওঁ ক্ষমতালৈ আহিলে কংগ্ৰেছ দলে অগ্নিবীৰ আঁচনি বন্ধ কৰি দিয়া হ'ব বুলি ঘোষণা কৰে। তেওঁ লগতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শিক্ষাৰ্থীসকলৰ জলপানি দুগুণ কৰা হ'ব বুলিও ঘোষণা কৰে।

April 8, 2024 8:28 PM

views 24

মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে তেওঁলোকক বনবাসী বুলি অভিহিত কৰিছে বুলি শ্রীগান্ধীয়ে মন্তব্য কৰে। তেওঁ কয় যে আদিবাসী আৰু বনবাসী এই দুটা শব্দৰ অন্তৰালত দুটা পৃথক মতাদর্শ আছে। প্রথম স্বত্তাধিকাৰী হিচাপে আদিবাসীসকলৰ দেশৰ মা...

April 3, 2024 7:11 PM

views 52

ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব

♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এফ আৰু এন ডি এৰ প্ৰাৰ্থীৰ মাজত তৃকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। কেৰালাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিত হ'ব। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। আনহাতে পৰহিলৈ মনোনয়ন পত্রসমূহ...