June 19, 2024 12:47 PM

views 31

ৰাহুল গান্ধীৰ কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্রীগান্ধী পদত্যাগ পত্র লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কালি কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলি আসনখন নিজৰ হাতত ৰাখিব আৰু ৱায়নাড আসনখন ত্যাগ কৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীখাৰ্গেই কৈছিল যে প্রিয়ংকা গান্ধী ৱাদ্রাই কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।

June 7, 2024 8:03 PM

views 34

বেংগালুৰুৰ এখন বিশেষ আদালতৰ ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ

বেংগালুৰুৰ এখন বিশেষ আদালতে আজি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ জামিন চৰ্ত সাপেক্ষে মঞ্জুৰ কৰিছে। কৰ্ণাটকৰ পূৰ্বৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁ অনা অভিযোগ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে। অহা ৩০ জুনত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়ে ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ অনাৰ পৰিপ্ৰেক্ষিতত বিধায়িনি পৰিষদৰ সদস্য বি এছ কেশব প্ৰসাদে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

June 7, 2024 6:17 PM

views 31

৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্তৰ দাবী উত্থাপন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ৪ জুনত ষ্টক বজাৰ নিম্নগামী হোৱা ঘটনাৰ যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগান্ধীয়ে কয় যে, বজাৰ নিম্নগামী হোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীসকলৰ ৩০ লাখ কোটি টকা লোকচান হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে প্রধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ষ্টক বজাৰত বিনিয়োগ কৰা ৫ কোটি পৰিয়ালক কিয় বিনিয়োগত বিশেষ পৰামৰ্শ আগবঢ়াইছিল বুলি জানিব খুজিছে। ইফালে, বিজেপিয়ে কংগ্ৰেছৰ দ...

June 4, 2024 9:23 PM

views 27

নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী

কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। কাইলৈ হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ বৈঠকত নির্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি শ্ৰী গান্ধীয়ে কয়। সংবাদমেলত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্রসূ হৈছে বুলি তেওঁ...

May 13, 2024 10:55 AM

views 34

কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয় : ৰাহুল গান্ধী

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কৈছে যে, কৰ্ম সংস্থাপনহীনতা এইবাৰৰ লোকসভা নিৰ্বাচনৰ মূল বিষয়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কালি একাংশ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰি শ্রীগান্ধীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে প্ৰচাৰ অভিযানৰ সময়ত শাসকীয় দলে কর্ম সংস্থাপনহীনতাৰ ওপৰত আলোকপাত নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত আন এটা অনুষ্ঠানত অংশগ্রহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ শাসনকালত উত্তৰ-পূৰ্...

May 8, 2024 8:28 PM

views 22

ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণৰ

বিজেপিৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে আজি ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহক খণ্ড বিখণ্ড কৰা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগ খণ্ডন কৰে। শ্ৰীগান্ধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ দি শ্ৰীমতী সীতাৰমণে আজি সামাজিক মাধ্যমযোগে আজি কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহে সমৃদ্ধি লাভ কৰিছে। তেওঁ লগতে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ অধীনত ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ ক্ষতি হোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে বর্তমান চৰকাৰে মূলধনী বিনিয়োগৰ ওপৰত গ...

May 6, 2024 8:43 PM

views 30

লোকসভা নিৰ্বাচনক সংবিধান ৰক্ষাৰ বাবে হোৱা নিৰ্বাচন বুলি অভিহিত ৰাহুল গান্ধীৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰৰ লোকসভা নিৰ্বাচনক সংবিধান ৰক্ষাৰ বাবে হোৱা নিৰ্বাচন বুলি অভিহিত কৰিছে। আজি মধ্য প্ৰদেশৰ ৰতলাম লোকসভা সমষ্টিৰ জোবাটত এখন জনসভাক সম্বোধন কৰি তেওঁ লগতে বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সংবিধানক নিশ্চিহ্ন কৰাৰ যো-জা চলাই থকাৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ দল শাসনলৈ আহিলে সংৰক্ষণৰ ৫০ শতাংশৰ পৰিসীমাক বৃদ্ধি কৰিব বুলিও নেতাগৰাকীয়ে প্ৰকাশ কৰে।

May 5, 2024 1:10 PM

views 24

আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ’ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ঘোষণা

আই এন ডি আই মিত্রজোঁট ক্ষমতালৈ আহিলে অগ্নিবীৰ আঁচনি বন্ধ কৰা হ'ব বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে। নতুন দিল্লীত কালি এখন জনসভাত ভাষণ দি শ্রীগান্ধীয়ে কয় যে, ঠিকাভিত্তিক নিযুক্তি ব্যৱস্থাই সেনা বাহিনীক দুৰ্বল কৰিব। অগ্নিবীৰ আঁচনিয়ে সেনা বাহিনীৰ মনোবল হ্ৰাস কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে।

May 3, 2024 5:33 PM

views 25

লোকসভা নির্বাচনত ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা

ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, দলটোৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নির্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰে। দলটোৱে লগতে আমেথি লোকসভা সমষ্টিৰ দলীয় প্রার্থী হিচাপে কিশোৰী লাল শৰ্মাৰ নাম ঘোষণা কৰিছে। আনহাতে বহুজন সমাজ পার্টীয়ে উত্তৰ প্ৰদেশৰ ভাড়োহী সংসদীয় সমষ্টিৰ বাবে মনোনীত প্রার্থীৰ ক্ষেত্রত সাল সলনি ঘটাইছে। সেই অনুসৰি সমষ্টিটোত আতাহাৰ আনছাৰীৰ পৰিৱৰ্তে দাৰাসিং চৌহানে বি এছ পিৰ প্ৰতিকেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব।

May 2, 2024 12:41 PM

views 33

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছেঃ ৰাহুল গান্ধী

◊ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰিছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছে আৰু কংগ্ৰেছে মহিলাৰ মংগলসূত্র তথা জনসাধাৰণৰ বাসগৃহ কাঢ়ি নিব বুলি দাবী কৰিব লৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে কংগ্ৰেছে বিজেপিৰ ৩০০খন আসনৰ ভিতৰত ডেৰশৰো অধিক আসন কাঢ়ি লৈ পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ বাবেই শ্রীমোডীয়ে এনে ধৰণৰ হাস্যস্পদ আৰু মিছা কথা ক'বলৈ লৈছে। Read More: চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধা...