April 21, 2025 3:43 PM

views 45

ৰাহুল গান্ধীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰৰ সমালোচনা

জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্রকাশ কৰা মন্তব্যৰ বাবে বিজেপিয়ে নেতাগৰাকীক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্ৰই, শ্ৰীগান্ধীয়ে দেশৰ বাহিৰত ভাৰতীয় গণতন্ত্ৰৰ কুৎসা ৰটনা কৰা বুলি অভিযোগ কৰে। ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্রমণাত্মক স্থিতি গ্রহণ কৰি শ্ৰীপাত্রই কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰদলসমূহে জয়লাভ কৰা ঝাৰখণ্ড বিধানসভা নির্বাচনতো ফলাফলৰ...

March 7, 2025 10:33 AM

views 30

মুম্বাইৰ ধাৰাবীত ছামৰা উদ্যোগৰ শ্ৰমিকসকলৰে জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ মত বিনিময়

লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কালি মুম্বাইৰ ধাৰাবীত ছামৰা উদ্যোগৰ শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। নেতাগৰাকীয়ে অঞ্চলটোৰ উদ্যোগীসকলৰ সৈতেও আলোচনাত মিলিত হয়। দলৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্ৰী গান্ধীয়ে আজি আহমেদাবাদলৈ যাব।

October 9, 2024 5:52 PM

views 28

ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠখনে অহা ৬ নৱেম্বৰলৈ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযোগে যে ৰাহুল গান্ধীয়ে নিজকে ব্ৰিটেইনৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে এই আবেদনখন দাখিল কৰিছিল।

September 23, 2024 3:19 PM

views 34

পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত ৰাহুল গান্ধীৰ অংশগ্রহণ

এ আই চি চিৰ প্ৰাক্তন সভাপতি তথা বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীয়ে আজি পুঞ্চ আৰু শ্ৰীনগৰৰ নির্বাচনী সভাত অংশগ্রহণ কৰিছে। তেওঁ জে কে পি চিৰ সভাপতি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী তাৰিক হামিদ কাৰাৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিব।

July 29, 2024 7:55 PM

views 40

লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা

লোকসভাত আজিও ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত অংশ লৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি পিয়ল অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে কৃষকক উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য দিয়াৰ আইনী নিশ্চয়তা প্ৰদান কৰাৰ দাবী জনায়। তেওঁ কয় যে, এই সমর্থন মূল্যৰ ক্ষেত্ৰত আইনী নিশ্চয়তাই কৃষকসকলক নিশ্চিতভাৱে উপকৃত কৰিব। তেওঁ লগতে অগ্নিবীৰ আঁচনি সন্দৰ্ভতো প্রশ্ন তোলে। শ্ৰী গান্ধীয়ে ২০২৪-২৫ বৰ্ষৰ বাজেটে দেশৰ জনসংখ্যাৰ ৭৩ শতাংশ সামৰি লোৱা অনুসূচীত জাতি, অনুসূচীত জনজাত...

July 8, 2024 8:21 PM

views 36

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কংগ্ৰেছ সাংসদ তথা বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে আজি কাছাৰ জিলাৰ ফুলেৰতলৰ বান শিবিৰ পৰ্যৱেক্ষণ কৰি বন্যাৰ্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা প্রতিনিধি দলে ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত সাংসদগৰাকীক এখন স্মৰাকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত বানৰ ভয়াবহ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বন্যার্তসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়...

July 6, 2024 8:16 PM

views 36

আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধী অংশগ্ৰহণ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰি তেওঁৰ দলে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি আস্থা প্ৰকাশ কৰে। এদিনীয়া ভ্রমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰে। আমাৰ সংবাদদাতাই জনায় যে সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া হিন্দুবিৰোধী মন্তব্যক কেন্দ্ৰ কৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বি...

July 6, 2024 5:35 PM

views 26

আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ৫ গৰাকী কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ লোকসকলকো লগ ধৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘৰ...

July 2, 2024 8:39 PM

views 31

ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজৰ জাননী

বিজেপিৰ সাংসদ বাঁচুৰী স্বৰাজে আজি লোকসভাত বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি ৰাষ্ট্ৰপতিৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত নিম্ন সদনত দিয়া বক্তব্য সন্দৰ্ভত এখন জাননী দিয়ে। সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ পাছৰ আজি সাংসদগৰাকীয়ে জাননী দিয়াৰ লগতে বিৰোধী নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাষণত বহু ভুল বক্তব্য দিয়া বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে গান্ধী কিছু বক্তব্য তথ্যগতভাৱে ভুল আৰু বিপথে পৰিচালিত কৰাৰ প্ৰকৃতিৰ। সেয়েহে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা উচিত৷ ইপিনে, ৰাহুল গান্ধ...

June 26, 2024 10:07 AM

views 35

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা নিৰ্বাচিত

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লোকসভাত বিৰোধী পক্ষৰ নেতা হ'ব। দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কালি বিয়লি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে লোকসভাত ৰাহুল গান্ধী বিৰোধী পক্ষৰ নেতা হ'ব বুলি পত্রযোগে অস্থায়ী অধ্যক্ষ ভর্তৃহৰি মেহতাবক অৱগত কৰিছে। ইপিনে, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত কালি আই এন ডি আই মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।