October 17, 2025 7:45 PM

views 31

কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ্ধা আৰু সহমর্মিতাৰ কথা প্রকাশ কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গান্ধীয়ে জুবিন গাৰ্গৰ অকাল মৃত্যু কেবল অসমবাসীৰ বাবেই নহয়, সমগ্র দেশবাসীৰ বাবেই এটা বৃহৎ ক্ষতি বুলি অভিহিত কৰে। জুবিন গাৰ্গৰ অস্বা...

August 18, 2025 7:36 PM

views 20

ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে বিহাৰৰ ঔৰংগবাদৰ ডিঅ’ত উপস্থিত ৰাহুল গান্ধী

বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ অংশ হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি ঔৰংগবাদ জিলাৰ ডিঅ'ত উপস্থিত হয়। তেওঁ বিশ্ববিখ্যাত ডিঅ' সূৰ্য মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। উল্লেখযোগ্য যে বিহাৰত ভোটদাতা অধিকাৰ যাত্ৰাৰ আজি দ্বিতীয় দিন ৷ ৰাজ্যখনত চলি থকা ভোটদাতা তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ বিৰোধিতাৰে এই যাত্ৰা আৰম্ভ কৰা হৈছে। ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। ১৬ দিনীয়া এই যাত্রা ২০ খনতকৈও অধিক জিলাৰ মাজেৰে অগ্ৰসৰ হৈ অহা পহিলা ছেপ্তেম্বৰত পাৰ্টনাত অন্ত পৰিব। এই যাত্ৰাকালত আজি...

August 17, 2025 8:13 PM

views 30

বিহাৰৰ বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ’বঃ ৰাহুল গান্ধী

■ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ অনাগত বিধানসভা নিৰ্বাচনত বিশেষ বিস্তৃত পুনৰীক্ষণৰ জৰিয়তে বৰ্তমানৰ ভোটদাতাসকলৰ নাম নাইকীয়া কৰি নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্তিকৰণৰ চেষ্টা চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। এই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে বিহাৰৰ চাচাৰামৰ চুৱাৰা হাৱাই আড্ডা ময়দানত ভোটদাতাৰ অধিকাৰ সমদলৰ উদ্বোধনৰ পূৰ্বে এখন সভাত ভাষণ প্ৰদান কৰি শ্ৰীগান্ধীয়ে কয়, যে বিশেষ বিস্তৃত পুনৰীক্ষণৰ সত্যতাৰ কথা দেশবাসীৰ আগত অতি শীঘ্ৰেই ফাদিল হ'ব। তেওঁ লগতে নির্বাচন আয়োগৰ ভূমিকাৰ ওপৰতো সন্...

August 16, 2025 8:26 PM

views 27

ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব

লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নে...

August 4, 2025 8:31 PM

views 80

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্যক দুর্ভাগ্যজনক বুলি আখ্যা দিছে। তেওঁ কয় যে লোকসভাৰ বিৰোধী নেতাগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যই দেশৰ সাহসী সৈন্য বাহিনীৰ মনোবল হ্ৰাস কৰিছে।

August 1, 2025 8:24 PM

views 27

ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমালোচনা

সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ভাৰতীয় অৰ্থনীতিৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰতিবাৰে ভাৰত-বিৰোধী মন্তব্য কৰাটো উচিত নহয় বুলিও তেওঁ উল্লেখ কৰে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে কয় যে ৰাহুল গান্ধীৰ এনে ধৰণৰ মন্তব্যক ভালেমান বিৰোধী নেতাইও গৰিহণা দিছে। তেওঁ লগতে বিৰোধী দলসমূহক চলিত লোকসভা আৰু ৰাজ্যসভা অধিবেশনৰ কাৰ্যক্ৰমণিকাত বাধা আৰোপ কৰাৰ বাবে সমালোচনা কৰিছে। শ্ৰীৰিজিজুৱে কয় যে সদন মিলিত হোৱাৰ সময...

July 14, 2025 8:00 PM

views 18

পৰহিলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী আৰু মল্লিকার্জুন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসম প্ৰদেশ কংগ্ৰেছৰ কর্মীসভা আৰু সতীৰ্থ সন্মিলনত অংশ লোৱাৰ বাবে পৰহিলৈ অসমলৈ আহিব। নেতা দুয়োগৰাকীক আদৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সামাজিক আৰু তথ্য প্ৰযুক্তি বিভাগে বিশেষ কার্যসূচী লৈছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। দুয়োগৰাকী নেতাই দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে দলৰ নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হ'ব।

July 14, 2025 3:09 PM

views 27

নেশ্যনেল হেৰাল্ডৰ ক’লা ধন বৈধকৰণৰ গোচৰৰ ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত আদালতৰ

■ নেশ্যনেল হেৰাল্ডৰ ক'লা ধন বৈধকৰণৰ গোচৰত জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আজি নিজৰ ৰায় সংৰক্ষিত ৰাখিছে। আদালতে অহা ২৯ জুলাইত ৰায় প্ৰদানৰ বাবে বিষয়টো তালিকাভুক্ত কৰিছে। এই বিষয়টো কংগ্ৰেছৰ নেতাকেইগৰাকীৰ বিৰুদ্ধে নেশ্যনেল হেৰাল্ড গোচৰৰ ক'লা ধন বৈধকৰণৰ উত্থাপিত অভিযোগ সন্দৰ্ভত পৰিপূৰক অভিযোগনামাৰ সাক্ষ্য প্রমাণ গ্ৰহণৰ সৈতে জড়িত।অভিযুক্তসকলে অভিযোগনামাৰ সত্যাসত্য নিৰূপ...

June 24, 2025 8:53 PM

views 25

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত খেলিমেলি হোৱা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে। আয়োগে কৈছে, যে নিৰ্বাচনৰ গোটেই প্রক্রিয়া বিকেন্দ্রীকৃতভাবে সম্পন্ন কৰা হৈছে। আয়োগে কয়, যে সংসদে গ্ৰহণ কৰা নির্বাচনী আইন অনুযায়ী ই সকলো নিৰ্বাচন অনুষ্ঠিত কৰে । নির্বাচন প্ৰক্ৰিয়াৰ সৈতে বিভিন্ন ৰাজনৈতিক দলে নিয়োগ কৰা বুথ পৰ্য্যায়ৰ অভিকর্তাকে ধৰি হাজাৰ হাজাৰ লোক জড়িত হৈ থাকে বুলি আয়োগে প্ৰকাশ কৰে। আয়োগে লগতে সকলো বিষয় সম্পর্কে আলোচনা কৰাৰ বাবে পৰস্পৰৰ বাবে সুবিধা...

May 12, 2025 11:29 AM

views 22

বিৰোধী দলপতি ৰাহুল গান্ধীৰ শীঘ্ৰে সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান

কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শীঘ্ৰে সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰত ৰাহুল গান্ধীয়ে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দূৰ আৰু যুদ্ধবিৰতিক লৈ তৎকালীনভাৱে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰাৰ অনুৰোধৰ প্ৰসংগত জোৰ দিয়ে। এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেয়ো প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে৷