November 12, 2025 12:22 PM

views 28

গেব’ৰ’ণত বটছ’ৱানাৰ ৰাষ্ট্ৰপতিৰ সৈতে শ্রীমতী দ্রৌপদী মুর্মুৰ দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি গেব'ৰ'ণত বটছ'ৱানাৰ ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক বিষয়ত বাৰ্তালাপ কৰিব। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে দেশ দুখনৰ মাজত বাণিজ্য, বিনিয়োগ, প্রযুক্তি, শক্তি, কৃষি, স্বাস্থ্য, ফার্মাচিউটিকেল, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পর্ক আদি একাধিক বিষয় সন্দৰ্ভত আলোচনা কৰিব। ভাৰত আৰু বটছ'ৱানাৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু বিভিন্ন খণ্ডত ঘনিষ্ঠ সহযোগিতাৰে বান্ধ খাই আছে। দক্ষতা বৃদ্ধি দুয়োখন ৰাষ্ট্ৰৰ মাজৰ অংশীদাৰিত্বৰ এটা অতি শক্তিশালী স্তম্...

November 4, 2025 7:55 PM

views 24

গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে গুৰু নানকদেৱৰ জয়ন্তীত সকলোকে তেওঁৰ আদৰ্শ আৰু শিকনিসমূহ আঁকোৱালি ল'বলৈ অনুপ্রাণিত কৰে আৰু এখন উন্নত সমাজ গাঢ়াৰ ক্ষেত্ৰত সকলোকে পথ প্ৰদৰ্শন কৰে। তেওঁ কয়, যে গুৰু নানকজীয়ে আমাক সত্য, ন্যায় আৰু অনুকম্পাৰে সফলভাৱে জীয়াই থাকিবলৈ পথ প্রদর্শন কৰে। সততা আৰু আনৰ বাবে জীয়াই থকাৰ ক্ষেত্ৰত তেওঁ আমাক অনুপ্রাণিত কৰে বুলি শ্রীমতী মুর্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সক...

October 30, 2025 12:47 PM

views 20

আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশগ্ৰহণ শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি হাৰিয়ানাৰ আম্বালা আৰু কুৰুক্ষেত্ৰ অঞ্চলৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমানৰ উৰণত অংশ লয়। সামাজিক মাধ্যমৰ এটা প'ষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াক এটা পাহৰিব নোৱৰা অভিজ্ঞতা হিচাপে অভিহিত কৰে। তেওঁ এই পুৰণি ভূখণ্ডৰ লগতে ব্ৰহ্মা সৰোবৰক ভাৰতৰ বৈচিত্রপূর্ণ সংস্কৃতি আৰু ঐতিহাসিক যাত্ৰাৰ প্ৰতীক হিচাপে আখ্যা দিয়ে। দেশৰ সামৰিক সামৰ্থ ক্ৰমাৎ দৃঢ় হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে।

October 28, 2025 8:35 PM

views 123

জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱাত গুৰুত্ব আৰোপ শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে তাৎক্ষণিক আৰু কঠোৰ পদক্ষেপ লোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট আই এছ এৰ সভাৰ অষ্টম সত্ৰত মূল ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সমগ্র বিশ্ব এই এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হৈছে। তেওঁ কয়, যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে ভাৰত প্ৰতিশ্রুতিবদ্ধ আৰু দেশখনে এই দিশত ইতিমধ্যে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। তেওঁ লগতে কয়, যে ভাৰত আৰু বিশ্বৰ সভ্যতাসমূহে পুৰণিকালৰে পৰা সূৰ্যক জীৱন...

October 23, 2025 12:03 PM

views 55

কেৰালাত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তি উন্মোচন শ্রীমতী দ্রৌপদী মুর্মুৰ

চাৰিদিনীয়া ভ্রমণসূচীৰে কেৰালালৈ যোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তিও উন্মোচন কৰে। ইয়াৰ পাছত শ্রীমতী মুৰ্মবে তিৰুৱানন্তপুৰমৰ সমীপৰ ভাৰকলাত থকা শিৱগুৰি মঠত শ্রীনাৰায়ণা গুৰু সমাধিৰ শতবর্ষ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতিগৰাকী পালাৰ ছেইণ্ট থমাছ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কালি শ্রীমুমুৱে সবৰীমালা মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ কেৰালাৰ ৰাজ্যপালে আয়োজন...

October 17, 2025 8:25 PM

views 20

দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ – শ্রীমতী দ্রৌপদী মুর্মু

দেশৰ প্ৰতিখন জনজাতীয় গাঁওক আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে আদি কর্মযোগী অভিযান আৰম্ভ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত আদি কর্মযোগী অভিযান বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীমতী মুর্মুৱে আজি কয় যে এই অভিযানৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়ন যাত্রাত জনজাতীয় সম্প্রদায়সমূহৰ অংশগ্রহণ আৰু উন্নয়নৰ লাভ জনজাতীয় বসতিপ্রধান এলেকালৈ সম্প্ৰসাৰণ সুনিশ্চিত কৰা হ'ব। জনজাতীয় পৰিক্ৰমা মন্ত্রালয়ে এই সন্মিলনৰ আয়োজন কৰিছে। সন্মিলনত জনজাতীয় গাঁও দৃষ্টিভংগী ২...

September 26, 2025 1:35 PM

views 23

ৰাষ্ট্ৰপতি ভৱন আজি সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ২০২৪ প্ৰদান কৰে। ৰাষ্ট্রীয় ভূ-বিজ্ঞান বঁটা দেশৰ পুৰণি আৰু সন্মানীয় বঁটাসমূহৰ ভিতৰত অন্যতম। ভূ-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু অৱদান আগবঢ়োৱাৰ বাবে ব্যক্তিগত আৰু দলীয়ভাৱে এই সন্মান আগবঢ়োৱা হয়। খনি মন্ত্ৰ্যালয়ে প্ৰত্যেক বছৰে তিনিটা শাখাত এই বঁটাসমূহ প্ৰদান কৰে। এই বঁটাসমূহ হৈছে – আজীৱন কৃতিত্বৰ বাবে ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা, ৰাষ্ট...

September 5, 2025 10:52 AM

views 21

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান

সমগ্ৰ দেশত আজি শিক্ষক দিৱস উদযাপন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাসমূহ প্ৰদান কৰিব। নিজৰ সমৰ্পন আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলৰ জীৱনত গভীৰ প্ৰভাৱ পেলোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স্বীকৃতি স্বৰূপে এই বাৰ্ষিক বঁটা প্ৰদান কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ ...

September 3, 2025 8:14 PM

views 17

ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ডিজিটেল যুগত উপলব্ধ শিক্ষণ সম্পদসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ শিক্ষার্থীসকলৰ প্ৰতি আহ্বান জনাইছে। তামিলনাডুৰ তিৰুৱৰুৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিকশিত উদ্যোগ খণ্ডত ছাত্র-ছাত্রীসকলে পর্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰিব পাৰিব। প্রাক্তন ৰাষ্ট্ৰপতি ড০ ৰাধাকৃষ্ণণৰ বাণী উল্লেখ কৰি শ্ৰীমতী মুর্মুৱে কয় যে শিক্ষাৰ গুৰুত্ব হৈছে শিকি যোৱা আৰু জ্ঞান তথা বুদ্ধিমত্তাৰ বিকাশ ঘটোৱা। তেওঁ ছাত্র-ছাত্রীসকলক নতুন শিক্ষা নীতিৰ পুনৰ অন্ব...

August 14, 2025 8:30 PM

views 25

স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া সমগ্ৰ দেশবাসীক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস প্ৰতিগৰাকী ভাৰতীয়ই উৎসাহ-উদ্দীপনাৰে পালন কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। এই বিশেষ দিনকেইটাই আমাক ভাৰতীয় হোৱাৰ গৌৰৱক সোঁৱৰাই দিয়ে। স্বাধীনতা দিৱসৰ প্ৰাক্ সন্ধিয়া দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সমগ্র দেশবাসীক শুভেচ্ছা জনাই এইদৰে প্ৰকাশ কৰে। ১৫ আগষ্টৰ দিনটোৰ বহু স্মৃতি আমাৰ মনত গভীৰভাৱে শিপাই আছে বুলি উল্লেখ কৰি শ্ৰীমতী মুমুৱে কয়, যে ঔপনিৱেশিক শাসনৰ দীঘলীয়া সময়ছোৱাত অনেক প্ৰজন্মই স্বাধীনতাৰ সপোন দেখিছিল। তেওঁলোকৰ এই আশাৰ ম...