January 24, 2026 11:59 AM

views 21

ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৰ

 ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি ৰাষ্ট্রপতি ভৱনত গ্রন্থ কুটিৰ উদ্বোধন কৰে। এই কুটিৰত প্রায় ৫০টা পাণ্ডুলিপি আৰু ১১টা ভাৰতীয় ধ্রুপদী ভাষাৰ দুহেজাৰ ৩০০ খন গ্রন্থ সংগ্ৰহ কৰা হৈছে। এই কুটিৰত মহাকাব্য, দর্শন, ভাষা, বুৰঞ্জী, শাসন ব্যবস্থা, বিজ্ঞান, আধ্যাত্মিক সাহিত্যৰ লগতে ভাৰতীয় সংবিধান বিষয়ক বিভিন্ন গ্রন্থ ৰখা হৈছে। দেশৰ চহকী সাহিত্য আৰু সাংস্কৃতিক ঐতিহ্য সন্দৰ্ভত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰাৰ লগতে অনৈক্যৰ মাজত ঐক্যৰ ভাৱধাৰা শক্তিশালী কৰাটোৱে হৈছে এই গ্রন্থ কুটিৰৰ মূল উদ্দেশ্য। এই উপলক্ষে দিয়...

January 2, 2026 11:58 AM

views 23

দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

ভাৰত শীঘ্রেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু দেশৰ অর্থনীতিৰ গতি ত্বৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতিভৱনত আয়োজিত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰস্তুতিৰ বাবে দক্ষতাৰ বিকাশ- SOAR শীর্ষক এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কালি এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা এক প্ৰকাৰৰ প্ৰযুক্তি নহয়, বৰং দেশলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ সুযোগ। শ্রীমতী মুর্মুৱে লগতে কয়, যে অনাগত দশকত দেশ...

December 29, 2025 8:14 PM

views 15

আৱর্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অর্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন- শ্রীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৈছে যে বর্তমান সময়ত আমাৰ দেশে মুখামুখি হোৱা আৱৰ্জনা ব্যবস্থাপনা আৰু বহনক্ষমতাৰ দৰে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সামাজিক আৰু অৰ্থনৈতিক দৃষ্টিভংগীৰ লগতে প্রযুক্তিগত দক্ষতাৰো অতিকৈ প্রয়োজন। আজি ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান জমছেদপুৰৰ পঞ্চদশ সমাবর্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে কয়। তেওঁ ছাত্র-ছাত্রীসকলক প্রযুক্তিগত বিকাশক মানৱ কল্যানৰ হকে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। শিক্ষানুষ্ঠানসমূহক কেৱল ফলাফল তালিকাৰ উচ্চ স্থান আৰু সংস্থাপনৰ ভিত্তিত...

December 17, 2025 11:44 AM

views 16

সপ্তাহজোৰা দাক্ষিণাত্য ভ্ৰমণৰ অংশ হিচাপে আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু আজি তামিলনাডুৰ ভেল্লুৰলৈ যাব। তাত ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীপুৰম গ'ল্ডেন মন্দিৰত পূজা অর্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰৰ পৰিসৰত ধ্যানৰ বাবে বিশেষ ঠাই মুকলি কৰাৰ লগতে এটা গছপুলিও ৰোপণ কৰিব। ৰাজ্যখনৰ ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্রী ড০ এল মুৰুগানে ভেল্লুৰত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুক আদৰণি জনাব। কর্ণাটক, তামিলনাড়ু আৰু তেলেংগানাত কালিৰে পৰা অহা ২২ ডিচেম্বৰলৈ সপ্তাহজোৰা দাক্ষিণাত্য ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকী আজি ভেল্লুৰত উপস...

December 11, 2025 11:24 AM

views 20

দুদিনীয়া ভ্রমণসূচীৰে শ্রীমতী দ্রৌপদী মুর্মু আজি মণিপুৰলৈ ৰাওনা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আজি দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ যাব। ভ্রমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে এলানি আনুষ্ঠানিক আৰু উন্নয়নমূলক কার্যসূচীত অংশ ল'ব। ৰাষ্ট্ৰপতিগৰাকী আজি ইম্ফলত উপস্থিত হোৱাৰ পাছতে তেওঁক পৰম্পৰাগতভাৱে সন্মান আৰু আদৰণি জনোৱা হ'ব। ইয়াৰ পাছত তেওঁ ঐতিহাসিক মাপল কাংজেইবুঙত এখন প্রদর্শনীমূলক পল' খেল প্রত্যক্ষ কৰিব। বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে মণিপুৰ চৰকাৰে ইম্ফলৰ চিটী কনভেন্সন চেণ্টাৰত আয়োজন কৰা অভ্যর্থনা অনুষ্ঠানত ভাগ ল'ব। আঞ্চলিক বিকাশৰ প্ৰতি থকা চৰকাৰৰ নিৰলস ...

December 5, 2025 8:01 PM

views 36

অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্রদান কৰিব। অনুষ্ঠানত কেন্দ্রীয় বস্ত্র মন্ত্রী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ'ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এই বঁটা...

December 4, 2025 11:46 AM

views 25

বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যত ভাৰতীয় নৌসেনাই অৰিহণা আগবঢ়াই যাব – শ্রীমতী দ্রৌপদী মুর্মু

ভাৰতীয় নৌসেনাই থলুৱা প্ৰযুক্তিৰ উন্নতি অব্যাহত ৰখাৰ লগতে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যত অৰিহণা আগবঢ়াই যাব বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে মন্তব্য কৰিছে। নৌসেনা দিৱসৰ প্ৰাকক্ষণত তিৰুৱনন্তপুৰমত নৌসেনাৰ সঞ্চালন প্ৰদৰ্শনৰ অনুষ্ঠানত নিজৰ ভাষণত তেওঁ লগতে আলোকপাত কৰে যে, নৌসেনাই এতিয়া স্বদেশতে জটিল আৰ্হিৰ নির্মাণ সম্পন্ন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে 'সাগৰ দৃষ্টিভংগী'ৰ অধীনত গ্ৰহণ কৰা নতুন পদক্ষেপে সামুদ্রিক ক্ষেত্রত সজাগতা বৃদ্ধি, মানৱীয় সাহায্যৰ সামর্থ্য বৃদ্ধি আৰু আন্তঃৰাষ্ট...

November 27, 2025 8:30 PM

views 27

পাকিস্তানৰ কেতবোৰ সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ কেতবোৰ সম্পাদিত ভিডিঅ’ প্ৰচাৰ কৰা হৈছে বুলি পি আই বিৰ প্ৰকাশ

পাকিস্তানৰ কেতবোৰ সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ কেতবোৰ সম্পাদিত ভিডিঅ' প্ৰচাৰ কৰা হৈছে বুলি প্ৰেছ ইনফৰমেছন ব্যুৰই প্ৰকাশ কৰিছে। পি আই বিৰ সত্যাসত্য প্রমাণীকৰণ গোটে এই ভিডিঅ'সমূহ এ আইৰ দ্বাৰা উদ্দেশ্য প্রণোদিতভাবে সম্পাদিত কৰা বুলি প্রকাশ কৰে। দেশত উগ্রবাদ বিয়পোৱা আৰু ধৰ্মনিৰপেক্ষতা দুৰ্বল কৰি তোলাৰ উদ্দেশ্যে এই ধৰণৰ ভিডিঅ প্ৰচাৰ কৰা হৈছে বুলিও সূত্রটোৱে লগতে প্রকাশ কৰে। চৰকাৰে এনে সন্দেহজনক ভিডিঅ' বা তথ্য লাভ কৰিলে অতিশীঘ্ৰে জনসাধাৰণক ইয়াৰ সত্যাসত্য নিৰুপণৰ বাবে ৯১-৮৭৯৯৭ ১১২৫৯ বা fac...

November 20, 2025 12:40 PM

views 24

তিনিদিনীয়া ভ্রমণসূচীৰে আজি শ্রীমতী দ্রৌপদী মুর্মু চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্রপ্রদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্রীমতী মুর্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ ২০২৫ মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক বন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। পৰ...

November 18, 2025 8:26 PM

views 23

জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জলসুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান শ্রীমতী দ্রৌপদী মুর্মুৰ

জলবায়ু পৰিবৰ্তনে সাম্প্রতিক সময়ত জলচক্রত পেলোৱা প্ৰভাৱ সম্পর্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা ২০২৪ আৰু প্ৰথম জল সঞ্চয় জনঅংশীদাৰী বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে সীমিত জল সম্পদৰ পৰিপ্ৰেক্ষিতত পানীৰ যথাযথ ব্যৱহাৰ দেশৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোৱা বছৰ আৰম্ভ কৰা পানী সংৰক্ষণ জন অ...