June 27, 2024 8:01 PM June 27, 2024 8:01 PM

views 4

উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছেঃ ৰাষ্ট্ৰপতি মুর্মু

লোকসভা আৰু ৰাজ্যসভাৰ যৌথ বৈঠকত কার্যবিধি কিছুসময়ৰ বাবে অব্যাহত থকাৰ পাছত আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ভাষণ দি কয় যে উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত ১০ বছৰত সমাধান কৰা হৈছে। তেওঁ কয় যে অঞ্চলটোত শান্তি-শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পর্যায়ক্রমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত তেওঁ কয় যে...

June 15, 2024 1:44 PM June 15, 2024 1:44 PM

views 10

ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে পৰহি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজা গীত, ময়ুৰভঞ্জ ছাউ নৃত্য, সম্বলপুৰী নৃত্য, কৰ্মা নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হয়। ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে ৰাজা পৰ্ব উদযাপন কৰা হয়। এই উদযাপনে ওডিয়া সংস্কৃতি আৰু জীৱনশৈলীৰ এক অনন্য আভাস প্ৰদান কৰে। প্ৰতিবছৰে বাৰিষাৰ আৰম্ভণিৰ সময়তে তিনিদিনীয়াকৈ এই কৃষিভিত্তিক উৎসৱ পালন কৰা হয়।