February 12, 2025 8:37 PM

views 33

ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কত প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মত বিনিময়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰুৱে শেহতীয়া আলোচনাকালত ইউৰোপ, পশ্চিম এছিয়া আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ভূ-ৰাজনৈতিক ঘটনাক্রম সম্পৰ্কে মত বিনিময় কৰা বুলি বৈদেশিক পৰিক্ৰমা সচিব বিক্রম মিশ্ৰীয়ে প্ৰকাশ কৰিছে । ফ্ৰান্সৰ মাৰ্চেত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত শ্রীমিশ্ৰীয়ে কয়, যে নেতা দুগৰাকীয়ে গোলকীয় আৰু আঞ্চলিক গুৰুত্বৰ বিষয়েও আলোচনা কৰিছে। তেওঁ কয়, যে দুয়োগৰাকী নেতাই ফৰাছি ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষ বিমানেৰে মাৰ্চে চহৰলৈ যায়। এয়া দুয়োগৰাকী নেতাৰ...

February 8, 2025 12:31 PM

views 29

তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ প্ৰধানমন্ত্ৰী ফ্ৰান্সলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ'ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ'বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে সহ- অধ্যক্ষতা কৰিব। বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি নতুন দিল্লীত প্রধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বিষয়ে প্রকাশ কৰে। তেওঁ লগতে কয়, যে শ্ৰীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা।

January 31, 2025 8:28 PM

views 34

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন – প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। নতুন দিল্লীৰ দ্বাৰকাত আজি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণৰ বাবে এনে এখন চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সকলোৰে প্ৰয়োজনীয়তাসমূহ যেনে-দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ, দিল্লীৰ আধুনিকীকৰণ আৰু প্ৰতিটো বাসগৃহৰ বাবে নলযোগে খোৱাপানীৰ সুবিধা পূৰণ কৰিব পাৰে। তেওঁ দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনক দুর্নীতি পৰায়ণ আৰু শোষণকাৰী বুলি অভিযোগ কৰিছে। তেওঁ কয় যদি দিল্লীত বিজেপি ক্ষমতাল...

January 8, 2025 1:34 PM

views 29

বিশাখাপট্টমনত আজি প্ৰধানমন্ত্ৰীৰ ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টমনত ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব। তেওঁ বিশাখাপট্টমনৰ সমীপৰ পোডিমাকাট অত্যাধুনিক এন টি পি চি গ্রীন এনার্জি লিমিটেডৰ গ্রীন হাইড্ৰজেন হাব্ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰায় ১ লাখ ৮৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এইটোৱে হ'ব প্ৰথমটো গ্রীন হাইড্রজেন হাব্। এই প্রকল্পই ২০৩০ চনৰ ভিতৰত ভাৰতৰ অজীৱাশ্ম শক্তি ক্ষমতাৰ লক্ষ্য ৫০০ জ...

September 28, 2024 10:32 AM

views 24

বিশ্ব উদ্ভাৱন সূচ্যাংকত ১৩৩ টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯ সংখ্যক স্থানলৈ উন্নীত

চলিত বৰ্ষৰ বিশ্ব উদ্ভাৱন সূচ্যাংকত ১৩৩ টা বিশ্ব অর্থনীতিৰ ভিতৰত ভাৰত ৩৯ সংখ্যক স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উল্লেখযোগ্য কৃতিত্ব হিচাপে অভিহিত কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয় কয় যে, যুৱক-যুৱতীসকলৰ জীৱন সলনি কৰিব পৰাকৈ সজীৱ উদ্ভাৱনী পৰিৱেশ তন্ত্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধ পৰিকৰ। ২০১৫ চনৰ বিশ্ব উদ্ভাৱন সূচ্যাংকৰ ৮১ সংখ্যক স্থানৰ পৰা ভাৰতে চলিত বৰ্ষত ৩৯ সংখ্যক স্থানলৈ উন্নীত হৈছে। সম্প্ৰতি মধ্য আৰু দক্ষিণ এছিয়াৰ অৰ্থনীতিসমূহৰ ভিতৰত ভাৰত প্ৰথম...

August 30, 2024 7:09 PM

views 26

ৱাধৱন বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ'বলগীয়া ৱাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা দেশৰ সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰে প্ৰগতিৰ শক্তিকেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ নিশ্চিত কৰিব। এই প্রকল্পই ভাৰতৰ সামুদ্রিক শক্তি বৃদ্ধি কৰাৰ লগতে গোলকীয় বাণিজ্যৰো প্ৰসাৰ সাধন কৰিব। উ...

July 22, 2024 6:51 PM

views 35

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰৰ নাম অন্তর্ভুক্ত

প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত বর্তমানলৈ প্রায় দুই কোটি ২৮ লাখ ক্ষুদ্র শিল্পী আৰু কাৰিকৰে নাম অন্তর্ভুক্ত কৰিছে। ইয়াৰে ১৩ লাখ ৯৪ হাজাৰ হিতাধিকাৰীৰ সুকলমে নাম পঞ্জীয়ন কৰা হৈছে। এইসকলৰ ভিতৰত পাঁচ লাখ ৪২ হাজাৰৰো অধিক মহিলা। দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী জয়ন্ত চৌধুৰীয়ে লোকসভাত এটি লিখিত প্রশ্নৰ উত্তৰত কয় যে, দেশত মুঠ পাঁচ লাখ তিনি হাজাৰ ১৬১ গৰাকী আবেদনকাৰীক প্রশিক্ষণ দিয়া হৈছে। ইয়াৰে দুই লাখ ৭৪ হাজাৰ ৭০৩ গৰাকী মহিলা। তেওঁ লগতে কয় যে, কর্ণাটকৰ পৰা সর্বাধিক সংখ্যক আবেদনক...

June 17, 2024 9:09 PM

views 31

পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে'ল দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্রিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহ...

June 8, 2024 2:46 PM

views 22

প্রধানমন্ত্ৰী মোদীক অভিনন্দন টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কৰ

টেছলা আৰু স্পেছ এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰী নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদীৰ অভিনন্দন জনাইছে। এক্স হেণ্ডেলত শ্ৰী মাস্কে কয় যে, তেওঁৰ কোম্পানীয়ে ভাৰতত বিনিয়োগৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনায়।

June 8, 2024 2:25 PM

views 24

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্রদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে জিলাসমূহৰ পৰা মনোনয়ন বিচাৰিছে। যোগ্যতাসম্পন্ন প্রার্থীসকলে https://awards/gov.in অনলাইন প’ৰ্টেলত অহা ৩১ জুলাইৰ ভিতৰত আবেদন কৰিব পাৰিব । আবেদনকাৰীয়ে আবেদনৰ প্ৰতিলিপি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। উল্লেখযোগ্য যে, সাহসিকতা, ক্রীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, পৰিৱেশ, কলা আৰু সংস্কৃতিৰ লগতে উদ্ভাৱনমূলক দিশত অৰিহণা যোগোৱা ...