September 9, 2025 8:51 PM
15
পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান প্ৰভাৱিত পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে ৰাজ্যখনলৈ অনুমোদন জনোৱা ১২ হাজাৰ কোটি টকাৰ অতিৰিক্তভাৱে এই পুঁজি আগবঢ়োৱা হ'ব। ইপিনে, প্রধানমন্ত্রী কিষাণ সম্মান নিধি আৰু এছ দি আৰৰ দ্বিতীয় কিস্তিৰ ধনো ৰাজ্যখনৰ বাবে আগতীয়াকৈ মুকলি কৰি দিয়া হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগত নিহত লোকসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। বানৰ ফলত মাওৰা হোৱা লৰা ছ...