September 9, 2025 8:51 PM | PM punjub

printer

পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান প্ৰভাৱিত পাঞ্জাৱলৈ ১৬০০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে ৰাজ্যখনলৈ অনুমোদন জনোৱা ১২ হাজাৰ কোটি টকাৰ অতিৰিক্তভাৱে এই পুঁজি আগবঢ়োৱা হ’ব। ইপিনে, প্রধানমন্ত্রী কিষাণ সম্মান নিধি আৰু এছ দি আৰৰ দ্বিতীয় কিস্তিৰ ধনো ৰাজ্যখনৰ বাবে আগতীয়াকৈ মুকলি কৰি দিয়া হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগত নিহত লোকসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ আৰু গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। বানৰ ফলত মাওৰা হোৱা লৰা ছোৱালীক সহায়ৰ অৰ্থে প্ৰধানমন্ত্রী শিশু যতন আঁচনিৰ অধীনত সাহায্য আগবঢ়োৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে। ইয়াৰ জৰিয়তে তেওঁলোকৰ দীৰ্ঘদিনীয়া কল্যান নিশ্চিত হব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি পাঞ্জাবৰ গুৰদাসপুৰত ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হিমাচল প্ৰদেশৰ কাঙৰাতো বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ ৰাজ্য দুখনৰ চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰিছে। এই ভ্রমণসূচীৰ আৰম্ভণিতে প্রধানমন্ত্ৰীগৰাকীক পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, কৃষি আৰু কৃষক কল্যান মন্ত্রী কুলদীপ সিং বালিৱাল আৰু পশুপালন মন্ত্ৰী গুৰমিত সিং খুদ্দিয়ান, বিজেপিৰ কেইবাগৰাকীও নেতা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই বিমান বন্দৰত আদৰণি জনায়।

প্রধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতেও মত বিনিময় কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে এই জটিল পৰিস্থিতিৰ কৱলত পৰা লোকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব। প্রধানমন্ত্ৰী মোদীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী– এন ডি আৰ এফ ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী – এছ ডি আৰ এফ আৰু আপদা মিত্র বাহিনীৰ লোকসকলকো সাক্ষাৎ কৰিব ।

জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্য দুখনৰ জনসাধাৰণলৈ আগবঢ়োৱা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা পোনপটীয়াকৈ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী যুগুত কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।