December 31, 2025 1:32 PM

views 12

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্ৰ বিশ্বই আশা আৰু বিশ্বাসেৰে ভাৰতৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বলত ভাৰতে লাভ কৰা বিকাশৰ গতিৰ ভূয়সী প্ৰশংসা কৰিছে। দেশৰ জনগাঁথনি, যুৱ প্ৰজন্ম আৰু দেশবাসীৰ অদম্য মনোভাৱ এই সংস্কাৰ এক্সপ্ৰেছৰ মূল চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমো...

June 11, 2025 9:31 AM

views 22

সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদেৰে গঠিত সর্বদলীয় প্রতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রতিনিধিসকলে সন্ত্রাসবাদ নির্মূল কৰাৰ প্ৰয়োজনীয়তা আ...

March 17, 2025 1:41 PM

views 20

পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা-বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে, পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশে নতুন পথ বিচাৰি পোৱাৰ আশাতেই ২০১৪ চনত পাকিস্তানৰ সমকক্ষ নৱাজ শ্বৰীফক তেওঁৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। সন্ত্রাসবাদক লালন-পালন কৰাত পাকিস্তানৰ...

October 18, 2024 11:44 AM

views 15

সুশাসন আৰু নাগৰিকৰ জীৱন উন্নত কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ এখন বৈঠকত দেশৰ প্ৰগতিৰ লগতে দুখীয়া আৰু নিপীড়িত লোকসকলক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে চণ্ডীগড়ত অনুষ্ঠিত বৈঠকত সুশাসন আৰু নাগৰিকৰ জীৱন উন্নত কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহী বুলি প্ৰকাশ কৰে।