June 11, 2025 9:31 AM June 11, 2025 9:31 AM

views 11

সর্বদলীয় প্রতিনিধি দলে সন্ত্রাসবাদ নিৰ্মূলৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী বিভিন্ন দেশত প্ৰকাশ কৰা কাৰ্যত প্ৰধানমন্ত্ৰী মোদী গৌৰৱান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে সর্বদলীয় প্রতিনিধি দলে বিভিন্ন দেশলৈ গৈ যিদৰে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত সন্ত্রাসবাদ নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগীক দাঙি ধৰিলে তাক লৈ তেওঁ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে বিগত সপ্তাহকেইটাত বিশ্বৰ ৩৩ খন দেশ ভ্ৰমণ কৰা সাংসদ আৰু প্ৰাক্তন কূটনীতিবিদেৰে গঠিত সর্বদলীয় প্রতিনিধি দলৰ সদস্যসকলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রতিনিধিসকলে সন্ত্রাসবাদ নির্মূল কৰাৰ প্ৰয়োজনীয়তা আ...

March 17, 2025 1:41 PM March 17, 2025 1:41 PM

views 10

পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা-বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে, পাকিস্তানৰ সৈতে শান্তিপূর্ণ সম্পর্ক গঢ়িবলৈ ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দুয়োখন দেশে নতুন পথ বিচাৰি পোৱাৰ আশাতেই ২০১৪ চনত পাকিস্তানৰ সমকক্ষ নৱাজ শ্বৰীফক তেওঁৰ শপত গ্রহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। সন্ত্রাসবাদক লালন-পালন কৰাত পাকিস্তানৰ...

October 18, 2024 11:44 AM October 18, 2024 11:44 AM

views 9

সুশাসন আৰু নাগৰিকৰ জীৱন উন্নত কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ এখন বৈঠকত দেশৰ প্ৰগতিৰ লগতে দুখীয়া আৰু নিপীড়িত লোকসকলক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে চণ্ডীগড়ত অনুষ্ঠিত বৈঠকত সুশাসন আৰু নাগৰিকৰ জীৱন উন্নত কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহী বুলি প্ৰকাশ কৰে।