June 1, 2024 2:11 PM

views 28

বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

♦ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি বৰাক উপত্যকাৰ কেইবাটাও বান বিধবস্ত আৰু খহনীয়া প্ৰৱন অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া তথা অভিযন্তাক প্রয়োজনীয় নির্দেশনা প্রদানৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যে কয় যে, বৰাক উপত্যকাত হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান বোধিবলৈ সম্ভৱপৰ সকলো কাম পর্যায়ক্রমে কৰা হ'ব। বৰাক উপত্যকাত এতিয়ালৈকে ৭টা মথাউৰি ভঙাৰ লগতে বানপীড়িতৰ বাবে কাছাৰত ৭৩টা,...

May 13, 2024 11:26 AM

views 25

কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জাগীৰোড বিধানসভা সমষ্টিৰ তেলাহীৰ পৰা ৰহা বিধানসভা সমষ্টিৰ জোঙালবলহু গড়লৈকে কলং নৈৰ পাৰৰ নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ৰহা চকী অঞ্চলৰ কলং নৈৰ সোঁকাষৰ মথাউৰিৰ খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ সৈতে আলোচনা কৰি শীঘ্ৰেই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। প্রায় ৪১ কোটি ৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিয়ে নগাঁও জিলাৰ এটা বৃহৎ অঞ্চলক কলং ন...