August 23, 2024 6:53 PM

views 29

নেলীত জগন্নাথ ৰাজহুৱা ভৱন, দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ নেলী গাওঁ পঞ্চায়তত গোপালকৃষ্ণ চাহ বাগিছাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাসী আঁচনিৰ অধীনত এই কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। আজিৰ কাৰ্যসূচীত ৰহাৰ বিধায়ক শশীকান্ত দাস, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিৰ লগতে পৰিষদৰ একাংশ সদস্য...

August 16, 2024 8:30 PM

views 35

পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা গোচৰৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাওঁ জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাওঁ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্ত, গুৱাহাটী আৰু নগাওঁ বন সংমণ্ডলৰ বিষয়াৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বৈঠকত বন্য প্রাণীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ বাবে কোনো সম...

August 2, 2024 6:08 PM

views 30

কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধটো পৰিদৰ্শন কৰে। তেওঁ পৰিস্থিতি অধ্যয়ন কৰি এই বান্ধটো অধিক মজবুত কৰি সুৰক্ষিত কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ ১৫ আগষ্টৰ পূৰ্বে আদায় দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত এই শুইচ গেটৰ বান্ধ ভাঙি কলংমুখেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই আহি কলিয়াবৰ ৰাজহ চক্ৰৰ ৫৮খনকৈ ৰাজহ গাঁও প্লাৱিত কৰিছিল।

July 20, 2024 6:45 PM

views 31

ভাৰত-বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসম চৰকাৰৰ জলসম্পদ আৰু তথ্য-জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কাছাৰ জিলাৰ কাতিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্ত ভ্ৰমণ কৰি কেইবাখনো চুইছ গেট পৰিদৰ্শন কৰে। সমষ্টিটোত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা ৬ খন চুইছ গেট জলসম্পদ বিভাগে ২০২২ চনৰ পৰা পৰিচালনা কৰি আহিছে। আজি মন্ত্ৰীগৰাকীয়ে বলেশ্বৰ আৰু ফইস্কা চুইচগেট পৰিদৰ্শন কৰি বিভাগীয় অভিযন্তা আৰু স্থানীয় নিৱাসীৰ পৰা গেটকেইখনৰ কাৰ্য ব্যৱস্থাৰ বিষয়ে বুজ লয়। চুইচগেট কেইখনৰ ৪০ খন শ্বাটাৰৰ ৩৩ খন বৰ্তমান কাৰ্যক্ষম হৈ থকা বুলি জানিব...

June 30, 2024 6:55 PM

views 42

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাৰ  গোলাঘাটৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰি পৰিদৰ্শন

জলসম্পদ মন্ত্রী পিয়ুষ হাজৰিকাই আজি গোলাঘাটৰ তেতেলীতলৰ হাঁহচ'ৰা পথাৰৰ ধনশিৰি নদীৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। তেওঁ হোজাই, নগাওঁ জিলাৰ কামপুৰ আৰু বৰাক উপত্যকাত মথাউৰি নিৰ্মাণৰ কাম কৰিবলগীয়া আছে বুলি উল্লেখ কৰে। ইয়াৰপূৰ্বে তেওঁ গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা ২লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন আৰু প্ৰাক্তন মন্ত্রী বিস্মৃতা গগৈয়ে তেওঁক সংগ দিয়ে। ইয়াৰ পাছত তেওঁ পদুমণি মণ্ডল বিজেপি কার...

June 23, 2024 7:11 PM

views 31

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি আৰু খহনীয়া পৰিদৰ্শন

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি কৰিমগঞ্জৰ বদৰপুৰ ঘাটত জলসম্পদ বিভাগৰ এখন শ্লুইছ গেট পৰিদৰ্শন কৰে। বৰাক নদীৰ বাঢ়নি পানীয়ে এই স্থানত সমস্যাৰ সৃষ্টি কৰি অহাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী শ্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক জৰুৰীকালীনভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ জিলাৰ শ্রীগৌৰীত বৰাক নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে। বৰাক নদীৰ খহনীয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতি কৰাৰ ফলত পথটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। সেয়ে, এই স্থানত জলসম্পদ বি...

June 16, 2024 1:24 PM

views 29

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময়

সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি গহপুৰৰ লোহিতমুখ অঞ্চলৰ কৰৈআতি ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ লোৱাৰ লগতে খহনীয়াত প্ৰভাৱিত অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে কৰৈআতিত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়ি অহা এটা সুঁতিয়ে সৃষ্টি কৰা খহনীয়াৰ ফলত অঞ্চলটোৰ বহু ৰাইজৰ খেতি-মাটি নৈৰ বুকুত জাহ হৈছে। সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক উৎপল বৰাৰ সৈতে কালি সেই স্থান পৰিদৰ্শন কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই সুঁতিটো ৭টা স্থানত পর্যায়ক্রমে বন্ধ কৰি এলেকাটোত খহনীয...

June 14, 2024 6:41 PM

views 38

ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানকেইটা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। এই পৰিদৰ্শন কালত বিধায়ক জিতু গোস্বামী, শশীকান্ত দাসকে ধৰি লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 13, 2024 6:54 PM

views 33

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰ...

June 12, 2024 6:13 PM

views 29

তৃতীয় লিংগ কল্যাণ বোর্ডৰ বৈঠকত মন্ত্ৰী পীযূষ হাজৰিকাৰ অংশগ্ৰহণ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই গুৱাহাটীত আজি তৃতীয় লিংগ কল্যাণ বোর্ডৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত তৃতীয় লিংগৰ লোকে সন্মুখীন হৈ অহা বিভিন্ন অসুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। এই লোকসকলক পৰিচয় পত্ৰ প্ৰদানকে ধৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মন্ত্ৰী শ্ৰীহাজৰিকাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে বিভিন্ন সময়ত তৃতীয় লিংগৰ লোকসকলক সুৰক্ষাৰ ব্যৱস্থা কৰি আহিছে বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই সভাত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত স...