December 22, 2025 10:15 PM

views 16

বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্রী পীযূষ হাজৰিকাৰ

কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি দ্বিতীয় খণ্ডত আজি মন্ত্রী পীযূষ হাজৰিকাই বৰাক নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পটো ৪০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, কাছাৰ জিলা বিজেপিৰ সভাপতি ৰূপম সাহা, আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসসহ বহু লোক উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্...

December 3, 2025 11:28 AM

views 23

বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ টাই-আহোম উন্নয়ন পৰিষদৰ

● টাই-আহোম উন্নয়ন পৰিষদে শিৱসাগৰ নগৰ সমীপৰ বেতবাৰী মৌজাত থকা আহোম ৰাজত্ব কালৰ বৰপাত্ৰ গোহাঁইসকলৰ ৭টা মৈদাম সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশস্বৰূপে পৰহি মৈদামৰ চাৰিওকাষে নিৰ্মাণ কৰিবলগীয়া দেৱালৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই প্ৰায় ৪৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই দেৱালখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে টাই-আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব।

November 27, 2025 1:19 PM

views 41

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ...

May 23, 2025 12:21 PM

views 36

ৰাজ্যত চলিত বৰ্ষত বান ৰোধৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে

● ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণ কৰা মথাউৰিসমূহৰ নিম্নভাগত এটাকৈ জিঅ' মেগা টিউব বহুওৱা হৈছে। বানে মেগা টিউবৰ ওপৰত থকা মাটিৰ কিছু অংশ খহাই নিলেও এই মেগা টিউবে মথাউৰি ছিগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব বুলি ...

February 15, 2025 7:27 PM

views 35

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মন্ত্ৰী পীযূষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ'বলগীয়া কামসমূহৰ বিষয়ে পর্যালোচনা কৰে। অনাগত দিনত ৰাজ্যখনৰ বিভিন্ন জিলাত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ খহনীয়া প্ৰতিৰোধী কাম কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। প্ৰায় ৩৬টা বিভিন্ন আঁচনিৰ অধীনত মুঠ ২৪৫ কিলোমিটাৰ মথাউৰিৰ কাম বাৰিষাৰ পূৰ্বে সম্পন্ন কৰা...

February 9, 2025 12:09 PM

views 31

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাৰ নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পীযূষ হাজৰিকাই নতুন দিল্লীত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰক সাক্ষাৎ অসমত এখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দিব্যাংগসকলক সামর্থ-শক্তিক ৰাষ্ট্ৰ আৰু সমাজৰ নিৰ্মাণ কাৰ্যত নিয়োজিত কৰাৰ বাবে তেওঁলোকক শিক্ষা আৰু দক্ষতা, বিকাশ আৰু কৰ্মসংস্থাপনৰ দিশত দিব্যাংগ বিশ্ববিদ্যালয়ে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰে বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি অসমত এনে এখন বিশ্ববি...

January 11, 2025 9:00 PM

views 36

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহৰ পৰ্যালোচনা মন্ত্রী পিযুষ হাজৰিকাৰ

ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ আজি জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্র, বুঢ়িদিহিং, বেকীকে ধৰি কেইবাখনো নৈৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰো তেওঁ পৰ্যালোচনা কৰে। তদুপৰি জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হাইড্ৰ’...

January 8, 2025 8:53 PM

views 38

৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা মন্ত্রী পীয়ূষ হাজৰিকাৰ

ধেমাজি জিলাৰ জোনাই অঞ্চলত বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি প্রায় ৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং লালী নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা হ'ব। জোনাইৰ গালিঘাটত মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান সমস্যা নিয়ন্ত্ৰণ কৰি ভূমি আৰু জনজীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। উল...

September 9, 2024 6:52 PM

views 29

ৰাজ্যৰ কেইবাটাও স্থানত জলসম্পদ বিভাগৰ জলাশয় উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত

ৰাজ্যখনত বান নিয়ন্ত্রনত সহায় হোৱাকৈ জলসম্পদ বিভাগে কেইবাটাও স্থানত জলাশয় উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৯টা স্থান বাছনি কৰি প্ৰাৰম্ভিক গৱেষণা আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ কাম অব্যাহত ৰখা হৈছে। আজি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু সকলো সংমণ্ডলৰ অভিযন্তাৰ সৈতে ভার্চুৱেল মাধ্যমেৰে বৈঠকত মিলিত হৈ এই বিষয়ে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আববাচিও উপস্থিত থাকে। এই বৈঠকত ৰাজ্যখনৰ বান খহনীয়াৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে উপায় ...

August 25, 2024 8:54 PM

views 27

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাৰ জাগীৰোডত নির্মীয়মান মিনি ষ্টেডিয়াম পৰিদৰ্শন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই জাগীৰোডত নির্মীয়মান অৱস্থাত থকা মিনি ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম-কাজসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জাগীৰোড বহুমুখী প্ৰেক্ষাগৃহ তথা জাগীৰোড শাখা সাহিত্য সভাৰ কাৰ্যালয়ো পৰিদৰ্শন কৰে।