December 18, 2024 1:56 PM
27
হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে শ্রী শ্বাহে কালি ৰাজ্যসভাত কৰা মন্তব্যক লৈ ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু শাসকীয় পক্ষৰ অন্য সদস্যসকলে বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণৰ বিৰোধিত...