April 2, 2025 5:56 PM

views 24

ৱাক্‌ফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ লোকসভাত বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি বিধেয়কখন উত্থাপন কৰি কয় যে মুছলমান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে বিধেয়কখনৰ কোনো সম্পৰ্ক নাই আৰু ৱাকফ পৰিষদৰ সা-সম্পত্তিৰ সৈতেহে জড়িত। তেওঁ কয়, যে চৰকাৰে ৱাক্‌ফ পৰিষদসমূহক সৰ্বাত্মক আৰু ধৰ্ম নিৰপেক্ষ কৰি তুলিব খুজিছে। বিধেয়কখনৰ জৰিয়তে মছজিদৰ পৰিচালনা কৰিব খোজা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ বিধেয়ক অনুসৰি ৱাক্‌ফ পৰিষদৰ বিভি...

March 20, 2025 3:21 PM

views 18

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু চৰকাৰে ২০১৪ চনৰ পৰাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছেঃ ভাগীৰথ চৌধুৰী

কেন্দ্ৰীয় চৰকাৰ কৃষকসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ক্ষেত্ৰত চৰকাৰে ২০১৪ চনৰ পৰাই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ভাগীৰথ চৌধুৰীয়ে আজি সদনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে প্রধানমন্ত্রী কিষাণ সন্মান নিধি ৰূপায়ণৰ জৰিয়তে শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। পাঞ্জাব চৰকাৰে শম্ভু আৰু খানৌৰী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা কৃষকসকলক স্থানান্তৰ কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শাসনত থকা আম আদমী পাৰ্ট...

March 20, 2025 3:14 PM

views 28

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভাৰ প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণ বিষয়ক লৈ ডি এম কেকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। লোকসভাত দিনৰ ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ডি এম কেৰ সাংসদসকলক প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰতিবাদৰ সময়ত টি চাৰ্ট পৰিধান কৰি অহা পৰিলক্ষিত হয়। সদনৰ সভাপতিয়ে প্ৰতিবাদৰত সদস্যসকলে এনে পোছাক পৰিধান কৰাৰ বিৰোধিতা কৰে। ডি এম কে আৰু কংগ্ৰেছৰ একাংশ সাংসদে পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি...

March 11, 2025 5:59 PM

views 14

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলৰ সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ত্ৰিভাষা নীতিক লৈ ডি এম কেৰ সাংসদসকলে আজি সংসদভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। দলটোৰ সাংসদ কানিমোঝিয়ে সংবাদ মাধ্যমৰ আগত তামিলনাডুৰ বাবে শিক্ষা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তেওঁ লগতে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কালি লোকসভাত তামিলনাডু চৰকাৰক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে ক্ষমা খোজাৰো দাবী জনায়। কেৰালাৰ ইউ ডি এফৰ সাংসদসকলেও আজি সংসদভৱনৰ বাহিৰত আশাকৰ্মীসকলৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমাধ্যমৰ সৈতে হোৱা কথাবতৰাত কংগ্ৰেছ সাংসদ কে বি ...

March 10, 2025 8:30 PM

views 20

বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন স্থগিত

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হোৱাৰ পাছতেই বিৰোধী পক্ষৰ প্ৰতিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সদন স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে পি এম শ্ৰী আঁচনি সন্দৰ্ভত প্ৰকাশ কৰা বক্তব্যৰ বিৰুদ্ধে ডি এম কে আৰু কংগ্ৰেছৰ সাংসদসকলে প্ৰতিবাদ জনায়। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌ...

March 9, 2025 8:22 PM

views 15

সোমবাৰৰ পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় কাইলৈ আৰম্ভ হ'ব। ৪ এপ্ৰিললৈ চলিবলগীয়া এই অধিবেশনত ২০ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কাইলৈ মণিপুৰৰ বাবে বিশেষ বাজেট উত্থাপন কৰাৰ কথা। যোৱা মাহত মুখ্যমন্ত্ৰী এন বিৰেন সিঙে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সম্প্ৰতি ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। এই পৰ্যায়ত ২০২৫-২৬ বৰ্ষৰ দাবীমঞ্জুৰী প্ৰস্তাৱ আৰু আনুসংগিক বিনিয়োজন বিধেয়ক সন্দৰ্ভত আলোচনা আৰু ভোটদান হ'ব। ইয়াৰ উপৰি বেংকিং আইন সংশোধনী বিধেয়ক, উপকূলীয় নৌ পৰিবহন বিধেয়ক, ত্ৰিভুৱন চহকাৰী বিশ্ববিদ্...

February 12, 2025 10:46 AM

views 30

সংসদৰ কাৰ্য বিৱৰণী বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব

সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে। এতিয়াৰে পৰা বড়োসহ ছটা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ'ব। ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হ'লে অতিৰিক...

February 3, 2025 6:13 PM

views 15

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত সংসদৰ উভয় সদনত হুলস্থূলীয়া পৰিবেশ

মহাকুম্ভ মেলাত সংঘটিত ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহে আলোচনাৰ দাবী উত্থাপন কৰাক কেন্দ্ৰ কৰি সংসদৰ উভয় সদনত আজি হুলস্থূলীয়া পৰিবেশৰ উদ্ভৱ হয়। লোকসভাত আজি পুৱা সদনৰ কাম-কাজ আৰম্ভ হোৱা সময়তে বিৰোধী দলসমূহে প্ৰয়াগৰাজৰ মহাকুম্ভত ব্যৱস্থাপনাৰ ক্ষেত্ৰত খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। সদনৰ অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত দিয়া তেওঁৰ ভাষণত মহাকুম্ভৰ বিষয়টো উল্লেখ কৰিছে। সাংসদসকলে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয...

January 31, 2025 10:34 AM

views 33

আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন

■ সংসদৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক উদ্দেশি দিয়া ভাষণ দিব। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সদনত অর্থনৈতিক সমীক্ষা দাখিল কৰিব। বিত্তমন্ত্ৰী সীতাৰমনে কাইলৈ সংসদত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব। সোমবাৰে ৰাজ্যসভা আৰু লোকসভাত ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বাজেট অধিৱেশনৰ সময়ছোৱাত বিত্ত বিধেয়ক ২০২৫, ৱাল্ফ সংশোধনী বিধেয...

January 30, 2025 3:36 PM

views 25

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত নিশা ৯.৩০ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনব’ৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অ...