December 5, 2025 4:33 PM December 5, 2025 4:33 PM

views 9

ৰাজ্যসভাত বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন বিৰোধী সদস্যসকলৰ

■ ৰাজ্যসভাত আজি বিৰোধী পক্ষৰ সদস্যসকলে দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে এই সম্পৰ্কত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ব্যক্তিগত বিমানসেৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। ইপিনে, ৰাজ্যসভাৰ প্ৰশ্নকালত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'ললাইনৰ নিৰ্মাণকাৰ্য, সুৰক্ষা আদি সন্দৰ্ভত কেইবাগৰাকীও সদস্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। অসমৰ ...

December 4, 2025 8:44 PM December 4, 2025 8:44 PM

views 11

কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ দুয়োখন সদনৰ অনুমোদন লাভ

ৰাজ্যসভাই আজি কেন্দ্ৰীয় আবকাৰি শুল্ক সংশোধনী বিধেয়ক ২০২৫ গ্ৰহণ কৰি লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বিধেয়কখনে দুয়োখন সদনৰ অনুমোদন লাভ কৰে। এই বিধেয়কখনৰ জৰিয়তে ১৯৪৪ চনৰ কেন্দ্ৰীয় আবকাৰি শুল্ক আইনৰ সংশোধন কৰিব বিচৰা হৈছে। ইয়াৰ জৰিয়তে বিশেষকৈ চিগাৰেট, চিগাৰ, হোকাত ব্যৱহাৰ কৰা মলা ধপাত, সুগন্ধি ধপাত, জর্দাসহ সকলো ধপাতৰ ওপৰত আৰোপিত আবকাৰি শুল্ক আৰু উপকৰ বৃদ্ধি কৰিব বিচৰা গৈছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আজি লোকসভাত এই বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত বিধেয়ক সন্দৰ্ভত হোৱা আলো...

December 4, 2025 6:42 PM December 4, 2025 6:42 PM

views 9

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

ৰাজ্যত অহা ৬ মাহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় সংযোগী পথৰ মেৰামতিৰ কাম কৰা হ'ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাত আজি শূন্যকালত সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে সদৰি কৰে। তেওঁ লগতে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ চাৰিটা লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামো শীঘ্ৰে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। পথছোৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনক জানিবল...

December 4, 2025 6:26 PM December 4, 2025 6:26 PM

views 6

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনাৰ পৰা চৰকাৰে আঁতৰি ফুৰিছে বুলি অনা অভিযোগক খণ্ডন জে পি নাড্ডাৰ

বিৰোধী পক্ষই তেওঁলোকে উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা চৰকাৰ আঁতৰি ফুৰিছে বুলি অনা অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই খণ্ডন কৰিছে। কংগ্ৰেছ দলৰ সদস্য তথা ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাগেই উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত শ্ৰী নাড্ডাই আজি সদনত কয়, যে সংসদত যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু ই বিৰোধীয়ে দাবী কৰা বিষয়সমূহক লৈ আলোচনা কৰাৰ পৰা আঁতৰি ফুৰা নাই। শ্ৰী নাড্ডাই লগতে সংসদৰ যোৱাবাৰৰ অধিৱেশনত চৰকাৰে আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া ...

December 3, 2025 4:01 PM December 3, 2025 4:01 PM

views 9

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

December 3, 2025 12:32 PM December 3, 2025 12:32 PM

views 8

দেশত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে

ভাৰতত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ লোকৰ হাৰ ২০১৫ চনত প্ৰতি ১ লাখত ২৮ জনৰ পৰা ২০২৪ চনত প্ৰতি লাখত ২১ জনলৈ হ্ৰাস পাইছে বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই প্ৰকাশ কৰিছে। টি বি মুক্ত ভাৰত অভিযানৰ বিষয়ে নতুন দিল্লীত সদনৰ সম্প্ৰসাৰিত ভৱনৰ সভাগৃহত অনুষ্ঠিত বৈঠকত সাংসদসকলক উদ্দেশ্যি দিয়া এটা ভাষণত শ্ৰীনাড্ডাই যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সাংসদসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। তেওঁ সাংসদসকলক তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত এই অভিযানৰ অগ্ৰগতি নিৰীক্ষণ কৰ...

December 3, 2025 12:25 PM December 3, 2025 12:25 PM

views 9

অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত

সংসদত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লগতে নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত দুয়ো পক্ষই আলোচনাৰ বাবে সন্মত হোৱাৰ পাছত চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজৰ অচলাৱস্থা দূৰ হৈছে। দুদিন ধৰি চলা হুলস্থূলীয়া পৰিৱেশ আৰু বিশৃংখলাতৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যকৰী পৰামৰ্শ সমিতিৰ এখন বৈঠকত অহা ৯ আৰু ১০ ডিচেম্বৰত সংসদৰ নিম্ন সদনত নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত ১০ ঘণ্টা জোৰা আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকতে ৮ ডিচেম্বৰত দিনৰ ১২ বজাৰ পৰা বন্দে মাতৰমৰ ডেৰশ সংখ্যক বার্ষিকী সন্দৰ্ভতো বিশেষ আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী...

December 3, 2025 11:12 AM December 3, 2025 11:12 AM

views 13

২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি লোকপিয়ল কৰা হ'ব। ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ পাছতে এই কাম আৰম্ভ কৰা হ'ব। কালি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰত গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ প্ৰথম পৰ্যায় আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীত দ্বিতীয় পৰ্যায়ৰ লোকপিয়ল কৰা হ'ব। লোকপিয়লৰ ভিত্তি তাৰিখ ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা নিৰ্ধাৰণ কৰা হ'ব

December 1, 2025 12:42 PM December 1, 2025 12:42 PM

views 11

সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়: প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হৈছে। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থৱহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ...

December 1, 2025 10:25 AM December 1, 2025 10:25 AM

views 23

আজিৰে পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ

● সংসদৰ শীতকালীন অধিবেশন আজি আৰম্ভ হ'ব। ১৯ দিন ধৰি চলিবলগীয়া এই অধিবেশনত ১৫ খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ শীতকালীন অধিবেশনত মুঠ ১৩ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্প'ৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক ২০২৫ আছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিবেশনত ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক ...